ETV Bharat / state

মিঠা কমলাৰ গোন্ধত আমোলমোল বিশ্বনাথ; ছটা জাতৰ কমলাই দখল কৰিছে ৰাজ্যৰ বজাৰ

Sweet orange in Assam: টেঙা-মিঠা নহয়, এইবাৰ আপুনি বছৰৰ অধিকাংশ সময়তে ল’ব পাৰিব মিঠা কমলাৰ সোৱাদ ৷ কিন্তু ক’ত জানেনে...

Six different varieties of sweet oranges are available in Biswanath
মিঠা কমলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 18, 2024, 9:42 AM IST

তেজপুৰ, ১৮ অক্টোবৰ : এতিয়া কমলাৰ বতৰ । টেঙা-মিঠা কমলাৰ সোৱাদ নিশ্চয় আপুনিও লৈছে ৷ এতিয়াৰ পৰা আপুনি মিঠা কমলাৰ সোৱাদ ল’ব পাৰিব অসমতে ৷ আজিৰ এই প্ৰতিবেদন লৈ আহিছো কমলা খাই ভালপোৱা লোকসকলৰ বাবে ৷ অসমৰ বিশ্বনাথ জিলাত উপলব্ধ হৈছে ছটা বিভিন্ন জাতৰ মিঠা কমলা ।

প্ৰকৃততে নাগপুৰৰ আইচিআৰ-চেণ্ট্ৰেল চাইট্ৰাছ ৰিচাৰ্চ ইনষ্টিটিউটৰ (ICAR- Central Citrus Research Institute) আঞ্চলিক কাৰ্যালয়ে বাণিজ্যভাৱে অসমৰ বিশ্বনাথ জিলাত ছটা জাতৰ কমলাৰ খেতি কৰিছে ৷ যাৰ ফলত কমলা খাই ভালপোৱা লোকসকলে অসমতেই ল’ব পাৰিব বিভিন্ন জাতৰ মিঠা কমলাৰ অনন্য সোৱাদ ।

মিঠা কমলাৰ বাগান (ETV Bharat Assam)

নাগপুৰৰ ICAR-CCRI ত বছৰ বছৰ ধৰি কৰা গৱেষণামূলক প্ৰচেষ্টাৰ ফলতে এই মিঠা কমলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ জাত চিনাক্ত কৰা হৈছে । বিশ্বনাথ চাৰিআলিৰ ৰিজিঅ’নেল ৰিচাৰ্চ চেণ্টাৰ ফৰ চাইট্ৰাছ (আৰ আৰ চি চি)টো এই জাতসমূহৰ ৰক্ষণাবেক্ষণ আৰু মূল্যায়ন কৰি অঞ্চলটোৰ প্ৰচলিত কৃষি জলবায়ুৰ অৱস্থাত ইয়াৰ কাম-কাজ পৰ্যবেক্ষণ কৰা হৈছে ।

ICAR-CCRI, IRCC বিশ্বনাথ চাৰিআলিৰ জ্যেষ্ঠ বিজ্ঞানী, ফল বিজ্ঞান বিভাগৰ ড৹ ইভিনিং ষ্টোন মাৰ্বোহে ইটিভি ভাৰতৰ আগত কয়, "ICAR-CCRI য়ে কেইবছৰ পূৰ্বে বিশ্বনাথ চাৰিআলিত ছাইট্ৰাছৰ আঞ্চলিক গৱেষণা কেন্দ্ৰ স্থাপন কৰিছিল । এই কেন্দ্ৰত মুঠ ৩৯ বিধ বিভিন্ন ছাইট্ৰাছ জাতৰ মুঠ ১২০০ ৰো অধিক গছ উপলব্ধ ৷’’

Six different varieties of sweet oranges are available in Biswanath
মিঠা কমলা (ETV Bharat Assam)

"উত্তৰ-পূবত বিশেষকৈ অসমত মিঠা কমলা অগতানুগতিক হ'লেও ইয়াৰ বিশেষ সম্ভাৱনা আছে । অঞ্চলটোত উদ্যান শস্যৰ বিস্তৃত শৃংখলৰ খেতি হোৱাৰ পাছতো বাণিজ্যিক পৰ্যায়ত মাত্ৰ কেইটামানহে খেতি কৰা হয় । বিশ্বনাথ চাৰিআলিত মূল্যায়ন কৰা মিঠা কমলাৰ জাতে যথেষ্ট প্ৰতিশ্ৰুতি দেখুৱাইছে ৷’’ তেওঁ কয় ।

এই জাতবোৰৰ ভিতৰত টি এম-৩৩ আৰু ৱেষ্টিন (অক্টোবৰ) মাহৰ আগতীয়াকৈ পূৰঠ হোৱা জাতৰ পৰা আৰম্ভ কৰি কাটাৰ ভেলেন্সিয়া আৰু নাটাল (জানুৱাৰী-ফেব্ৰুৱাৰী)ৰ দৰে পলমকৈ পূৰঠ হোৱা প্ৰকাৰলৈকে আছে ৷ এই ভিন্নতাৰ বাবেই ফলৰ উপলব্ধতা দীৰ্ঘ সময়ৰ বাবে বৃদ্ধি কৰাৰ সুযোগ প্ৰদান কৰে ।

কাটাৰ ভেলেন্সিয়া আৰু ভেলেন্সিয়া কম বীজযুক্ত জাত হোৱাৰ বাবে প্ৰক্ৰিয়াকৰণৰ বাবে অতি উপযোগী ৷ আনহাতে সতেজ ফলৰ বজাৰত ইয়াৰ চাহিদা বৃদ্ধিত সহায় কৰিব পাৰে বুলি আশা প্ৰকাশ কৰিছে ড৹ ইভিনিং ষ্টোন মাৰ্বোহে ।

ICAR-CCRI ৰ বিষয়াজনে কয় যে উত্তৰ-পূব ভাৰতৰ ছাইট্ৰিক শস্যত এই মিঠা কমলাৰ জাতসমূহৰ সংযোগে আঞ্চলিক ছাইট্ৰাছ উদ্যোগক শক্তিশালী কৰাই নহয়, মূল্যৱান শস্যৰ বৈচিত্ৰও যোগ কৰে, যিয়ে অঞ্চলটোৰ অৰ্থনৈতিক আৰু কৃষি উভয়তে ফচল বৃদ্ধিত অৰিহণা যোগাব ।

লগতে পঢ়ক : আমি কোন সময়ত ফল-মূল খোৱা উচিত ? জানি লওক পুষ্টিবিদৰ পৰা

লগতে পঢ়ক : ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ পৰা শৰীৰ সতেজ কৰি ৰখালৈকে লাভদায়ক এইসমূহ ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.