ETV Bharat / technology

75 খনকৈ চহৰত আৰম্ভ হ’ব ভোডাফোন-আইডিয়াৰ 5G সেৱা; জিঅ’-এয়াৰটেলতকৈ সস্তা হ’ব প্লেন ! - VODAFONE IDEA 5G LAUNCH

2025 চনৰ মাৰ্চ মাহৰ ভিতৰত 75 খন চহৰত ভোডাফোন-আইডিয়াৰ 5G সেৱা আৰম্ভ হ’ব পাৰে । কোম্পানীটোৱে 5G প্লেনৰ মূল্যও কম কৰাৰ সম্ভাৱনা আছে ।

vodafone-idea-vi-launch-5g-in-75-cities-with-cheaper-plans-than-jio-and-airtel
75 খনকৈ চহৰত আৰম্ভ হ’ব ভোডাফোন-আইডিয়াৰ 5G সেৱা; জিঅ’-এয়াৰটেলতকৈ সস্তা হ’ব প্লেন ! (Vodafone-Idea)
author img

By ETV Bharat Tech Team

Published : Jan 2, 2025, 4:27 PM IST

হায়দৰাবাদ: ভোডাফোন-আইডিয়াই (Vi) 2025 চনৰ মাৰ্চ মাহত 5G মোবাইল ব্ৰডবেণ্ড বজাৰত প্ৰৱেশৰ বাবে সাজু হৈছে । এই টেলিকম কোম্পানীটোৱে কম খৰচী প্লেনেৰে 5G মোবাইল ব্ৰডবেণ্ড বজাৰত প্ৰৱেশ কৰিব বিচাৰিছে, যাতে ইয়াৰ জৰিয়তে ভাৰতী এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ৰ ব্যৱহাৰকাৰীসকলক পুনৰ আকৰ্ষণ কৰিব পাৰে । ইতিমধ্যে এয়াৰটেল আৰু জিঅ’ ভাৰতৰ আগশাৰীৰ 5G টেলিকম কোম্পানী ।

5G নেটৱৰ্কৰ ক্ষেত্ৰত ভোডাফোন-আইডিয়া বহু পিছ পৰি আছে যদিও এতিয়া ইটিৰ এক প্ৰতিবেদন অনুসৰি এই কোম্পানীটোৱে 2025 চনত 75 খন ডাঙৰ চহৰত 5G মোবাইল ব্ৰডবেণ্ড নেটৱৰ্ক আনিবলৈ সাজু হৈছে । এই 75 খন চহৰ VI ৰ 17 টা অগ্ৰাধিকাৰ বৃত্তত পৰে ৷

VI ৰ 5G প্লেন সস্তা হ’ব

VI য়ে নিজৰ এণ্ট্ৰি লেভেল 5G প্লেন জিঅ’ আৰু এয়াৰটেলৰ মূল্যতকৈ 15 শতাংশ পৰ্যন্ত সস্তা কৰি ৰাখিব । ইয়াৰ ফলত এই তিনিটা বৃহৎ ব্যক্তিগত টেলিকম কোম্পানীৰ মাজত নতুন মূল্য যুদ্ধ আৰম্ভ হ’ব । প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ VI ৰ শীৰ্ষ কাৰ্যবাহী বিষয়া অক্ষয় মন্দ্ৰাই ইংগিত দিছিল যে 5G প্লেনৰ চূড়ান্ত মূল্য মুকলিৰ সময়ত সিদ্ধান্ত লোৱা হ’ব আৰু VI ৰ কৌশল অনুসৰি কেৱল 5G প্লেনৰ বাবেহে মূল্য নিৰ্ধাৰণ কৰা হ’ব যিয়ে গ্ৰাহকক আকৰ্ষণ কৰিব ৷

খবৰ অনুসৰি VI ৰ এগৰাকী মুখপাত্ৰই কয় যে তেওঁলোকে 5G সেৱা আৰম্ভ কৰিবলৈ সাজু আৰু কম মূল্যত এক ডাঙৰ অভিজ্ঞতা প্ৰদান কৰিবলৈও প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ লগতে কয়, “Vi ৰ পৰ্যাপ্ত আৰু ভাল 5G স্পেকট্ৰম আছে, যিটো ই ইয়াৰ 17 খন অগ্ৰাধিকাৰ বজাৰত অতি সোনকালে কাৰ্যকৰী কৰিব ।”

