অসম

assam

ETV Bharat / technology

মাহিন্দ্ৰাই সলনি কৰিলে নিজৰ গাড়ীৰ নাম; জানক ইয়াৰ কাৰণ - MAHINDRA INDIGO CLASH

ব্ৰেণ্ড নামক লৈ ইণ্ডিগ’ এয়াৰলাইন্স আৰু মাহিন্দ্ৰা এণ্ড মাহিন্দ্ৰাৰ মাজত বিবাদ । বৰ্তমান আদালতত গোচৰটো চলি আছে ।

Mahindra-IndiGo clash; Airlines files case against M&M
মাহিন্দ্ৰাই সলনি কৰিলে নিজৰ গাড়ীৰ নাম; জানক ইয়াৰ কাৰণ (Mahindra & Mahindra)

By ETV Bharat Tech Team

Published : Dec 9, 2024, 12:26 PM IST

হায়দৰাবাদ: থলুৱা গাড়ী নিৰ্মাতা কোম্পানী মাহিন্দ্ৰা এণ্ড মাহিন্দ্ৰাই শেহতীয়াকৈ দেশত প্ৰথমখন ইলেক্ট্ৰিক বাহন মাহিন্দ্ৰা XEV 9e আৰু Mahindra BE 6e মুকলি কৰিছে । কিন্তু এতিয়া মহিন্দ্ৰাই এই গাড়ীৰ নাম সলনি কৰি BE 6 লৈছে । ‘6e’ নামটোক লৈ ইণ্ডিগ’ৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ বাবে নাম সলনি কৰিছে মাহিন্দ্ৰাই ।

কোম্পানীটোৱে কয় যে মাহিন্দ্ৰা বি ই 6E ট্ৰেডমাৰ্ক ইতিমধ্যে 12 নং শ্ৰেণীৰ অধীনত পঞ্জীয়ন কৰা হৈছে, যিটো ইন্টাৰগ্ল’ব এভিয়েশ্যন লিমিটেডে (ইণ্ডিগ’ৰ দ্বাৰা পৰিচালিত) 6E নাম পঞ্জীয়ন কৰা শাখাৰ পৰা পৃথক । লগতে মাহিন্দ্ৰাৰ ট্ৰেডমাৰ্ক ‘BE 6e’ৰ বাবে আৰু স্বতন্ত্ৰ ‘6E’ৰ বাবে নহয় ।

তদুপৰি মাহিন্দ্ৰাই লগতে কয় যে ইণ্টাৰগ্ল’বৰ আপত্তি তেওঁলোকৰ পুৰণি আচৰণৰ সৈতে সামঞ্জস্য থকা দেখা নাযায় । এছ ইউ ভি নিৰ্মাতা কোম্পানীটোৱে আঙুলিয়াই দিছিল যে 2005 চনত টাটা মটৰ্ছে বিমান কোম্পানীটোৱে ইণ্ডিগো নামফলক ব্যৱহাৰ কৰাত আপত্তি কৰিছিল, কিয়নো সেই সময়ত গাড়ী নিৰ্মাতা কোম্পানীটোৰ ইণ্ডিগো চেডান গাড়ীখন বিক্ৰীৰ বাবে উপলব্ধ আছিল । অন্ততঃ মাহিন্দ্ৰা আৰু ইন্টাৰগ্ল’বৰ মাজত হোৱা বিবাদ সমাধান নোহোৱালৈকে এই নতুন ইলেক্ট্ৰিক এছ ইউ ভিখন বি ই 6 নামেৰে বিক্ৰীৰ বাবে উপলব্ধ হ’ব ।

ইফালে মাহিন্দ্ৰাই সম্পূৰ্ণ বেলেগ উদ্যোগ খণ্ড আৰু সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাৰ ফলত যিকোনো ধৰণৰ সংঘাত নাইকিয়া হৈছে । মহিন্দ্ৰাই ‘BE 6E’ ব্ৰেণ্ড নাম ব্যৱহাৰৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আদালতৰ বিচাৰাধীন এই গোচৰৰ বাবে যুঁজ দি থাকিব । তেতিয়ালৈকে মহিন্দ্ৰা বি ই 6E মহিন্দ্ৰা BE6 হিচাপে বিক্ৰী কৰা হ’ব ।

লগতে পঢ়ক: মাহিন্দ্ৰাই তামিলনাডুত মুকলি কৰিলে ক্ৰেছ টেষ্টৰ সুবিধা

Mahindra Thar ৰ সফলতা; ইতিমধ্যে বিক্ৰী হ’ল 2 লাখৰো অধিক ইউনিট

ABOUT THE AUTHOR

...view details