অসম

assam

ETV Bharat / technology

সুখবৰ; দেশৰ 17 খনকৈ চহৰত মুকলি হ’ল ভোডাফোন আইডিয়াৰ 5G সেৱা - VODAFONE IDEA LIMITED LAUNCHED 5G

ভোডাফোন আইডিয়াই (Vi) বেংগালুৰু, মুম্বাই, নতুন দিল্লী, চেন্নাইকে ধৰি 17 খন চহৰত 5G সেৱা কৰা বুলি জানিব পৰা গৈছে ।

Vodafone Idea Limited (VIL) has launched 5G in all 17 licensed service areas (LSAs) in India: Report
সুখবৰ; দেশৰ 17 খনকৈ চহৰত মুকলি হ’ল ভোডাফোন আইডিয়াৰ 5G সেৱা (IANS)

By ETV Bharat Tech Team

Published : Dec 17, 2024, 2:30 PM IST

Updated : Dec 17, 2024, 5:21 PM IST

হায়দৰাবাদ: নৱবৰ্ষৰ পূৰ্বে ভোডাফোন ইণ্ডিয়াই ভাৰতত মুকলি কৰিছে 5G সেৱা ৷ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি টেলিকম সেৱা প্ৰদানকাৰী কোম্পানীটোৱে বেংগালুৰু, চেন্নাই, কলকাতা, মুম্বাই, নতুন দিল্লীকে ধৰি দেশৰ 17টাকৈ স্থানত 5G সেৱা আৰম্ভ কৰিছে । জানুৱাৰী মাহত কোম্পানীটোৰ শীৰ্ষ কাৰ্যবাহী বিষয়াগৰাকীয়ে 6-7 মাহৰ ভিতৰত 5G ৰোলআউট আৰম্ভ হ’ব বুলি কোৱাৰ পিছতে এই সেৱা আৰম্ভ কৰা হৈছে । 17 খন ভিন্ন চহৰত এই সেৱা উপলব্ধ হোৱাৰ বিপৰীতে 5G সংযোগ কেৱল নিৰ্দিষ্ট অঞ্চলতহে উপলব্ধ বুলি কোৱা হৈছে ।

ভোডাফোন আইডিয়া (Vi)-এ 17 খন চহৰত আৰম্ভ কৰিছে 5G সেৱা

টেলিকমটকৰ এক প্ৰতিবেদন অনুসৰি, VI য়ে এতিয়া সমগ্ৰ ভাৰতৰ 17টা লাইচেন্সড চাৰ্ভিচ এলেকা (এল এছ এ)ত 5G অপাৰেচন আগবঢ়াইছে । বৰ্তমান মুকলি কৰাটো “ক্ষুদ্ৰ পৰিসৰৰ” বুলি কোৱা হৈছে, কিয়নো এই চহৰসমূহৰ ভিতৰত নিৰ্দিষ্ট স্থানত নেটৱৰ্ক উপলব্ধ ।

প্ৰতিবেদন অনুসৰি Vi এ 3.3GHz আৰু 26GHz স্পেকট্ৰম দুয়োটাতে 5G স্থাপন কৰিছে । তদুপৰি এই সেৱা প্ৰিপেইড আৰু পোষ্টপেইড ব্যৱহাৰকাৰী দুয়োটাৰে বাবে উপলব্ধ বুলি কোৱা হৈছে । একাংশ ব্যৱহাৰকাৰীয়ে নিজৰ হেণ্ডছেটত 5G সেৱা সক্ৰিয় কৰাৰ স্ক্ৰীণশ্বটও শ্বেয়াৰ কৰিছে ।

মূল্যৰ প্ৰসংগত টেলিকম অপাৰেটৰটোৱে উল্লেখ কৰিছে যে প্ৰিপেইড ব্যৱহাৰকাৰীয়ে 5G সংযোগ কৰিবলৈ 475 পেকৰ ৰিচাৰ্জ কৰিব লাগিব । আনহাতে, পোষ্টপেইড ব্যৱহাৰকাৰীসকলে REDX 1101 প্লেন নিৰ্বাচন কৰিব লাগিব ।

স্থান 5g সেৱা উপলব্ধ এলেকা
ৰাজস্থান জয়পুৰ (গেলাক্সি চিনেমাৰ ওচৰত, মনছাৰোভাৰ ঔদ্যোগিক এলেকা, ৰিআইচিঅ')
হাৰিয়ানা কৰ্ণাল (HSIIDC, ঔদ্যোগিক এলেকা, খণ্ড-3)
কলকাতা ছেক্টৰ ভি, ছল্ট লেক
কেৰেলা থ্ৰিক্কাকাৰা, কক্কানাড
ইউ পি ইষ্ট লক্ষ্ণৌ (বিভূতি খাণ্ড, গোমতীনগৰ)
ইউ পি পশ্চিম আগ্ৰা (জে.পি. হোটেলৰ ওচৰত, ফাতেহাবাদ পথ)
মধ্য প্ৰদেশ ইন্দোৰ (ইলেক্ট্ৰনিক কমপ্লেক্স, পৰদেশীপুৰা)
গুজৰাট আহমেদাবাদ (দিব্য ভাস্কৰৰ ওচৰত, কৰ্পৰেট ৰোড, মকাৰবা, প্ৰহ্লাদনগৰ)
তেলেংগানা হায়দৰাবাদ (আইদা উপল, ৰঙা ৰেড্ডী)
পশ্চিম বংগ শিলিগুৰি (চিটি প্লাজা চেভোক ৰোড)
বিহাৰ পাটনা (অনিশাবাদ গোলাম্বাৰ)
মুম্বাই ৱৰ্লি, মৰল আন্ধেৰী ইষ্ট
কৰ্ণাটক বেংগালুৰু (ডেইৰী চাৰ্কল)
পঞ্জাৱ জলন্ধৰ (কোট কলন)
তামিলনাডু চেন্নাই (পেৰুংগুডি, নেছাপাক্কাম)
মহাৰাষ্ট্ৰ পুনে (শিৱাজী নগৰ)
দিল্লী ওখলা ঔদ্যোগিক এলেকা (পৰ্যায় ২), ইণ্ডিয়া গেট, প্ৰগতি ময়দান

ভোডাফোন ইণ্ডিয়াৰ মতে, Vi-এ বিহাৰত 26GHz বেণ্ড বা N258 বেণ্ড ৰোল আউট কৰা নাই । তালিকাভুক্ত আন সকলো চক্ৰতে এই স্পকট্ৰাম নিয়োগ কৰা বুলি কোৱা হৈছে ।

লগতে পঢ়ক: VIয়েও বৃদ্ধি কৰিলে ৰিচাৰ্জ প্লেনৰ দাম : ২১ শতাংশ পৰ্যন্ত বৃদ্ধি সেৱা কৰ - VI hikes recharge plan

জিঅ’, এয়াৰটেল, ভোডাফোন আইডিয়া - কোনে প্ৰদান কৰিছে উন্নত ৰিচাৰ্জ প্লেন ? - Reliance Jio vs Airtel vs Vi

আগন্তুক বছৰৰ আৰম্ভণিতে BSNL এ মুকলি কৰিব 5G সেৱা

Last Updated : Dec 17, 2024, 5:21 PM IST

ABOUT THE AUTHOR

...view details