গুৱাহাটী : জলাতংক, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে এই ৰোগবিধ । মহানগৰীৰ বিভিন্ন স্থানৰ বাটৰ কুকুৰৰ দেহত ধৰা পৰিছে জলাতংক বা ৰেবিজ ৰোগ । জলাতংক ৰোগত আক্ৰান্ত হোৱা কুকুৰে মানুহক কামুৰিলে এই ৰোগ হয় ৷ আনকি এই ৰোগৰ ফলত মানুহৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে ৷
জলাতংক ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে মহানগৰীত জলাতংক নিৰ্মূল এক প্ৰকল্পৰ শুভাৰম্ভ কৰা হয় । জাষ্ট বি ফ্ৰেণ্ডলী (জেবিএফ)ৰ উদ্যোগত আৰু পশুপালন বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ (জিএমচি) সহায়ত গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে জলাতংক নিৰ্মূল প্ৰকল্প শুভাৰম্ভ কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়াই ।
এই প্ৰকল্প শুভাৰম্ভ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘‘বাটৰ কুকুৰে কামুৰিলে জলাতংক ৰোগ হয় । এই ৰোগৰ পৰা হাত সাৰিবৰ বাবে জলাতংক নিৰ্মূল প্ৰকল্পৰ আৰম্ভ কৰা হৈছে ।’’
‘‘প্ৰথমে গুৱাহাটী মহানগৰীৰ ৬০ টা ৱাৰ্ডৰ বাটৰ কুকুৰক টীকাকৰণ কৰা হ'ব । ইয়াৰ পৰা জলাতংক ৰোগ কমি যাব বুলি আশা কৰিছো । বাটৰ কুকুৰৰ পৰা হোৱা এই ৰোগৰ ভয়াৱহতা ৰক্ষা কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে ।’’ মেয়ৰ মৃগেণ শৰণীয়াই কয় ৷
তেওঁ লগতে কয়, ‘‘গুৱাহাটীবাসীৰ পোহনীয়া কুকুৰৰ মৃত্যু হ'লে মৃতদেহটো সৎকাৰ কৰাৰ স্থানক লৈ কিছু সমস্যা হয় । সেয়েহে গুৱাহাটী পৌৰ নিগমে নিৰ্দিষ্ট সৎকাৰ কৰা স্থানৰ ব্যৱস্থা কৰাৰ কৰাৰ লগতে কুকুৰৰ মৃতদেহ কঢ়িওৱা বাহনৰ ব্যৱস্থা কৰাৰ চিন্তা কৰা হৈছে ।"
আনহাতে, জেবিএফৰ প্ৰতিষ্ঠাপক ড৹ শশাংকা দত্তই কয়,"অসমত জলাতংক নিয়ন্ত্ৰণ প্ৰকল্প দুটা মূল খণ্ডত গঠন কৰা হৈছে ৷ এটা গুৱাহাটী মহানগৰ আৰু আনটো তিনিখন আদৰ্শ জিলা কামৰূপ, শোণিতপুৰ, মাজুলী । গুৱাহাটী মহানগৰ অঞ্চলৰ জলাতংক প্ৰকল্পৰ লক্ষ্য হৈছে - মহানগৰীৰ কমেও ৭০ শতাংশ কুকুৰৰ টীকাকৰণ, ইন্টিগ্ৰেটেড বাইট কেছ মেনেজমেণ্টৰ জৰিয়তে ৰেবিজৰ নিৰীক্ষণ বৃদ্ধি কৰা, বিদ্যালয়, চিকিৎসালয়, ৰাজহুৱা স্থানত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা ।’’
তিনিখন আৰ্হি জিলাৰ পদক্ষেপে জলাতংক ৰোগ নিৰ্মূলৰ বাবে উদাহৰণ হিচাপে কাম কৰিবলৈ তিনিখন জিলা চিনাক্ত কৰিব বুলি তেওঁ কয় । লগতে ৯৭০৬০৪৯৫৮৫ এই হটলাইন নম্বৰটোত ফোন কৰি সন্দেহযুক্ত ৰোগীৰ খবৰ দিবলৈ তেওঁ সকলোকে আহ্বান জনায় ।