অসম

assam

ETV Bharat / technology

10 মিনিটত এম্বুলেন্স সেৱা; ব্লিংকিটে আৰম্ভ কৰিছে এই সেৱা - BLINKIT LAUNCHES AMBULANCE SERVICE

ব্লিংকিটে আৰম্ভ কৰিছে এম্বুলেন্স সেৱা, যিয়ে 10 মিনিটৰ ভিতৰত ৰোগী এজনক নুন্যতম প্ৰয়োজনীয় সুবিধা প্ৰদান কৰাৰ লগতে এম্বুলেন্স প্ৰদান কৰিব ।

blinkit-launches-10-min-ambulance-service-starting-from-gurugram
10 মিনিটত এম্বুলেন্স সেৱা; ব্লিংকিটে আৰম্ভ কৰিছে এই সেৱা (X/Albinder Dhindsa)

By ETV Bharat Tech Team

Published : Jan 4, 2025, 11:32 AM IST

হায়দৰাবাদ: ব্লিংকিট হৈছে ভাৰতৰ দ্ৰুত ই-কমাৰ্চ কোম্পানী, যিয়ে 10 মিনিটত মানুহক সামগ্ৰী আৰু সেৱা প্ৰদান কৰে । এতিয়া ব্লিংকিটে 10 মিনিটত বেচিক লাইফ ছাপৰ্ট (বিএলএছ)ৰ সৈতে এম্বুলেন্স সেৱা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে । দিল্লী এন চি আৰৰ এখন চহৰ গুৰুগ্ৰামত পাঁচখন এম্বুলেন্সেৰে এই সেৱা আৰম্ভ কৰা হৈছে । ব্লিংকিটৰ এই এম্বুলেন্সসমূহত অক্সিজেন চিলিণ্ডাৰ আৰু অটোমেটেড এক্সটাৰ্নেল ডিফিব্ৰিলেটৰ (এইডি)ৰ দৰে গুৰুত্বপূৰ্ণ জীৱন ৰক্ষাকাৰী যন্ত্ৰ থাকিব ।

10 মিনিটত এম্বুলেন্স সেৱা উপলব্ধ হ’ব

প্ৰতিখন বিএলএছ এম্বুলেন্সত এজন পেৰামেডিকেল, এজন সহায়ক আৰু এজন প্ৰশিক্ষিত চালক থাকিব যাতে তেওঁলোকে ৰোগীজনক অতি সোনকালে প্ৰয়োজনীয় চিকিৎসা সহায় আগবঢ়াব পাৰে । ব্লিংকিটৰ শীৰ্ষ কাৰ্যবাহী বিষয়া আলবিন্দৰ ধীন্দছাই X (পুৰণি নাম টুইটাৰ)ত এটা পোষ্টযোগে বিএলএছ এম্বুলেন্স সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । তেওঁৰ মতে, ব্লিংকিট কোম্পানীয়ে ভাৰতৰ চহৰসমূহত দ্ৰুত আৰু নিৰ্ভৰযোগ্য এম্বুলেন্স সেৱাৰ সমস্যা সমাধানৰ পৰিকল্পনা কৰিছে ।

অৱশ্যে বৰ্তমান এই সেৱা কেৱল গুৰুগ্ৰামতহে উপলব্ধ যদিও কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে তেওঁৰ পোষ্টৰ জৰিয়তে জনাইছে যে অতি সোনকালে দেশৰ অন্যান্য চহৰ আৰু অঞ্চলতো এই সেৱা আৰম্ভ কৰা হ’ব । কোম্পানীটোৰ লক্ষ্য হৈছে ব্লিংকিট এপৰ জৰিয়তে দেশজুৰি ৰাইজক বেচিক লাইফ চাপৰ্ট (বিএলএছ) এম্বুলেন্সৰ সুবিধা অতি সোনকালে প্ৰদান কৰা । মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে জনাইছে যে বৰ্তমান ব্লিংকিটৰ এম্বুলেন্স সেৱা সম্প্ৰসাৰণ পৰ্যায়ত আছে যদিও অহা দুবছৰত দেশৰ সকলো ডাঙৰ চহৰতে ইয়াক আৰম্ভ কৰাৰ লক্ষ্য লোৱা হৈছে ।

এম্বুলেঞ্চত বহু সা-সুবিধা থাকিব

প্ৰতিখন এম্বুলেন্সত অক্সিজেন চিলিণ্ডাৰ, এ ই ডি, ষ্ট্ৰেচাৰ, মনিটৰ, প্ৰয়োজনীয় মেচিনৰ লগতে জৰুৰীকালীন ঔষধ আৰু বেজীৰ দৰে সকলো প্ৰয়োজনীয় চিকিৎসা সামগ্ৰীৰ ব্যৱস্থা থাকিব । ৰোগীজনক প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে এম্বুলেন্সত এজন পেৰামেডিকেল, এজন সহায়ক আৰু এজন প্ৰশিক্ষিত চালকও উপস্থিত থাকিব ।

এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে 10 মিনিটত ৰোগীক এম্বুলেন্সৰ সুবিধা প্ৰদান কৰা কোম্পানী ব্লিংকিটে এই সেৱাৰ বাবে কিমান টকা ল’ব । যদিও, এই সন্দৰ্ভত সঠিক তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই, কিন্তু ব্লিংকিটে তেওঁলোকে আৰম্ভ কৰা এম্বুলেন্স সেৱা কোম্পানীটোৰ আৰ্থিক লক্ষ্য পূৰণৰ বাবে নহয় বুলি দাবী কৰে । কোম্পানীটোৱে জনোৱা মতে, ব্লিংকিটৰ এম্বুলেন্স সেৱা সুলভ মূল্যত ৰাইজৰ বাবে উপলব্ধ কৰা হ’ব । কোম্পানীটোৱে কয় যে তেওঁলোকৰ লক্ষ্য হৈছে দীৰ্ঘদিন ধৰি চলি থকা এই গুৰুতৰ সমস্যাটো সমাধান কৰা ।

পীয়ুষ গোৱেলৰ মন্তব্য

ব্লিংকিটে এই সেৱা আৰম্ভ কৰিম বুলি ঘোষণা কৰাৰ পাচতেই কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে সংবাদ মাধ্যমৰ আগত কয়, "এম্বুলেন্স সেৱা বা ঔষধ ডেলিভাৰী কৰিম বুলি ব্লিংকিটে ঘোষণা কৰিছে ৷ তেওঁলোকে নিশ্চিত কৰিব লাগিব যে তেওঁলোকে দেশৰ আইন মানি চলে আৰু আন যিকোনো আইনী প্ৰয়োজনীয়তা সঠিকভাৱে নজৰ দিব লাগিব । দেশৰ কোনো আইন ভংগ হ’ব নালাগে ।"

লগতে পঢ়ক:10 মিনিটৰ ভিতৰতে ঘৰতে লাভ কৰক iPhone 16 - iPhone 16 within 10 minutes

এতিয়াৰে পৰা চলন্ত ৰে’লতেই গ্ৰহণ কৰক মন পছন্দৰ সতেজ খাদ্য - Online food delivery in Train

এতিয়াৰে পৰা গ্ৰাহকে নিজেই নিৰ্ধাৰণ কৰিব পাৰিব খাদ্য ডেলিভাৰীৰ সময়

ABOUT THE AUTHOR

...view details