ETV Bharat / technology

30 ডিচেম্বৰত আৰম্ভ হ’ব ইছৰোৰ Spadex অভিযান - ISRO SPADEX MISSION

ইছৰোৱে 30 ডিচেম্বৰত Spadex অভিযান আৰম্ভ কৰিব । ইয়াত মহাকাশত মহাকাশযান ডক আৰু আনডক কৰাৰ প্ৰযুক্তি প্ৰদৰ্শন কৰা হ’ব । ইতিমধ্যে আৰম্ভ পঞ্জীয়ন প্ৰক্ৰিয়া ৷

isro-to-launch-its-key-spadex-mission-on-december-30
30 ডিচেম্বৰত আৰম্ভ হ’ব ইছৰোৰ Spadex অভিযান (X/ISRO)
author img

By ETV Bharat Tech Team

Published : Dec 24, 2024, 1:34 PM IST

হায়দৰাবাদ: ইছৰোৱে শীঘ্ৰেই আৰম্ভ কৰিব আন এক অভিযান । ইছৰোৱে অহা 30 ডিচেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ ‘স্পেডেক্স’ অভিযান আৰম্ভ কৰিব ।

এই অভিযানৰ অধীনত PSLV-C60 ৰকেটৰ পৰা একেলগে দুখন সৰু মহাকাশযান উৎক্ষেপণ কৰা হ’ব । এই মহাকাশযানসমূহে একেলগে কক্ষপথলৈ গৈ ডকিং প্ৰক্ৰিয়া সম্পন্ন কৰিব । দুয়োখন মহাকাশযানৰ ওজন প্ৰায় 220 কিলোগ্ৰাম । অভিযানৰ সফলতাৰ বাবে মহাকাশত ডকিং প্ৰযুক্তি অতি প্ৰয়োজনীয় । এই অভিযান সফল হ’লে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছতে ভাৰত বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব য’ত মহাকাশ ‘ডকিং’ প্ৰযুক্তিৰ সামৰ্থ্য আছে।

PS4 ৰ সৈতে PIF ৰ সুবিধা

21 ডিচেম্বৰত এই উৎক্ষেপিত বাহনখন সম্পূৰ্ণৰূপে একত্ৰিত কৰা হৈছিল । প্ৰথম উৎক্ষেপিত পেডত ইয়াক এটা ঠাইৰ পৰা আন এটা ঠাইলৈ স্থানান্তৰ কৰা হৈছিল বুলি সোমবাৰে ইছৰোৱে জনায় । PS4 ৰ সৈতে PIF ৰ সুবিধাত এই প্ৰক্ৰিয়াটো প্ৰথমবাৰৰ বাবে কৰা হৈছে । ইছৰোৱে এই প্ৰক্ৰিয়াৰ এটা ভিডিঅ’ও নিজৰ X একাউণ্টত শ্বেয়াৰ কৰে । স্পেডেক্স অভিযানত দুখন সৰু মহাকাশযান জড়িত হ’ব, যিবোৰক 55 ডিগ্ৰী হেলনীয়া কৰি 470 কিলোমিটাৰ দৈৰ্ঘৰ বৃত্তাকাৰ কক্ষপথত উৎক্ষেপণ কৰা হ’ব ।

ঐতিহাসিক মুহূৰ্তটো চাবলৈ মানুহক আমন্ত্ৰণ

ইছৰোই এই ঐতিহাসিক মুহূৰ্তটো চাবলৈ আমন্ত্ৰণ জনাইছে । ইছৰোৰ লঞ্চ ভিউ গেলেৰীত গৈ মানুহে ইয়াক লাইভ চাব পাৰিব । ইয়াৰ বাবে সোমবাৰৰ সন্ধিয়া 6 বজাৰ পৰা আৰম্ভ হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া । ইয়াৰ বিষয়ে তথ্য ইছৰোৰ ৱেবছাইটত উপলব্ধ । এই উৎক্ষেপণৰ জৰিয়তে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ কাৰিকৰী সামৰ্থ বৃদ্ধি, যুৱ বিজ্ঞানী আৰু জনসাধাৰণৰ মাজত মহাকাশৰ প্ৰতি আগ্ৰহ জগাই তোলাৰ প্ৰয়াস চলোৱা হৈছে । ইছৰোই নিজৰ X একাউণ্টত PSLV-C60 ৰকেটটো পেডলৈ নিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে ।

ডকিং প্ৰযুক্তি কি?

মহাকাশত এখন মহাকাশযান ‘ডক’ আৰু ‘আনডক’ কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰাটোৱেই এই অভিযান । ডকিং হৈছে এখন মহাকাশযানৰ সৈতে আন এখন যান সংযোগ কৰা প্ৰক্ৰিয়া আৰু আনডকিং হৈছে মহাকাশত সংযুক্ত দুখন মহাকাশযান পৃথক কৰা প্ৰক্ৰিয়া । চন্দ্ৰপৃষ্ঠৰ নমুনা সংগ্ৰহ, ভাৰতীয় মহাকাশ কেন্দ্ৰ (ISS) নিৰ্মাণ আদি ভাৰতৰ অভিলাষী অভিযানৰ বাবে এই প্ৰযুক্তি অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক: নিছাৰ উৎক্ষেপণৰ সময় নিশ্চিত কৰিলে নাছা আৰু ইছৰোৱে

গগনযানৰ প্ৰথমটো মানৱবিহীন অভিযানৰ বাবে HLVM-3 গঠনত ব্যস্ত ISRO

Spacex এ সফলতাৰে উৎক্ষেপণ কৰিলে ভাৰতীয় উপগ্ৰহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.