thumbnail

ভাবিছিলোঁ চামগুৰিত অলপ প্ৰত্যাহ্বান আছে, কিন্তু এতিয়া ক্লীন হৈ গ'ল: পীযুষ হাজৰীকা

By ETV Bharat Assamese Team

Published : 3 hours ago

চমগুৰি, ১৭ অক্টোবৰ : ক্ৰমাৎ গৰম হৈ পৰিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বতাহ । একপ্ৰকাৰ দ্বিতীয় দিছপুৰলৈ পৰ্যৱসিত হৈছে এতিয়া চামগুৰি । কিয়নো দিনে-নিশাই চামগুৰিলৈ আগমন ঘটিছে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ ।

প্ৰভাৱশালী কংগ্ৰেছ নেতা তথা সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন যাতে কোনোপধ্যেই বিধানসভালৈ যাব নোৱাৰে তাৰ বাবে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কে আগ্ৰাসী ৰূপত বিজেপিৰ নিশ্চিত প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰত নামি পৰিছে ।

ইয়াৰ মাজতে ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাই চামগুৰিৰ ভৰাগুৰিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰকিবুল হুছেইনক তীব্ৰ আক্ৰমণ কৰে । মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "আমি ভাবি আছিলো চামগুৰিত আমাৰ অলপ প্ৰত্যাহ্বান হ'ব । কিন্তু কালি দেখিলোঁ যে চামগুৰি ক্লীন হৈ গ'ল ।... আমিয়েই চামগুৰিত জিকিম, জিকিম, জিকিমেই ।... আক্ৰমণ কৰিছে কংগ্ৰেছে । কংগ্ৰেছৰ এয়া স্বভাৱ, কংগ্ৰেছৰ এয়া চৰিত্ৰ ।... ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে এটা এটাকৈ পোটক তুলিম । তেখেত এজন প্ৰতিশোধপৰায়ণ ব্যক্তি ।"

তেওঁ লগতে কয়, "ৰকিবুল হুছেইনে বেলেগৰ উন্নতি দেখিব নোৱাৰে । তেখেত এজন প্ৰৰশ্ৰীকাতৰ লোক । পীযুষ হাজৰিকাৰ উন্নতিও এসময়ত বিচৰা নাছিল । বেলেগক দমন কৰি ৰাখিব বিচাৰে ।"

লগতে পঢ়ক :ভয়-ভাবুকিৰে ৰাইজৰ সিদ্ধান্তক পৰিৱৰ্তন কৰিব বিচাৰিছে কোনে ? ভূপেন বৰাৰ ব্যাখ্যা
লগতে পঢ়ক :25 বছৰে চামগুৰিত জংঘলৰাজ চলাই আহিছে ৰকিবুল হুছেইনে: আমিনুল ইছলাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.