নিউজ ডেস্ক, 28 ছেপ্টেম্বৰ:28 ছেপ্টেম্বৰ শনিবাৰে তামিলনাডুৰ হোছুৰত টাটা ইলেক্ট্ৰনিকছৰ ফেক্টৰীত এক বৃহৎ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । প্ৰাথমিক খবৰ অনুসৰি চেলফোন নিৰ্মাণ বিভাগত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা এলেকাটোৰ পৰা ফেক্টৰীটোৰ কৰ্মচাৰীসকলক উলিয়াই অনা হৈছে বুলি জানিব পৰা গৈছে ।
সা-সম্পত্তিৰ ক্ষতি: অগ্নিকাণ্ডৰ ফলত সা-সম্পত্তিৰ ব্যাপক ক্ষতি হোৱাৰ লগতে বৰ্তমান অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে । আনহাতে স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পুৱা 5.30 বজাত নাগামংগলমৰ সমীপৰ উদনাপল্লীত কোম্পানীটোৰ মোবাইল ফোন এক্সেচৰিজ পেইণ্টিং ইউনিটত অগ্নিকাণ্ড সংঘটিত হয় । কিছু সময়ৰ ভিতৰতে সমগ্ৰ অঞ্চলটোত জুই বিয়পিবলৈ ধৰে । ইয়াৰ পাচতেই কৰ্মচাৰী আৰু স্থানীয় নাগৰিকৰ মাজত আতংক বিয়পি পৰে ।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ: অগ্নিকাণ্ডৰ বিষয়ে অৱগত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ কেবাখনো বাহন উক্ত স্থানত উপস্থিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে গোটেইকেইজন কৰ্মচাৰীক সুৰক্ষিত স্থানলৈ উলিয়াই আনে । বাতৰি লিখাৰ পৰলৈকে কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই । জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত 1500 কৰ্মচাৰী কৰ্তব্যৰত হৈ আছিল বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । টাটা ইলেক্ট্ৰনিকছ প্ৰাইভেট লিমিটেডৰ মুখপাত্ৰই সকলো কৰ্মচাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে জৰুৰীকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখপাত্ৰগৰাকীয়ে জনায় । সকলোকে নিৰাপদ স্থানলৈ লৈ যোৱা হয় । অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে ।