ETV Bharat / international

বিশ্ব শিক্ষাৰ্থী দিৱস: জনগণৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামক স্মৰণ - WORLD STUDENTS DAY

APJ Abdul Kalam: ৰাষ্ট্ৰসংঘই ২০১০ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামৰ জন্মদিন ১৫ অক্টোবৰক বিশ্ব শিক্ষাৰ্থী দিৱস হিচাপে ঘোষণা কৰে ।

APJ Abdul Kalam
বিশ্ব শিক্ষাৰ্থী দিৱস (ETV Bharat /FILE)
author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 8:18 AM IST

বিশেষ প্ৰতিবেদন, ১৫ অক্টোবৰ : প্ৰাক্তন ৰাষ্ট্ৰপতি, শিক্ষাবিদ আৰু বিজ্ঞানী প্ৰয়াত ড৹ এ পি জে আব্দুল কালামৰ স্মৃতিত ১৫ অক্টোবৰত বিশ্ব শিক্ষাৰ্থী দিৱস পালন কৰা হয় । ৰাষ্ট্ৰসংঘই তেওঁৰ জন্মদিন ১৫ অক্টোবৰক ২০১০ চনত 'বিশ্ব শিক্ষাৰ্থী দিৱস' হিচাপে ঘোষণা কৰিছিল ।

ছাত্ৰ সমাজ আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদানক সন্মান জনোৱাৰ বাবে ভাৰতে কালামৰ জন্মজয়ন্তী উদযাপন কৰে । "জনগণৰ ৰাষ্ট্ৰপতি" বুলি সম্বোধন কৰি তেওঁৰ জন্ম জয়ন্তী শিক্ষাৰ্থী দিৱস হিচাপে পালন কৰা হয় । ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত তেওঁৰ জন্ম হয় । এই বছৰ, দেশখনে তেওঁৰ ৯৩ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিব ।

বিশ্ব শিক্ষাৰ্থী দিৱস উদযাপনৰ কাৰণ

  • আব্দুল কালামৰ মুখ্য অৱদান, তেওঁৰ সফলতা আৰু শিক্ষাৰ্থীসকলক তেওঁ দিয়া অনুপ্ৰেৰণাক সন্মান জনোৱা এই দিৱসৰ অন্যতম লক্ষ্য ।
  • শিক্ষাৰ্থীসকল তেওঁৰ অন্তৰ্দৃষ্টিপূৰ্ণ বক্তৃতা আৰু শিক্ষাদানৰ প্ৰতি আগ্ৰহী আছিল, যাৰ দ্বাৰা তেওঁলোকে সৰ্বশ্ৰেষ্ঠ হ'বলৈ যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছিল ।
  • তেওঁ সদায় বিচাৰিছিল যে শিক্ষাৰ্থীসকল দেশৰ ভৱিষ্যৎ হওক আৰু তেওঁলোকৰ আগুৱাই যোৱাৰ চিন্তাধাৰাই আমাৰ দেশক প্ৰতিটো ক্ষেত্ৰতে শীৰ্ষ পৰ্যায়লৈ লৈ যোৱাত সহায় কৰিব ।
  • আন সকলো ক্ষেত্ৰত থকা ভূমিকাৰ উপৰিও তেওঁ নিজকে এগৰাকী শিক্ষক হিচাপে পৰিচয় দি ভাল পাইছিল ।
  • তেওঁ যুক্তি দিছিল যে সমাজ গঢ়িব পৰা শিক্ষাৰ্থীসকলক দক্ষ হোৱাটো নিশ্চিত কৰা শিক্ষকসকলৰ অন্যতম কৰ্তব্য ।
  • তেওঁ সদায় শিক্ষাৰ্থীসকলৰ মাজত জীৱনৰ বাবে এক দৃষ্টিভংগী আৰু নীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিটো তেওঁলোকে গোটেই জীৱন প্ৰয়োগ কৰিব পাৰে ।
  • তেওঁ শিক্ষা আৰু শিক্ষাৰ্থীসকলৰ জীৱন উন্নত কৰাৰ বাবে গোটেই জীৱন কাম কৰিছিল ।

শিক্ষাৰ্থী দিৱসৰ তাৎপৰ্য

কালামৰ জন্মদিনৰ উপৰিও, এই দিনটোৰ তাৎপৰ্য তলত উল্লেখ কৰা হ'ল :

• ই শিক্ষাৰ মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে

• শিক্ষাৰ মৌলিক অধিকাৰ উদযাপন কৰা

• ড৹ এ পি জে আব্দুল কালামৰ উল্লেখযোগ্য সাফল্যক সন্মান জনোৱা

• শিক্ষাৰ্থীসকলৰ প্ৰতি থকা কালামৰ মৰম আৰু ভালপোৱাক স্মৰণ কৰা

ড৹ এ পি জে আব্দুল কালামৰ অৱদান

এগৰাকী অভূতপূৰ্ব শিক্ষক, মহান বিজ্ঞানী আৰু এজন জনসাধাৰণৰ ৰাষ্ট্ৰপতি, তেওঁ ভাৰতৰ বহুতো প্ৰযুক্তিৰ আঁৰত চালিকা শক্তি হৈ আহিছে । তেওঁৰ কেইটামান গুৰুত্বপূৰ্ণ অৱদান হৈছে :

