বিনামূলীয়াকৈ যোৰহাটবাসীৰ হাতত দীপ বৰাই তুলি দিছে একোটিকৈ তুলসীৰ পুলি - KATI BIHU 2024
🎬 Watch Now: Feature Video


Published : Oct 17, 2024, 12:53 PM IST
যোৰহাট, 17 অক্টোবৰ : আজি কাতি বিহু । আজিৰ দিনটোত চৰ্চালৈ আহিছে যোৰহাট এজন বিশেষ ব্যক্তি, নাম দীপ বৰা । কাতি বিহুৰ সন্ধিয়া তুলসীৰ তলত এগছি বন্তি প্ৰজ্বলনৰ বাবে তেওঁ বিনামূলীয়াকৈ যোৰহাটবাসীৰ হাতত তুলি দিছে একোটিকৈ তুলসীৰ পুলি ৷
দীপ বৰাই উল্লেখ কৰা মতে, বৰ্তমান যোৰহাটত পাবলৈ নোহোৱা হৈছে তুলসীৰ পুলি ৷ সেয়ে তেওঁৰ বাৰীতে সহজে পোৱা প্ৰায় 1000ৰো অধিক তুলসী পুলি নগৰলৈ আনে ৷ তাৰ পাচত তেওঁ পুৱা ভাগৰ পৰাই জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত এখন গাড়ীত পুলিসমূহ ৰাখি পথচাৰীক সেইসমূহ বিনামূলীয়াকৈ বিতৰণ কৰে ৷ উক্ত কাৰ্যত ৰাইজেও যথেষ্ট সঁহাৰি জনোৱা পৰিলক্ষিত হয় ৷
সকলোৰে জ্ঞাত যে, কাতি বিহুৰ সন্ধিয়া তুলসীৰ তলত বন্তি জ্বলোৱাটো অসমীয়াৰ প্ৰাচীন পৰম্পৰা । সেয়ে সন্ধিয়া সকলোৱে লগে-ভাগে তুলসীৰ তলত প্ৰাৰ্থনা কৰি, মাহ-প্ৰসাদ খাই কাতি বিহু উদযাপন কৰে ।