শেহতীয়াকৈ ভোডাফোন-আইডিয়াই নিজৰ 4G আৰু 5G নেটৱৰ্ক উন্নীতকৰণৰ বাবে ন’কিয়া, এৰিক্সন আৰু ছেমছাঙৰ সৈতে 30 হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে । প্ৰকাশনটোৰ প্ৰতিবেদনত উদ্যোগৰ সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে ভিআইয়ে দ্ৰুতগতিত 5G বেছ ষ্টেচন স্থাপন কৰি আছে আৰু যোগান প্ৰক্ৰিয়া আৰম্ভ হৈছে । কোম্পানীটোৱে 3 বছৰত 75 হাজাৰ ছাইট স্থাপন কৰাৰ লক্ষ্য লৈছে । ইয়াৰ বাবে তেওঁলোকে 3.5 গিগাহাৰ্টজ আৰু 1800 মেগাহাৰ্টজ স্পেকট্ৰম বেণ্ড ব্যৱহাৰ কৰিব ।

Vi এ বিনামূলীয়া 5G সেৱা আগবঢ়াবনে?

আপোনালোকক কওঁ যে 2024 চনৰ ছেপ্টেম্বৰ পৰ্যন্ত ৰিলায়েন্স জিঅ’ত 14.8 কোটি আৰু ভাৰতী এয়াৰটেলৰ 5G ইউজাৰ আছিল 10.5 কোটি । এতিয়া লক্ষণীয় হ’ব Vi 5G বজাৰত প্ৰৱেশ কৰাৰ পিছত কিমান ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ সেৱাক বিশ্বাস কৰে । কিন্তু প্ৰতিবেদনত এজন বিশ্লেষকে কয় যে যেনেকৈ জিঅ’ আৰু এয়াৰটেলে কেবামাহো ধৰি নিজৰ ব্যৱহাৰকাৰীক বিনামূলীয়াকৈ 5G সেৱা প্ৰদান কৰি কেইবাটাও নিৰ্বাচিত পৰিকল্পনাক পৰীক্ষামূলকভাৱে প্ৰদান কৰিছে, তেনেদৰে ভোডাফোন-আইডিয়াই হয়তো ইয়াৰ ব্যৱহাৰকাৰীসকলক বিনামূলীয়া 5G সেৱা প্ৰদান কৰিব নোৱাৰিবও পাৰে কাৰণ দীৰ্ঘদিন ধৰি এনে কৰিলে এ আৰ পি ইউ (প্ৰতি ব্যৱহাৰকাৰীৰ গড় ৰাজহ) হ্ৰাস পাব পাৰে, যিয়ে ঋণগ্ৰস্ত VI কোম্পানীটোৰ আৰ্থিক অৱস্থা বেয়া কৰাৰ আশংকা বেছি ।

অৱশ্যে Vi ৰ এগৰাকী মুখপাত্ৰই আশা প্ৰকাশ কৰি কয়, “আমি আমাৰ নেটৱৰ্কৰ ক্ষমতাক ছুপাৰচাৰ্জ কৰিবলৈ উৎসাহিত হৈছো । আমি হাজাৰ হাজাৰ নতুন চাইট যোগ কৰি সংযোগ আৰু অধিক বৃদ্ধি কৰিম আৰু 2025 চনৰ মাৰ্চ মাহৰ ভিতৰত 5G মুকলি কৰি Vi ব্যৱহাৰকাৰীৰ ডিজিটেল অভিজ্ঞতাক ৰূপান্তৰিত কৰিম ।”

লগতে পঢ়ক: সুখবৰ; দেশৰ 17 খনকৈ চহৰত মুকলি হ’ল ভোডাফোন আইডিয়াৰ 5G সেৱা

VIয়েও বৃদ্ধি কৰিলে ৰিচাৰ্জ প্লেনৰ দাম : ২১ শতাংশ পৰ্যন্ত বৃদ্ধি সেৱা কৰ - VI hikes recharge plan

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.