thumbnail

নৃত্য কৰি থাকোতেই মঞ্চত ঢলি পৰি মৃত্যু ছাত্ৰীৰ

By ETV Bharat Assamese Team

Published : 3 hours ago

তেজপুৰ, ১৭ অক্টোবৰ : মঙলবাৰে লক্ষ্মী পূজাৰ আনন্দ-উল্লাসত মত্ত আছিল সমগ্ৰ ৰাজ্য ৷ ঠায়ে ঠায়ে আয়োজন কৰা হৈছিল সাংস্কৃতিক অনুষ্ঠানৰ ৷ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ গৰুডোবাত এনে এক সাংস্কৃতিক অনুষ্ঠানৰ সময়ত সংঘটিত হয় এক অনাকাংক্ষিত কৰুণ ঘটনা । মঞ্চত নৃত্য কৰি থকা অৱস্থাতেই হঠাৎ ঢলি পৰি অকাল মৃত্যুক সাৱটি লয় সৃজনা দেৱী (১৮) নামৰ এগৰাকী ছাত্ৰীয়ে  ৷ 

ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত স্নাতক বিজ্ঞান শাখাৰ প্ৰথম ষান্মাসিকত অধ্যয়ন কৰি আছিল সৃজনা ৷ আজি বেলশিৰি নৈৰ পাৰত ছাত্ৰীগৰাকীৰ শেষকৃত্য কৰা হয় ৷ ঘটনাৰ পিছত সম্প্ৰতি গৰুডোবাত শোকৰ ছাঁ পৰিছে । স্থানীয় একাংশ লোকে কোভিড ভেকচিনৰ ফলত এতিয়া বহুতো লোকে নিজৰ শাৰীৰিক ক্ষমতা হেৰুৱাইছে বুলিও অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: পৰীক্ষা কেনেকুৱা হ’ল সুধিবলৈ নাথাকিল মা, দুই ভাতৃ-ভগ্নীৰ জীয়া কাহিনীয়ে কন্দুৱাব আপোনাকো - Tragic incident in Barpeta

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.