অসম

assam

সঞ্চাৰ সাথীৰ সহযোগত সংযোগ বিচ্ছিন্ন প্ৰায় 1 কোটি নম্বৰৰ - Drive against spam calls

By ETV Bharat Tech Team

Published : Sep 11, 2024, 12:52 PM IST

Menace of spam calls: দেশজুৰি বৃদ্ধি পাইছে চাইবাৰ অপৰাধ ৷ এই দিশলৈ লক্ষ্য ৰাখি টেলিকম বিভাগে গ্ৰহণ কৰিছে ব্যৱস্থা ৷ ভুৱা কলৰ সমস্যা ৰোধ কৰিবলৈ TRAI এ টেলিকম অপাৰেটৰসকলক ৰব’কল আৰু প্ৰি-ৰেকৰ্ডিং কলকে ধৰি স্পেম কলৰ বাবে বাল্ক সংযোগ ব্যৱহাৰ কৰা ফোন নম্বৰসমূহক বিচ্ছিন্ন আৰু ব্লেকলিষ্ট কৰিবলৈ নিৰ্দেশ দিছে । টেলিকম বিভাগে ইতিমধ্যে সংযোগ বিচ্ছিন্ন কৰিছে 1 কোটি নম্বৰৰ ৷

Etv Bharat
সঞ্চাৰ সাথীৰ সহযোগত সংযোগ বিচ্ছিন্ন প্ৰায় 1 কোটি নম্বৰৰ (@DoT_India)

নিউজ ডেস্ক, 11 ছেপ্টেম্বৰ:সংযোগ বিচ্ছিন্ন কৰা হ’ল 1 কোটি ভুৱা নম্বৰৰ ৷বুধবাৰে টেলিকম বিভাগে কয় যে তেওঁলোকৰ সঞ্চাৰ সাথী পৰ্টেলে ‘এক কোটি জালিয়াতিৰ নম্বৰ’ বিচ্ছিন্ন কৰিছে ।

DoT’s Sanchar Sathi Portal হৈছে চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে যুঁজিবলৈ সৃষ্টি কৰা নাগৰিককেন্দ্ৰিক ৱেব পৰ্টেল, যাৰ ফলত নাগৰিকে সন্দেহজনক কল আৰু বাৰ্তাৰ বাবে ৰিপৰ্ট কৰিব পাৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত DoT এ প্ৰকাশ কৰিছে, “সঞ্চাৰ সাথীৰ জৰিয়তে বিচ্ছিন্ন কৰা হৈছে 1 কোটি ভুৱা নম্বৰ ।

ভুৱা কলৰ পৰা হ’ব পৰা সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই টেলিকম অপাৰেটৰসকলক ৰব’কল আৰু প্ৰি-ৰেকৰ্ডড কলকে ধৰি স্পেম কলৰ বাবে বাল্ক সংযোগ ব্যৱহাৰ কৰা সংস্থাবোৰক বিচ্ছিন্ন কৰি ব্লেকলিষ্ট কৰিবলৈও নিৰ্দেশ দিছে ।

যোগাযোগ মন্ত্ৰণালয়ে জনোৱা মতে, “যোৱা পষেকত 3.5 লাখৰো অধিক এনে সংখ্যা বিচ্ছিন্ন কৰা হৈছে আৰু 50 টা সংস্থাক ব্লেকলিষ্ট কৰা হৈছে । ইয়াৰ উপৰিও প্ৰায় 3.5 লাখ অব্যৱহৃত/ অপৰীক্ষিত এছএমএছ হেডাৰ আৰু 12 লাখ কন্টেন্ট টেমপ্লেট ব্লক কৰা হৈছে ।"

সঞ্চাৰ সাথীয়ে ভাৰতীয় মোবাইল ব্যৱহাৰকাৰীসকলক হেৰুৱা স্মাৰ্টফোন আৰু পৰিচয় চুৰি, ভুৱা কেৱাইচি, চিইআইআৰ মডিউল ব্যৱহাৰ কৰি ট্ৰেক আৰু ব্লক কৰাত সহায় কৰে ।

মন্ত্ৰণালয়ে কয় , "চাইবাৰ অপৰাধ /বিত্তীয় জালিয়াতিৰ সৈতে জড়িত হোৱাৰ বাবে 2.27 লাখ মোবাইল হেণ্ডছেট ব্লক কৰা হৈছে ।”

এই সন্দৰ্ভত TRAI য়ে ইয়াৰ সংশোধিত নিয়মাৱলীও প্ৰকাশ কৰিছে ৷ সংযোগ সেৱাৰ মানদণ্ড (ৱায়াৰলাইন আৰু বেতাঁৰ) আৰু ব্ৰডবেণ্ড (ৱায়াৰলাইন আৰু বেতাঁৰ) সেৱা নিয়মাৱলী, 2024 (2024 চনৰ 06) ।

এই নিয়মসমূহ 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব আৰু অহা বছৰৰ 1 এপ্ৰিলৰ পৰা 3 মাহৰ অন্তৰে অন্তৰে মোবাইল সেৱাৰ মানদণ্ড প্ৰদৰ্শনৰ নিৰীক্ষণ আৰম্ভ কৰা হ’ব ।

মে’ মাহত চৰকাৰে টেলিকম চাৰ্ভিচ প্ৰভাইডাৰ (টি এছ পি)ক অহা আন্তঃৰাষ্ট্ৰীয় স্পুফড কল ব্লক কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল ৷ এই নম্বৰবোৰ ভাৰতৰ ভিতৰতে উৎপত্তি হোৱা যেন লাগে যদিও কলিং লাইনৰ পৰিচয়ত জালিয়তি কৰি চাইবাৰ অপৰাধীয়ে বহিঃৰাজ্যৰ পৰা এনে কাণ্ডবোৰ সংঘটিত কৰে ।

ড’ট আৰু টিএছপিসমূহে যিকোনো ভাৰতীয় টেলিকম গ্ৰাহকৰ ওচৰলৈ অহা আন্তঃৰাষ্ট্ৰীয় স্পুফড কল চিনাক্তকৰণ আৰু বাধা দিয়াত সহায়ক হোৱাকৈ এটা ব্যৱস্থাও উদ্ভাৱন কৰিছিল ।

ইয়াৰ পূৰ্বে ড’টিয়ে টিএছপিক ভাৰতীয় লেণ্ডলাইন নম্বৰলৈ অহা আন্তঃৰাষ্ট্ৰীয় স্পুফড কল ব্লক কৰিবলৈ কৈছিল ।

লগতে পঢ়ক:অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত অভিযুক্তৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড - Online Trading Scam

Guwahati cyber crime: জেলৰ পৰাই হত্যাৰ গোচৰত গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী ৰাজনক

ABOUT THE AUTHOR

...view details