হায়দৰাবাদ: ৱানপ্লাছে আজি ভাৰতকে ধৰি বিশ্বৰ বজাৰত নিজৰ ফ্লেগশ্বিপ ৱানপ্লাছ 13 ছিৰিজ স্মাৰ্টফোন মুকলি কৰিবলৈ ওলাইছে । এই ছিৰিজত মুকলি কৰা হ’ব দুটা স্মাৰ্টফোন, ৱানপ্লাছ 13 আৰু ৱানপ্লাছ 13R স্মাৰ্টফোন । এই স্মাৰ্টফোনটো ইতিমধ্যে যোৱা বছৰৰ অক্টোবৰ মাহত চীনত OnePlus Ace 5 নামেৰে মুকলি কৰা হৈছিল । গতিকে, এই স্মাৰ্টফোনসমূহৰ দাম আৰু স্পেচিফিকেশন কি হ’ব আৰু ইয়াৰ লাইভ ইভেণ্ট কেনেকৈ চাব ?
OnePlus 13 Series: লাইভ কেনেকৈ চাব?
- যদি আপুনি এই ছিৰিজৰ লঞ্চ ইভেণ্ট চাব বিচাৰে তেন্তে ৱানপ্লাছৰ ইউটিউব চেনেলত গৈ লাইভ চাব পাৰে ।
- আজি (7 জানুৱাৰী) নিশা প্ৰায় 9 বজাত এই উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ’ব ।
- এই দুটা স্মাৰ্টফোনৰ উপৰিও কোম্পানীটোৱে চেফায়াৰ ব্লু ভেৰিয়েণ্টৰ ৱানপ্লাছ বাডছ প্ৰ’ 3 ও মুকলি কৰিব ।
OnePlus 13 Series: ইয়াৰ দাম কিমান হ’ব?
Powered by AI, perfected in blue.#OnePlusBudsPro3
— OnePlus India (@OnePlus_IN) January 6, 2025
Know More: https://t.co/tnqLxdKeLd pic.twitter.com/wULjESzc55
- টিপষ্টাৰ অভিষেক যাদৱৰ মতে, ৱানপ্লাছ 13 ৰ ভাৰতত মূল্য 12+256 GB মডেলৰ বাবে 70,999 টকা হ’ব পাৰে।
- একেদৰে আন এজন টিপষ্টাৰ যোগেশ বৰাৰৰ মতে, একে কনফিগাৰেচনৰ বাবে ইয়াৰ মূল্য 67 হাজাৰৰ পৰা 70 হাজাৰ টকাৰ ভিতৰত হ’ব পাৰে ।
- আপোনালোকক কওঁ যে OnePlus 12 ৰ দাম আছিল 12+256GB ৰ বাবে 64,999 টকা ।
- একেদৰে OnePlus 13R ৰ মূল্য 8+128GB বেছ ভেৰিয়েন্টৰ বাবে 45,000 টকাৰ তলত হোৱাৰ সম্ভাৱনা আছে । ভাৰতত একেটা ভেৰিয়েন্টৰ বাবে OnePlus 12R ৰ মূল্য আছিল 39,999 টকা ।
- দুয়োটা স্মাৰ্টফোন আমাজনত বিক্ৰীৰ বাবে উপলব্ধ হ’ব ।
চীনত দাম কিমান?
- যোৱা অক্টোবৰ মাহত চীনত OnePlus Ace 5 নামেৰে মুকলি কৰা হৈছিল।
- চীনৰ ভেৰিয়েণ্টৰ কথা ক’বলৈ গ’লে চীনত ৱানপ্লাছ 13ৰ মূল্য 4,499 CNY (প্ৰায় 52,638 টকা) ।
- একেদৰে OnePlus 13R ৰ দাম CNY 2599 (প্ৰায় 30,442 টকা)।
OnePlus 13 Series: স্পেচিফিকেশন (সাম্ভাব্য)
It's time to experience unmatched speed, refined craftsmanship, and effortless innovation. Inspired by the Never Settle spirit, get ready to meet the all-new #OnePlus13 Series on January 7, 2025
— OnePlus India (@OnePlus_IN) December 17, 2024
ডিছপ্লে: OnePlus 13 স্মাৰ্টফোনত 6.8 ইঞ্চি 2K 8T LTPO মাইক্ৰ’-কাৰ্ভড পেনেল আহিব বুলি আশা কৰা হৈছে যদিও 13R 6.78 ইঞ্চি ফ্লেট ডিছপ্লে পেনেল, 1.5K ৰিজ’লিউচন, আৰু 120Hz 8T LTPO প্ৰযুক্তিৰ সৈতে আহিব পাৰে ।
প্ৰচেছৰ: ৱানপ্লাছ 13 স্নেপড্ৰেগন 8 এলিট ছ’চিৰ সৈতে আহিব পাৰে আৰু 13R স্নেপড্ৰেগন 8 জেন 3 চিপছেটৰ সৈতে আহিব পাৰে ।
কেমেৰা: ৱানপ্লাছ 13 স্মাৰ্টফোনত 50MP প্ৰাইমেৰী, 50MP আল্ট্ৰাৱাইড স্নেপাৰ আৰু 50MP 3X পেৰিস্কোপ জুম লেন্স থাকিব বুলি আশা কৰা হৈছে । ৱানপ্লাছ 13R ত 50MP + 50MP (টেলিফটো) + 8MP (আল্ট্ৰাৱাইড) কেমেৰা ছেটআপৰ সুবিধা থাকিব বুলি আশা কৰা হৈছে । 13 ত 32MP চেন্সৰ থকাৰ বিপৰীতে 13R ত 16MP শ্বুটাৰ থাকিব বুলি আশা কৰা হৈছে ।
বেটাৰী: দুয়োটা ফোনতে 6,000 mAh বেটাৰী চেল পাব । 13 য়ে 100W চাৰ্জিং পাব পাৰে আৰু 13R য়ে 80W চাৰ্জিং সমৰ্থন পাব পাৰে ।
চফট্ ৱেৰ: এই স্মাৰ্টফোনটো এণ্ড্ৰইড 15ৰ ওপৰত ভিত্তি কৰি অক্সিজেনঅ’এছ 15ৰ দ্বাৰা চালিত । ইয়াত এআই ভিত্তিক বুদ্ধিমান সন্ধান আৰু ফটোগ্ৰাফী সম্পাদনা সঁজুলিও থাকিব পাৰে ।