অসম

assam

ETV Bharat / technology

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ : সঠিক সময় আৰু ইয়াক কেনেদৰে চাব পাৰিব ? - SOLAR ECLIPSE 2024

Solar Eclipse 2024 : ৮ এপ্ৰিল অৰ্থাৎ আজি বছৰৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ । বিশ্ববাসী এই বিৰল মুহূৰ্তৰ সাক্ষী হ'বলৈ গভীৰ আগ্ৰহেৰে ৰৈ আছে । পৃথিৱীৰ কেইবাটাও অংশত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব । ভাৰতত দৃশ্যমান নহ'লেও ইয়াক প্ৰত্যক্ষ কৰাৰ সুবিধা পাব । কিন্তু কেনেকৈ ?

Solar Eclipse 2024
পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ: সঠিক সময় আৰু ইয়াক কেনেদৰে চাব পাৰিব

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 12:25 PM IST

নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল : বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণে উত্তৰ আমেৰিকাৰ আকাশ আকৰ্ষণীয় কৰি তুলিব । ৮ এপ্ৰিল অৰ্থাৎ আজি দিনৰ আকাশ নিশাৰ দৰে কৰি তুলিব । ই এক মহাজাগতিক ঘটনা । সমগ্ৰ বিশ্ব এই বিশেষ মুহূৰ্তৰ অপেক্ষাত আছে ।

সূৰ্যগ্ৰহণ কি ?

যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজেৰে চন্দ্ৰ পাৰ হৈ যায় আৰু সূৰ্য সম্পূৰ্ণৰূপে ঢাক খায় । তেতিয়াই সূৰ্যগ্ৰহণ হয় । এই বেণ্ডটোৰ ভিতৰত থকা লোকসকলে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰে বা দৃশ্যমান হয় । যদি বতৰ আৰু ডাৱৰ মুকলি হৈ থাকে আকাশখন পুৱা বা সন্ধিয়াৰ দৰে অন্ধকাৰ হৈ যায় ।

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়

৮ এপ্ৰিলত, পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আমেৰিকা, মেক্সিকো, কানাডা আৰু ১৮ খন আমেৰিকাৰ ৰাজ্য অতিক্ৰম কৰিব । অৱশ্যে পূৰ্ণগ্ৰাস গ্ৰহণ ভাৰতত দৃশ্যমান নহয় । পূৰ্ণগ্ৰাস গ্ৰহণ ৮ এপ্ৰিলত ভাৰতীয় স্থানীয় সময় অনুসৰি নিশা ০৯.১২ বজাত আৰম্ভ হ'ব । সূৰ্যগ্ৰহণ প্ৰায় ডেৰ ঘণ্টা ধৰি চলিব আৰু ভাৰতীয় সময়মতে ৯ এপ্ৰিলৰ পুৱা ২.২২ বজাত সমাপ্ত হ'ব ।

মেক্সিকোৰ প্ৰশান্ত মহাসাগৰীয় উপকূলে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১.০৭ বজাত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহ গ্ৰহণৰ প্ৰথম আভাস পাব । গ্ৰহণটোৱে পুৱা প্ৰায় ১.৩০ বজাত মেইনৰ উপকূল এৰিব ।

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ ম্যাদ

এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰায় আঢ়ৈ ঘণ্টা ধৰি থকিব । কিন্তু পূৰ্ণগ্ৰাস মাত্ৰ ৪ মিনিট হে থাকিব । নাছাৰ মতে, সূৰ্যগ্ৰহণ ৪ মিনিট ২৭ ছেকেণ্ডলৈকে চলিব বুলি আশা কৰা হৈছে ।

ভাৰতীয়সকলে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কেনেকৈ চাব পাৰিব ?

সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব । মহাজাগতিক ঘটনাৰ লাইভ ষ্ট্ৰীমিং নাছাৰ দ্বাৰা কৰা হ'ব আৰু ৮ এপ্ৰিলৰ নিশা ১০.৩০ বজাৰ পৰা ৯ এপ্ৰিলৰ পুৱা ১.৩০ বজালৈ লাইভ কৰা হ'ব । লাইভ ষ্ট্ৰীমত নাছা আৰু আন ঠাইৰ বিশেষজ্ঞসকলৰ সৈতে বাৰ্তালাপৰ লগতে ইয়াৰ পথৰ কেইবাটাও স্থানৰ পৰা গ্ৰহণৰ দূৰবীণ দৃশ্য প্ৰদৰ্শন কৰা হ'ব ।

গ্ৰহণৰ সময়ত, ছাউণ্ডিং ৰকেটবোৰ ভাৰ্জিনিয়াৰ ৱালপচ দ্বীপৰ পৰা উৎক্ষেপণ কৰা হ'ব । ইয়াক আয়নোস্ফিয়াৰলৈ উৎক্ষেপণ কৰা হ'ব ।

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কিয় বিৰল ?

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পৰা স্থান বিচাৰি উলিওৱা এক লজিষ্টিক প্ৰত্যাহ্বান । কিয়নো পৃথিৱী পৃষ্ঠৰ প্ৰায় ৭০ শতাংশতকৈও অধিক স্থান আৱৰি আছে মহাসাগৰে । ফলস্বৰূপে, এনে ঘটনাবোৰ প্ৰায়ে দূৰৱৰ্তী স্থানত সংঘটিত হয় ৷ যাৰ ফলত ইয়াৰ প্ৰতি আকৰ্ষণ আৰু ৰহস্য বৃদ্ধি হয় ।

লগতে পঢ়ক :৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ, ভাৰতৰ পৰা দৃশ্যমান হ'ব নে ? - Solar Eclipse Of 2024

ABOUT THE AUTHOR

...view details