ETV Bharat / state

উচ্চতম ন্যায়ালয়ৰ ৰায়ে অন্ত পেলালে অসম চুক্তিক লৈ হিমন্ত বিশ্ব শৰ্মাই দেখুওৱা ভয়-ভাবুকিৰ: ৰকিবুল হুছেইন

Assam Accord: বিদেশী চিনাক্তকৰণক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় । উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি সাংসদ ৰকিবুল হুছেইনৰ ৷

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Assam Accord
উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি সাংসদ ৰকিবুল হুছেইনৰ (ETV Bharat Assam)

নগাঁও, 18 অক্টোবৰ : "অসম চুক্তিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ ভিতৰে-বাহিৰে উপলুঙা কৰি কৰিছিল । বিভিন্নজনক ভয়-ভীতি প্ৰদৰ্শন কৰিছিল । কিন্তু বিদেশী চিনাক্তকৰণক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেখুওৱাই অহা ভয়-ভাবুকিৰ অন্ত পেলালে ।" এই মন্তব্য ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ ।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে বিদেশী চিনাক্তকৰণক লৈ প্ৰদান কৰা ঐতিহাসিক ৰায়দানক আদৰণি জনাই অসম চুক্তি আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়দানক লৈ কেবাটাও মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে । বৃহস্পতিবাৰে নগাঁৱত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন ।

লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত সমাধান কৰা হ’ব অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা

লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি এ আই ইউ ডি এফৰ

মন্ত্ৰী পীযুষ হাজৰীকাই ৰকিবুল হুছেইনক সমালোচনা কৰা সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত নাম উচ্চাৰণ নকৰাৰকৈ ৰকিবুল হুছেইনে মন্তব্য কৰে । বৰ্তমানৰ এইগৰাকী মন্ত্ৰীৰ প্ৰথম গাড়ীখন চৰকাৰী আঁচনিৰ জৰিয়তে ৰকিবুল হুছেইনেই দিয়া বুলি কটাক্ষ ।

"তেতিয়া এইজনৰ লগতে তেওঁৰ ভায়েককো সহায় কৰি সেই সময়ত পাপ কৰিছিলো । সেই কাৰণে এতিয়া পৰাচিত হৈছে ।" চামগুৰিত সংঘটিত প্ৰাক্ নিৰ্বাচনী হিংসাৰ বাবে একাংশ আৰক্ষীৰ বিৰুদ্ধে নিৰ্লিপ্ততাৰো অভিযোগ উত্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে ।

চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনত এ আই ইউ ডি এফ দলেও প্ৰাৰ্থিত্ব প্ৰদানৰ কুচকাৱাজ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰকিবুল হুছেইনে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এ আই ইউ ডি এফৰ চৰ্দাৰ আখ্যা দি মুখ্যমন্ত্ৰীয়ে বিচাৰিলে এ.আই.ইউ.ডি.এফ.এ চামগুৰিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি আজমলক কটাক্ষ কৰে ৰকিবুল হুছেইনে ।

লগতে পঢ়ক : বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত এক বাস্তৱ সিদ্ধান্ত: অতুল বৰা

লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি বিমল বড়া, প্ৰশান্ত ফুকনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.