অসম

assam

ETV Bharat / technology

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত 50 টাতকৈও অধিক ফাট; উদ্বিগ্ন নাছা

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত 50 টাতকৈও অধিক ফাট মেলাৰ খবৰ পোৱা গৈছে । বৃদ্ধি কৰা হৈছে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰৰ সুৰক্ষা ।

international-space-station-cracked-in-more-than-50-places-concerns-about-safety-of-astronauts-sunita-williams-and-butch-wilmore-grew
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত 50 টাতকৈও অধিক ফাট; উদ্বিগ্ন নাছা (AP)

By ETV Bharat Tech Team

Published : 4 hours ago

হায়দৰাবাদ: বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখনৰ পলম হোৱাৰ বাবে পাঁচ মাহতকৈ অধিক সময় ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ আছে সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বাচ্চ উইলম’ৰ । চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে যে মহাকাশ কেন্দ্ৰটোত 50 টাতকৈও অধিক ফাট মেলিছে । ইয়াৰ বাবে মহাকাশচাৰীসকলৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অহাৰ সম্ভাৱনা আছে । এই সমস্যাসমূহ সমাধানৰ বাবে নাছাই কঠোৰ পৰিশ্ৰম কৰা বুলি জানিব পৰা গৈছে ।

ষ্টাৰলাইনাৰৰ কাৰিকৰী বিফলতা

ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰ পাঁচ মাহতকৈ অধিক সময় ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত আৱদ্ধ হৈ আছে । কাৰণ বয়িঙৰ ষ্টাৰলাইনাৰৰ কাৰিকৰী বিজুতি ঘটি মহাকাশযানখনে মহাকাশচাৰীক তাতেই এৰি পৃথিৱীলৈ উভতি আহিছিল । মহাকাশত নতুন নিৰাপত্তাজনিত সমস্যাই সেয়েহে মহাকাশচাৰীসকলৰ স্বাস্থ্যক লৈ উদ্বেগ সৃষ্টি কৰিছে ।

পৰিস্থিতি অধিক গুৰুতৰ

আই এছ এছ ভংগ হোৱাৰ লগে লগে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । নাছাই জনোৱা মতে, মহাকাশ কেন্দ্ৰটোত এতিয়া ফাট আৰু লিক হোৱাৰ সংখ্যা 50 টাতকৈও অধিক হৈছে । ইয়াৰ ফলত তাত বাস কৰা মহাকাশচাৰীসকলৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ পাইছে । ষ্টেচনটোৰ ক্ষতিৰ বাবে সমগ্ৰ ক্ৰুৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰি । শেহতীয়াকৈ ফাদিল হোৱা নাছাৰ এক প্ৰতিবেদনত আই এছ এছৰ প্ৰতি গুৰুতৰ ভাবুকি দেখা গৈছে । এই প্ৰতিবেদনত আশংকা কৰা হৈছে যে ষ্টেচনটোৰ গঠনত হোৱা ফাট আৰু লিকবোৰৰ সোনকালে মেৰামতি নকৰিলে সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰৰ জীৱন সংকটাপন্ন হৈ পৰিব পাৰে ।

ক্ৰুটি ক’ত

ছেপ্টেম্বৰ মাহত পৃথিৱীলৈ ঘূৰি অহাৰ কথা আছে সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰ । কিন্তু তেওঁলোকক কঢ়িয়াই আনিবৰ বাবে ডিজাইন কৰা বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখনত কেইবাটাও ত্ৰুটিৰ সন্মুখীন হৈছে । নাছাই প্ৰথমে 13 জুনত মহাকাশচাৰীসকলক ঘূৰাই অনাৰ পৰিকল্পনা কৰিছিল যদিও কেবাবাৰো পলম হোৱাৰ পিছত এই তাৰিখ কেইবাবাৰো পিছুৱাই দিয়া হয় ।

লগতে পঢ়ক: মহাকাশৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব সুনীতা উইলিয়ামছৰ লগতে নাছাৰ আন মহাকাশচাৰীয়ে

7 মাহৰ অন্তত নিৰাপদে পৃথিৱীলৈ ঘূৰি আহিল ক্ৰু-8 মহাকাশচাৰী

ABOUT THE AUTHOR

...view details