অসম

assam

ETV Bharat / technology

বিৰল কৃতিত্ব: মহাকাশত খোজ কাঢ়িলে মহাকাশচাৰী সুনীতা উইলিয়ামছে - SUNITA WILLIAMS SPACEWALK DETAILS

2024 চনৰ জুন মাহৰ পৰা মহাকাশত আবদ্ধ হৈ থকা সুনীতা উইলিয়ামছে 7 মাহৰ পিছত ISS ৰ পৰা ওলাই আহি জীৱনৰ অষ্টমটো মহাকাশ যাত্ৰা কৰে ।

nasa-us-spacewalk-91-sunita-williams-steps-out-on-spacewalk-after-seven-months-to-repair-iss-details-in-assamese
বিৰল কৃতিত্ব: মহাকাশত খোজ কাঢ়িলে মহাকাশচাৰী সুনীতা উইলিয়ামছে (NASA)

By ETV Bharat Tech Team

Published : Jan 18, 2025, 12:37 PM IST

হায়দৰাবাদ: আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু নিক হেগে বৃহস্পতিবাৰে প্ৰায় 6-7 ঘণ্টা ধৰি মহাকাশ ভ্ৰমণ কৰিছিল । এই দুগৰাকী মহাকাশচাৰীয়ে 2025 চনৰ 16 জানুৱাৰীত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ওলাই আহিছিল, যাৰ ভিডিঅ’ নাছাই নিজৰ ৱেবছাইট আৰু অফিচিয়েল X একাউণ্টত শ্বেয়াৰ কৰিছে । মহাকাশত খোজকাঢ়ি যোৱা এই অভিযানক নাছাই নাম দিছে ইউ এছ স্পেচৱাক 91 । আহক আমি এই দুজন মহাকাশচাৰীৰ মহাকাশ যাত্ৰাৰ বিষয়ে জানো---

7 মাহৰ পিছত মহাকাশ কেন্দ্ৰৰ বাহিৰলৈ সুনীতা

প্ৰতিবেদন অনুসৰি সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী নিক হেগে 420 কিলোমিটাৰ উচ্চতাত তুৰ্কমেনিস্তানৰ ওপৰেৰে মহাকাশ ভ্ৰমণ কৰিছিল । ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ 7 মাহ ধৰি মহাকাশত আবদ্ধ হৈ আছে আৰু তাৰ পিছৰে পৰা 16 জানুৱাৰীত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ওলাই আহি কয়, “মই ওলাই আহিছো ।" সুনীতাই নিকৰ সৈতে মহাকাশ কেন্দ্ৰত কিছু মেৰামতিৰ কাম কৰিব লগা হৈছিল । ইয়াৰ ভিতৰত আছিল মহাকাশ কেন্দ্ৰটো উন্নীতকৰণ আৰু নিউট্ৰন ষ্টাৰ ইণ্টেৰিয়ৰ কম্পোজিচন এক্সপ্ল’ৰাৰ (NICER) এক্স-ৰে টেলিস্কোপ মেৰামতি কৰা ।

সুনীতাই 50 ঘণ্টাৰো অধিক সময় মহাকাশ ভ্ৰমণ কৰিছে

নাছাৰ পৰা পোৱা তথ্য অনুসৰি এইয়া আছিল আই এছ এছৰ কমাণ্ডাৰ সুনীতা উইলিয়ামছৰ অষ্টম মহাকাশ যাত্ৰা । ইয়াৰ পূৰ্বে মুঠ 7 টা মহাকাশ ভ্ৰমণৰ সময়ত মহাকাশত 50 ঘণ্টা 40 মিনিট খোজ কাঢ়িছে । তেওঁৰ সৈতে মহাকাশ ভ্ৰমণৰ বাবে যোৱা তেওঁৰ সংগী তথা বিমান অভিযন্তা নিক হেগৰ বাবে এইটো আছিল চতুৰ্থটো মহাকাশ ভ্ৰমণ । ইয়াৰ পূৰ্বে তেওঁ 3 টা মহাকাশ ভ্ৰমণৰ সময়ত মহাকাশত মুঠ 19 ঘণ্টা 56 মিনিট সময় অতিবাহিত কৰিছিল । বাচ্চ উইলম'ৰ আৰু ডন পেটিটে আন দুজন মহাকাশচাৰীৰ বাবে ইউ এছ স্পেচৱাক 91 ত মহাকাশত খোজ কঢ়াৰ বাবে সহায় আগবঢ়াইছিল ।

