নিউজ ডেস্ক, 26 আগষ্ট:ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে এলিয়েনৰ অস্তিত্ব সন্দৰ্ভত আগবঢ়ায় আকৰ্ষণীয় মন্তব্য ৷ বিশ্বাস কৰা হয় যে কেৱল পৃথিৱীতে নহয়, বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো ঠাইতে এলিয়েনৰৰ অস্তিত্ব থাকিব পাৰে । ৰণবীৰ এলাহাবাদীয়া প’ডকাষ্টত অংশগ্ৰহণ কৰি ইছৰোৰ অধ্যক্ষগৰাকীয়ে অপাৰ্থিৱ প্ৰাণীৰ অস্তিত্ব সম্পৰ্কে বহু আমোদজনক তথ্য প্ৰকাশ কৰে ।
এশ বছৰৰ ভিতৰত বৃদ্ধি পোৱা প্ৰযুক্তি
ইছৰোৰ অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে যে এশ বছৰৰ আগৰ তুলনাত পৃথিৱীত প্ৰযুক্তিৰ দ্ৰুত বিকাশ ঘটিছে । এই দ্ৰুত বিৱৰ্তনে এলিয়েনৰ অস্তিত্বৰ সূত্ৰ হিচাপে কাম কৰে বুলি কোৱা হয় ।
ইছৰোৰ অধ্যক্ষ সোমনাথে কয়, "পৃথিৱীৰ মানুহৰ উপৰিও বিশ্বব্ৰহ্মাণ্ডৰ সকলো জীৱৰে বিগত 100 বছৰৰ ভিতৰত বিকাশ ঘটিছে । কিছুমান প্ৰজাতি প্ৰযুক্তিৰ ক্ষেত্ৰত মানুহতকৈ আগবাঢ়ি থাকিব পাৰে, আনহাতে আন কিছুমান পিছ পৰি থাকিব পাৰে । পৃথিৱীৰ বাহিৰে আন ক'ৰবাত কোনোবাই হয়তো 1000 বছৰ আগুৱাই গৈছে বা আমাৰ পৰা 200 বছৰ পিছ পৰি আছে ৷ অহা 1000 বছৰত বিশ্বজুৰি প্ৰযুক্তি বিকাশ ঘটিব পাৰে ৷ ইতিমধ্যে পৃথিৱীৰ বাহিৰেও ক’ৰবাত 1000 বছৰৰ উন্নত প্ৰযুক্তি থাকিব পাৰে ।"
যদি এলিয়েন পৃথিৱীলৈ আহে তেন্তে কি হ’ব?