ETV Bharat / state

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ পুথিভঁৰাল উদ্বোধন - JP NADDA IN TEZPUR

কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পুথিভঁৰাল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰে ৷

Tezpur Mental Hospital
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ পুথিভঁৰাল উদ্বোধন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 18 hours ago

তেজপুৰ : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নতুনকৈ নিৰ্মাণ কৰা পুথিভঁৰাল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰে ৷ তেওঁৰ লগতে এই উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে ৷ নাড্ডাই এই ভ্ৰমণৰ সময়ত তেজপুৰৰ এল জি বি আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ব'ৰ্ড অৱ গৱৰ্ণৰৰ সৈতে এখন বৈঠকত মিলিত হয় । এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে । কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই এই সময়ছোৱাত নতুনকৈ নিৰ্মাণ কৰা মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ মূল তোৰণও উদ্বোধন কৰে ।

বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, "লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখনৰ যিসমূহ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল এই সকলোবোৰ কেন্দ্ৰীয় চৰকাৰে সন্মতি প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিষ্ঠানখনৰ সকলো কাম সুচাৰুভাৱে পৰিচালনা কৰিব ।"

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ পুথিভঁৰাল উদ্বোধন (ETV Bharat)

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান

মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখনত মানসিক চিকিৎসা শিক্ষাৰ লগতে আনুষংগিক প্ৰশিক্ষণ দিয়া হয় । বৰ্তমান প্ৰায় ৭০তকৈ অধিক নতুন প্ৰশিক্ষাৰ্থীয়ে ইয়াত শিক্ষাগ্ৰহণ কৰি আছে । নতুনকৈ মুকলি কৰা পুথিভঁৰাল আৰু তথ্য বিজ্ঞান কেন্দ্ৰটোত বৈজ্ঞানিক পদ্ধতিৰ অধ্যয়ন কৌশল আৰু চিকিৎসা বিজ্ঞানৰ সুবিধা আছে বুলি জানিব পৰা গৈছে । বৰ্তমান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (এলজিবিআৰআইএমএইচ) নামেৰে পৰিচিত তেজপুৰ মানসিক চিকিৎসালয়খন ইতিহাসত অন্তৰ্ভুক্ত হৈ আছে ।

এই চিকিৎসালয়খন ব্ৰিটিছ চৰকাৰে ১৮৭৬ চনত অসমৰ শোণিতপুৰ জিলাত তেজপুৰ মানসিক আশ্ৰয়স্থল হিচাপে স্থাপন কৰিছিল । পৰৱৰ্তী সময়ত ১৯২২ চনত চিকিৎসালয়খনৰ নাম সলনি কৰি তেজপুৰ মানসিক চিকিৎসালয় নামেৰে নামাকৰণ কৰা হয় । ১৯৮৯ চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নামেৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইনষ্টিটিউট অৱ মেণ্টেল হেল্থ নামেৰে নামাকৰণ কৰা হয় ।

পৰৱৰ্তী সময়ত ১৯৯৯ চনত পুনৰ নাম সলনি কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (এলজিবিআৰআইএমএইচ) কৰা হয় । ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত এই চিকিৎসালয়খন অসম চৰকাৰৰ অধীনলৈ আহে । ১৯৪৯ চনত ডাঃ এন চি বৰদলৈয়ে চিকিৎসালয়খনৰ অধীক্ষক হৈ প্ৰশাসন আৰু চিকিৎসা সেৱাৰ উন্নতি সাধন কৰে ।

সেৱাসমূহ :

এলজিবিআৰআইএমএইচত আন্তঃৰোগী আৰু বহিঃৰোগী সেৱা, পুনৰ্বাসন সেৱা আৰু অন্যান্য সেৱাসমূহ আগবঢ়ায় । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী নাড্ডাৰ লগতে শোণিতপুৰ লোকসভাৰ সাংসদ ৰঞ্জিত দত্ত, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, বৰচলাৰ বিধায়ক গণেশ লিম্বু আৰু স্বাস্থ্য বিভাগৰ সচিবৰ লগতে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :গ্ৰন্থপ্ৰেমী আৰু গ্ৰন্থ বিক্ৰীৰ অভিলেখেৰে সামৰণি পৰিল গুৱাহাটীৰ অসম গ্ৰন্থমেলা - GUWAHATI BOOK FAIR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.