ইয়াৰ উপৰিও মহাকাশ কেন্দ্ৰৰ সমাবেশৰ সমৰ্থন, ৰক্ষণাবেক্ষণ আৰু উন্নীতকৰণৰ বাবে এইটো আছিল 273 সংখ্যক মহাকাশ যাত্ৰা । একে সময়তে আমেৰিকাৰ বাবে এইটো আছিল 91 সংখ্যক মহাকাশ ভ্ৰমণ, আনহাতে 2025 চনত বিশ্বৰ যিকোনো মহাকাশে কৰা এইটোৱেই আছিল প্ৰথম মহাকাশ যাত্ৰা ।

মহাকাশ ভ্ৰমণৰ সময়ত কি কি কাম কৰিবলগীয়া হৈছিল?

  • মহাকাশ ভ্ৰমণৰ সময়ত সুনীতা আৰু নিক ৰেট জাইৰো এছেম্বলি 2 আঁতৰাই সলনি কৰিবলগীয়া হৈছিল ।
  • হাৰমনি জেনিথ প্লেনাৰ ৰিফ্লেক্টৰটোও আঁতৰাই সলনি কৰিবলগীয়া হৈছিল।
  • ইয়াৰ উপৰিও নিউট্ৰন ষ্টাৰ ইণ্টেৰিয়ৰ কম্পোজিচন এক্সপ্ল’ৰাৰ (NICER) পেচ ইনষ্টল কৰিবলগীয়া হৈছিল।
  • ইয়াৰ উপৰিও তেওঁলোকে উন্নীতকৰণৰ বাবে আলফা মেগনেটিক স্পেকট্ৰমিটাৰ পেচ পেনেলও প্ৰস্তুত কৰিবলগীয়া হৈছিল।

2024 চনৰ জুন মাহৰ পৰা মহাকাশত সুনীতা

উল্লেখ্য যে, সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ মহাকাশচাৰীসকল 2024 চনৰ জুন মাহৰ পৰাই মহাকাশত আছে । তেওঁ বয়িঙৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত বাচ্চ উইলম'ৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছিল । তেওঁলোকৰ উৰণ পৰীক্ষণ অভিযান আছিল মাত্ৰ 7 দিন, কিন্তু ষ্টাৰলাইনাৰত কাৰিকৰী সমস্যাৰ বাবে এই মহাকাশচাৰীসকল পৃথিৱীলৈ উভতি যাব নোৱাৰিলে আৰু তেতিয়াৰ পৰাই তেওঁলোক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে ।

এতিয়া প্ৰায় 7 মাহৰ পিছত প্ৰথমবাৰৰ বাবে আই এছ এছৰ পৰা ওলাই আহিল সুনীতা । এই মহাকাশ যাত্ৰা নাছাৰ বাবেও আছিল অতি বিশেষ, কাৰণ পূৰ্বে নাছাই মহাকাশ যাত্ৰা আধাতে বন্ধ কৰিবলগীয়া হৈছিল আৰু মহাকাশ কেন্দ্ৰটো মেৰামতি আৰু উন্নীতকৰণৰ কামত বহুদিন ধৰি আবদ্ধ হৈ আছিল । নাছাৰ ৱেবছাইট অনুসৰি অহা সপ্তাহত 23 জানুৱাৰীত আমেৰিকাৰ স্পেচৱাক 92 অভিযান আৰম্ভ হ’ব, য’ত সুনীতাই পুনৰবাৰ নৱমটো স্পেচৱাক কৰিব পাৰিব ।

লগতে পঢ়ক: মাৰ্চৰ পূৰ্বে ঘূৰি অহাৰ সম্ভাৱনা ক্ষীণ মহাকাশত আবদ্ধ নাছাৰ দুই মহাকাশচাৰীৰ

মহাকাশতেই নৱবৰ্ষক আদৰিলে সুনীতা-বাচ্চে; প্ৰত্যক্ষ কৰিব 16 টাকৈ সূৰ্যোদয় আৰু সূৰ্যাস্ত

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত 50 টাতকৈও অধিক ফাট; উদ্বিগ্ন নাছা

ABOUT THE AUTHOR

...view details