হায়দৰাবাদ: চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেড (BSNL)ৰ ব্যৱহাৰকাৰী অন্যান্য টেলিকম কোম্পানী জিঅ’, এয়াৰটেল, ভিআইতকৈ কম হ’ব পাৰে, কিন্তু কোম্পানীটোৱে শেহতীয়াকৈ নানানটা সস্তীয়া প্লেন মুকলি কৰি বৃহৎ টেলিকম কোম্পানীবোৰক সমস্যাৰ সন্মুখীন কৰোৱাইছে । সমান্তৰালভাৱে BSNL ৰ প্ৰতি গ্ৰাহকক আকৰ্ষিতও কৰিছে ৷ শেহতীয়াকৈ ব্যৱহাৰকাৰীক আকৰ্ষণ কৰা বিএছএনএলে এতিয়া আন এক সস্তীয়া পৰিকল্পনা লৈ আহিছে । যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে আনলিমিটেড কলিঙৰ লগতে আৰু বহু সুবিধা লাভ কৰিব পাৰে । এই পৰিকল্পনাৰ বৈধতা 13 মাহৰ ।
BSNL ৰ সস্তীয়া 13 মাহৰ ৰিচাৰ্জ প্লেন
বিএছএনএলে 13 মাহৰ প্লেন মুকলি কৰিছে, অৰ্থাৎ ব্যৱহাৰকাৰীয়ে 395 দিনৰ বাবে বহু সুবিধা লাভ কৰিব পাৰিব । বি এছ এন এলৰ এই প্লেনৰ মূল্য 2399 টকা । এই প্লেনৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে যিকোনো নেটৱৰ্কলৈ বিনামূলীয়া আনলিমিটেড কলিঙৰ সুবিধা লাভ কৰিব । যদি আমি দৈনিক হিচাপত খৰচৰ হিচাপ কৰো, তেন্তে প্ৰতিদিনে খৰচ হ’ব 6 টকা ।
কিমান ডাটা উপলব্ধ হ’ব?
এই প্লেনত কল কৰাৰ লগতে প্ৰতিদিনে 100 টা বিনামূলীয়া এছএমএছ আৰু 2GB ডাটা লাভ কৰিব । এই প্লেনত 395 দিনৰ বাবে মুঠ 790GB ডাটা ব্যৱহাৰ কৰিব পাৰিব । ডাটা লিমিট শেষ হোৱাৰ পিছত আপুনি 40kbps ত ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব । যদি আপুনি এবছৰৰ বাবে ৰিচাৰ্জ কৰিবলৈ সস্তীয়া প্লেন বিচাৰি ফুৰিছে, তেন্তে এই প্লেন আপোনাৰ বাবে এটা উন্নত বিকল্প হ’ব পাৰে ।
বি এছ এন এলৰ 1999 টকাৰ প্লেন
যদি আপুনি 13 মাহৰ পৰিৱৰ্তে মাত্ৰ এবছৰ বা 365 দিনৰ বাবে ৰিচাৰ্জ প্লেন বিচাৰিছে তেন্তে বিএছএনএলে 1999 টকাত বাৰ্ষিক ৰিচাৰ্জ প্লেন আগবঢ়াইছে । এই প্লেনত কোম্পানীয়ে 600 GB হাই-স্পীড ডাটা প্ৰদান কৰিছে । ইয়াৰ লগতে আনলিমিটেড ভইচ কলিং আৰু প্ৰতিদিনে 100 টা বিনামূলীয়া এছএমএছৰ সুবিধাও আছে ।
জানিব পৰা মতে, শেহতীয়াকৈ ভাৰতৰ টেলিকম কোম্পানী (Jio, Airtel, Vi) সমূহে জুলাই মাহৰ পৰা মোবাইল ৰিচাৰ্জ প্লেনৰ খৰচ বৃদ্ধি কৰিছে । যাৰ বাবে গ্ৰাহকসকল সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল । ইয়াৰ প্ৰত্যক্ষ সুবিধা আদায় কৰিলে চৰকাৰী টেলিকম কোম্পানী BSNL এ । দেশীয় টেলিকম কোম্পানীসমূহৰ বহু পুৰণি ব্যৱহাৰকাৰী তথা গ্ৰাহকক বিএছএনএলৰ সস্তীয়া ৰিচাৰ্জ প্লেনে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে ।