হায়দৰাবাদ: ছেপ্টেম্বৰ মাহত আইফোন 16 ৰেঞ্জ মুকলি কৰা হৈছিল যদিও এপলৰ পৰৱৰ্তী প্ৰজন্মৰ স্মাৰ্টফোনৰ সবিশেষ ইতিমধ্যে অনলাইনত প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে । শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি অনুসৰি কুপাৰটিনোস্থিত কোম্পানীটোৱে অহা বছৰ আইফোন প্লাছ মডেলটো বন্ধ কৰি আইফোন 17 শ্লীম সংস্কৰণৰ সৈতে সলনি কৰিব পাৰে । এজন জনপ্ৰিয় বিশ্লেষকে কয় যে চৰ্চিত শ্লীম মডেলটো আইফোন 6 তকৈ পাতল হ’ব । ইয়াৰ উপৰিও বিশ্লেষকসকলে দাবী কৰিছে যে আইফোন 17 চিৰিজৰ বাবে এপলৰ পৰৱৰ্তী প্ৰজন্মৰ A19 চিপসমূহ টি এছ এম চিৰ আপডেট প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হ’ব ।
আইফোন 17 এয়াৰ মাত্ৰ 6 মিমি ডাঠ হ’ব পাৰে
হাইটং ইণ্টাৰনেশ্যনেল টেক ৰিচাৰ্চৰ জেফ পুৱে তেওঁৰ শেহতীয়া গৱেষণা পত্ৰত (মেকৰুমৰছৰ জৰিয়তে) দাবী কৰিছে যে আইফোন 17 এয়াৰৰ গাঢ়তা হ’ব প্ৰায় 6মিমি । খবৰ অনুসৰি বিশ্লেষকগৰাকীয়ে কয়, "আইফোন 17 শ্লীম মডেলৰ 6 মিমি গাঢ়তাৰ আল্ট্ৰা-শ্লীম ডিজাইনৰ শেহতীয়াকৈ হোৱা কথা-বতৰাৰ সৈতে আমি একমত হৈছিলো ।"
আজিলৈকে এপলৰ আটাইতকৈ পাতল আইফোনটো হৈছে 6.9 মিমি ডাঠ আইফোন 6 । যদিহে শেহতীয়া দাবী সঁচা হয় তেন্তে আইফোন 17 এয়াৰ হ’ব এপলৰ এতিয়ালৈকে নিৰ্মাণ হোৱা আটাইতকৈ পাতল আইফোন । শেহতীয়া আইফোন 16 প্ৰ’ আৰু আইফোন 16 প্ৰ’ মেক্সৰ গাঢ়তা 8.25 মিমি, আনহাতে আইফোন 16 আৰু আইফোন 16 প্লাছৰ গাঢ়তা 7.8 মিমি ।
খবৰ অনুসৰি বিশ্লেষকগৰাকীয়ে কয় যে আইফোন 17 ছিৰিজৰ বাবে এপলৰ A19 আৰু A19 প্ৰ’ চিপসমূহ টি এছ এম চিৰ শেহতীয়া তৃতীয় প্ৰজন্মৰ 3NM প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা হ’ব, যাৰ নাম ‘N3P’ । আইফোন 17 আৰু আইফোন 17 এয়াৰ দুয়োটা A19 চিপত চলিব বুলি কোৱা হৈছে ৷ আনহাতে আইফোন 17 প্ৰ’ আৰু আইফোন 17 প্ৰ’ মেক্স A19 প্ৰ’ চিপৰ সৈতে প্ৰেৰণ কৰা হ’ব বুলি কোৱা হৈছে ।