• তেওঁ ভাৰতৰ প্ৰথম থলুৱা উপগ্ৰহ উৎক্ষেপণ বাহন নিৰ্মাণ কৰাত সহায় কৰিছিল

• তেওঁ দুটা 'মিছাইল প্ৰকল্প'ৰ প্ৰকল্প সঞ্চালক হৈছিল যাৰ উদ্দেশ্য আছিল সফল এছএলভি কাৰ্যসূচীৰ প্ৰযুক্তিৰ দ্বাৰা বেলিষ্টিক মিছাইল নিৰ্মাণ কৰা

• তেওঁ ডিআৰডিঅ'ত থলুৱা মিছাইল নিৰ্মাণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল

• তেওঁ বহুতো পাৰমাণৱিক পৰীক্ষাৰ আঁৰত আছিল । উদাহৰণ স্বৰূপে, পোখৰানত (১৯৯৮) কৰা এটা পৰীক্ষাই ভাৰতক পাৰমাণৱিক অস্ত্ৰৰ ৰাষ্ট্ৰ হিচাপে বিশ্বৰ সন্মুখত চিনাকি কৰাই দিছিল

• তেওঁ 'কালাম-ৰাজু-ষ্টেণ্ট' নামেৰে জনাজাত এক কম খৰচী কৰ'নেৰী ষ্টেণ্ট ডিজাইন কৰাত সহায় কৰিছিল যাৰ ফলত স্বাস্থ্যসেৱা সকলোৰে বাবে উপলব্ধ হয়

• তেওঁ ভাৰতৰ লাইট কমবেট এয়াৰক্ৰাফ্ট প্ৰকল্পত জড়িত আছিল

• কালাম আৰু ড॰ সোমা ৰাজুৱে ২০১২ চনত গ্ৰামাঞ্চলৰ দুখীয়া লোকসকলৰ স্বাস্থ্যৰ যত্ন ল'বলৈ এক শক্তিশালী টেবলেট কম্পিউটাৰ সাজি উলিয়াইছিল

ড৹ এ পি জে আব্দুল কালামে লাভ কৰা বঁটা

• ভাৰত ৰত্ন (১৯৯৭)

• ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংহতি বঁটা (১৯৯৭)

• পদ্ম বিভূষণ (১৯৯০)

• পদ ভূষণ (১৯৮০)

• বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে ৰজা চাৰ্লছ-দ্বিতীয় পদক (২০০৭)

২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত বক্তৃতা প্ৰদান কৰি থকা অসুস্থ হৈ পৰে আৰু তেওঁৰ মৃত্যু হয় ।

সকলোৰে বাবে অনুপ্ৰেৰণা :

কালামে সদায় তেওঁৰ শিক্ষাৰ্থীসকলক সৰ্বশ্ৰেষ্ঠ হ'বলৈ উৎসাহিত কৰিছিল । "যদি আপুনি বিফল হয়, কেতিয়াও এৰি নিদিব কিয়নো বিফলতাৰ অৰ্থ হৈছে 'শিকাৰ প্ৰথম প্ৰয়াস', শেষ মান সমাপ্তি নহয়, ইয়াৰ অৰ্থ হৈছে 'প্ৰচেষ্টা কেতিয়াও বন্ধ হ'ব নালাগে", "যদি আপুনি উত্তৰ নাপায়, মনত ৰাখিব তাৰ অৰ্থ হৈছে 'পৰৱৰ্তী সুযোগ', গতিকে ইতিবাচক হওক"।

কালামে বিচাৰিছিল যে বিশ্বই তেওঁক এজন শিক্ষক হিচাপে মনত ৰাখিব । এগৰাকী ৰাষ্ট্ৰপতি হিচাপে তেওঁক শিক্ষাৰ্থী, শিশু আৰু শিক্ষকসকলে যথেষ্ট সন্মান কৰিছিল । তেওঁ বক্তৃতা অনুষ্ঠানত অংশ লৈ আৰু নতুন ধাৰণাৰ বিষয়ে জানিবলৈ আগ্ৰহী আছিল । তেওঁৰ বিখ্যাত উক্তি "সপোন দেখিবলৈ, আপোনাৰ এটা সপোন থাকিব লাগিব" । ইয়াৰ দ্বাৰা নতুন প্ৰজন্মক তেওঁলোকৰ আবেগ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল ।

নীতি আৰু ধাৰণাসমূহৰ প্ৰতি কালামৰ প্ৰতিশ্ৰুতি তেওঁৰ কৰ্তব্যৰ বাহিৰত আছিল, যাৰ বাবে তেওঁৰ জন্মদিনক বিশ্ব শিক্ষাৰ্থী দিৱস হিচাপে স্বীকৃতি দিয়া যুক্তিসংগত ।

ড৹ এ পি জে আব্দুল কালামৰ উক্তি

  • "বিজ্ঞান মানৱ সমাজৰ বাবে এক সুন্দৰ উপহাৰ; আমি ইয়াক বিকৃত কৰা উচিত নহয় ।"
  • "সৰু লক্ষ্য এক অপৰাধ; লক্ষ্য ডাঙৰ হ'ব লাগে ।"
  • "মানুহক বিফলতাৰ প্ৰয়োজন কিয়নো সফলতা উপভোগ কৰিবলৈ সেইবোৰৰ প্ৰয়োজনীয় ।"
  • "আমাৰ সন্তানে ভাল ভৱিষ্যতৰ বাবে আহক আমি আমাৰ বৰ্তমানক ত্যাগ কৰো ।"
  • "আপোনাৰ সপোনবোৰ সঁচা হোৱাৰ পূৰ্বে আপুনি সপোন দেখিব লাগিব ।"

লগতে পঢ়ক :মঙলবাৰে অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক: দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.