গুৱাহাটী, ১৫ জুন: নিজৰ পচন্দৰ নতুন ম'বাইল বা লেপটপ আৰ্থিক সমস্যা বা বিভিন্ন কাৰণত ক্ৰয় কৰিব নোৱাৰি বহু লোকে নিজৰ সামৰ্থ অনুসাৰে পুৰণি ম'বাইল বা লেপটপ ক্ৰয় কৰে । পুৰণি ম'বাইল অথবা লেপটপ ক্ৰয় কৰাৰ পূৰ্বে সাৱধান হওক আপুনি । পুৰণি ম'বাইলটো ক্ৰয় কৰাৰ পূৰ্বে জানি লওক আপুনি কিনিব বিচৰা ম'বাইল, লেপটপটো চুৰিৰ নে যিগৰাকী লোকৰ পৰা ক্ৰয় কৰিব বিচাৰিছে প্ৰকৃততে তেওঁৰেই ।
ম'বাইল বা লেপটপটোৰ প্ৰকৃত গৰাকীক কেনেদৰে কৰিব চিনাক্ত:
ম'বাইল অথবা লেপটপটোৰ প্ৰকৃত গৰাকীৰ বিষয়ে জানিবলৈ আপুনি যাব লাগিব CEIR পৰ্টেল অথবা এপলৈ । এই এপলৈ গৈ ম'বাইলটোৰ IMEI নম্বৰটো আৰু লেপটপৰ ক্ষেত্ৰত মেক আইডিটো মাৰি দিলে আপুনি ক্ৰয় কৰিবলৈ লোৱা পুৰণি ম'বাইল বা লেপটপটো প্ৰকৃত গৰাকীৰ নে চুৰি কৰা সেয়া জানিব পাৰিব । এনেদৰে তথ্য সংগ্ৰহ কৰি ক্ৰয় কৰিলে আপুনি বিপদতো নপৰিব আৰু আপোনাৰ সাঁচতীয়া ধনো ৰাহি হ'ব । অৱশ্যে এই সময়ছোৱাত আপুনি ম'বাইল বা লেপটপটো চুৰি বুলি গম পালে লগে লগে স্থানীয় আৰক্ষীক অৱগত কৰিব ।
লগতে পঢ়ক:চাইবাৰ অপৰাধ ৰোধ কৰাৰ উদ্দেশ্যে সহস্ৰাধিক ম'বাইল ব্লক কৰাৰ নিৰ্দেশ - Thousands Of Mobile Phons Block
হেৰোৱা ম'বাইল, লেপটপ আপুনি ঘূৰাই পাবলৈ আৰক্ষীক অৱগত কৰাৰ লগতে কি কৰিব লাগিব ?
আপোনাৰ ম'বাইল, লেপটপ হেৰাইছে যদি আপুনি স্থানীয় আৰক্ষীক অৱগত কৰাৰ উপৰি আৰক্ষীৰ সহযোগত নাইবা ব্যক্তিগতভাৱে CEIR পৰ্টেল অথবা এপলৈ যাব লাগিব । এই এপ বা পৰ্টেললৈ গৈ আপোনাৰ হেৰোৱা ম'বাইলটোৰ IMEI নম্বৰ আৰু ফোন নম্বৰটো এন্ট্ৰি কৰিব লাগিব । আনহাতে লেপটপৰ ক্ষেত্ৰত মেক আইডিটো এন্ট্ৰি কৰিব লাগিব । এই পৰ্টেলটোত নম্বৰটো এন্ট্ৰি হোৱাৰ পিচতেই ম'বাইল নম্বৰটো ব্লক কৰি দিয়া হ’ব ।