ETV Bharat / international

হামাছৰ শীৰ্ষ নেতা শ্বিনৱাৰক হত্যা; ভিডিঅ’ প্ৰকাশ কৰি এই দাবী ইজৰাইলৰ

Yahya Sinwar Killed: ইজৰাইলে হামাছৰ শীৰ্ষ নেতা ইয়াহ্যা শ্বিনৱাৰক হত্যা কৰা বুলি দাবী কৰিছে ৷ ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’ ৷

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Yahya Sinwar
Yahya Sinwar Killed (AP)

নিউজ ডেস্ক, 18 অক্টোবৰ: ইজৰাইলৰ বৈদেশিক মন্ত্ৰীয়ে বৃহস্পতিবাৰে নিশ্চিত কৰে যে গাজাত ইজৰাইলী বাহিনীয়ে হত্যা কৰিছে হামাছৰ শীৰ্ষ নেতা ইয়াহ্যা শ্বিনৱাৰক । ইয়াৰ পূৰ্বে ইজৰাইলৰ সেনাই গাজাত সামৰিক অভিযানত শ্বিনৱাৰ নিহত হৈছে নে নাই সেই বিষয়ে তদন্ত কৰি থকা বুলি কোৱাৰ বিপৰীতে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে ইজৰাইলে বিদ্যালয়ৰ আৱাসগৃহত চলোৱা বিমান আক্ৰমণত নিহত হৈছে শ্বিনৱাৰৰ, য’ত পাঁচটা শিশুকে ধৰি কমেও ১৫ জন লোক নিহত হৈছে ৷

সেনাই এক বিবৃতিত গাজাত অভিযানৰ সময়ত তিনিজন উগ্ৰপন্থী নিহত হোৱা বুলি কয় যদিও তেওঁলোকক ক’ত হত্যা কৰা হৈছে সেই বিষয়ে বিশদভাৱে কোৱা নাই । তিনিওজনৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই যদিও ইয়াৰে এজন শ্বিনৱাৰ হ’ব পাৰে ৷ এই সম্পৰ্কে তদন্ত কৰি আছে বুলিও কয় সেনাৰ সূত্ৰই ।

২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ অন্যতম মূল নায়ক আছিল শ্বিনৱাৰ আৰু ইজৰাইলে গাজাত প্ৰতিশোধমূলক অভিযান আৰম্ভ কৰাৰ পৰাই তেওঁক হত্যা কৰাৰ প্ৰতিশ্ৰুতি দিছিল । গোটেই যুদ্ধৰ সময়ছোৱাত শ্বিনৱাৰে আত্মগোপন কৰি আছিল ।

শেহতীয়াকৈ প্ৰকাশিত এটা ভিডিঅ’ ফুটেজত দেখা গৈছে যে হামাছৰ নেতা ইয়াহিয়া শ্বিনৱাৰে ইজৰাইল বাহিনীক প্ৰত্যাহ্বান জনাইছে । ড্ৰোন ফুটেজত দেখা গৈছে শ্বিনৱাৰে কুফিয়াঃ পিন্ধি ধূলিৰে পোত খাই আছিল । ফুটেজটোৰ আকৰ্ষণীয় দিশটো হ’ল যে গুৰুতৰভাৱে আহত হোৱাৰ পাছতো তথা আইডিএফৰ সৈন্যই ঘেৰি ৰখাৰ পাছতো তেওঁ ইজৰাইলী ড্ৰ’নখনক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল ।

মৃত্যু কাষ চাপি অহাৰ সময়তো তেওঁৰ দৃঢ়তাই জায়নিষ্ট দখলৰ বিৰুদ্ধে তেওঁৰ তীব্ৰ প্ৰতিৰোধৰ কথা প্ৰকাশ কৰে । এই ভিডিঅ’টোত শ্বিনৱাৰৰ উগ্ৰ মনোভাৱ আৰু গাজাৰ জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতা বন্দী কৰা হৈছে । ই অঞ্চলটোৰ সংঘাতৰ জটিল আৰু মৰ্মান্তিক স্বৰূপৰ সোঁৱৰণী । এই ফুটেজটো গাজাৰ বহু লোকে সন্মুখীন হোৱা সংগ্ৰামৰ এক শক্তিশালী প্ৰমাণৰ প্ৰতীক যেন লাগে ।

শেষ মুহূৰ্তত তেওঁক দেখা গৈছিল যে অট্টালিকাটো ধ্বংসস্তূপত পৰিণত হোৱাৰ বাবে মুখখন ঢাকি তেওঁ চোফা এখনত বহি আছিল, সম্ভৱতঃ ইজৰাইলী বিমান আক্ৰমণৰ পাছত । ফুটেজ উপস্থাপন কৰি আইডিএফৰ মুখপাত্ৰ আৰ. এডমি. ডেনিয়েল হাগাৰীয়ে কয় যে শ্বিনৱাৰৰ হাতত গুলীৰ আঘাতৰ চিন আছে ।

"তেওঁক শেষ মুহূৰ্তত ইয়াত দেখা যায়, মুখখন ঢাকি, ড্ৰ'নখনলৈ কাঠৰ টুকুৰা নিক্ষেপ কৰা । আমি তেওঁক এটা অট্টালিকাৰ ভিতৰত সন্ত্ৰাসবাদী বুলি চিনাক্ত কৰিলোঁ, বিল্ডিঙত গুলীচালনা কৰিলোঁ আৰু তাৰ পাছত ভিতৰলৈ গৈ বিচাৰিলোঁ । আমি তেওঁক এটা গেঞ্জী, এটা পিষ্টল আৰু ৪০ হাজাৰ ইজৰাইলী মুদ্ৰাৰ সৈতে পাইছিলোঁ, তেওঁ পলাই আছিল আৰু আমাৰ বাহিনীয়ে তেওঁক হত্যা কৰিছিল ।’’ হাগাৰীয়ে সাংবাদিকৰ আগত কয় ।

হাগাৰীয়ে কয় যে গাজাত সাধাৰণ নাগৰিকৰ আঁৰত আত্মগোপন কৰি ইজৰাইলৰ সৈতে যুদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল ইয়াহ্যা শ্বিনৱাৰে । আগষ্ট মাহত ছয় ইজৰাইলী পণবন্দী লোকৰ মৃতদেহ উদ্ধাৰ হোৱা একেটা কমপ্লেক্স ৰাফাহৰ এটা সুৰংগৰ ভিতৰত আছিল শ্বিনৱাৰ । আইডিএফ আৰু শ্বিন বেটে দমন কাৰ্যসূচী আৰম্ভ কৰি মাটিৰ তলৰ কোঠাটোৰ পৰা ডিএনএৰ নমুনা লয় । ইজৰাইলৰ বিষয়াসকলৰ মতে, শ্বিনৱাৰে হয়তো ছয়জন পণবন্দী লোকক সেই অঞ্চলৰ পৰা পলায়ন কৰাৰ সময়ত হত্যাৰ নিৰ্দেশ দিছিল । অৱশ্যে শ্বিনৱাৰৰ মৃত্যুৰ কথা এতিয়াও নিশ্চিত কৰা নাই হামাছে ।

লগতে পঢ়ক: ইজৰাইলৰ ওপৰত হিজবুল্লাহৰ আক্ৰমণ; ৪ আইডিএফ জোৱান নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.