হায়দৰাবাদ: অক্টোবৰ মাহত অগ্নি 3 মুকলি হোৱাৰ পিছত লাভাই ভাৰতত মুকলি কৰিছে Lava Blaze Duo 5G স্মাৰ্টফোন । কোম্পানীটোৰ ব্লেজ ছিৰিজৰ এইটোৱেই হৈছে ডুৱেল ডিছপ্লেৰ শেহতীয়া 5G স্মাৰ্টফোন । ফোনটোত 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.67 ইঞ্চি FHD+ 3D কাৰ্ভড AMOLED ডিছপ্লে আছে ।
ছেকেণ্ডাৰী এম’লড ৰিয়াৰ স্ক্ৰীণ
ফোনটোৰ ছেকেণ্ডাৰী এম’লড ৰিয়াৰ স্ক্ৰীণ আছে । ই Instascreen নামেৰেও জনাজাত । এই ইনষ্টাস্ক্ৰীনে আপোনাক বহুতো উপযোগী দৈনিক এপ যেনে কল, মেছেজ, চেলফি, ৰিয়াৰ কেমেৰা, মিউজিক প্লেয়াৰ, ষ্টেপ, কেল’ৰি ট্ৰেকাৰ, ভইচ ৰেকৰ্ডাৰ, টাইমাৰ, ষ্টপৱাচ আৰু বতৰ আদি এপ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে ।
64 MP ৰিয়াৰ কেমেৰা
এই ফোনটোৱে MediaTek Dimensity 7025 SoC সমৰ্থন কৰে । ইয়াত আপুনি 8GB ৰেম + 8GB ভাৰ্চুৱেল ৰেম আৰু 128 GB ষ্ট’ৰেজ পৰ্যন্ত পাব । ইয়াত চ’নী চেন্সৰৰ সৈতে 64 MP ৰ ৰিয়াৰ কেমেৰা আৰু 2 MP ছেকেণ্ডাৰী কেমেৰা আছে । এই ফোনটো কোনো ধৰণৰ ব্লটৱেৰ নোহোৱাকৈ এণ্ড্ৰইড 14 ত চলিব । কোম্পানীয়ে আশ্বাস দিছে যে এণ্ড্ৰইড 15 আপডেট অতি সোনকালে উপলব্ধ হ’ব । ইয়াত 5000 mAh বেটাৰী আছে আৰু ইয়াৰ সহায়ত 33 ৱাট ফাষ্ট চাৰ্জিং আছে ।