অসম

assam

ETV Bharat / state

ডিমা হাছাওৰ জাতিংগা নৈত কালৰ অপেক্ষা; বাঢ়নি পানীত উটি গ’ল আব্দুল অমৰ - Youth drowns to death - YOUTH DROWNS TO DEATH

Cyclone remal causes : ৰাজ্যত ধাৰাসাৰ বৰষুণ ৷ ফলত ডিমা হাছাও জিলাত পুনৰ প্ৰকৃতিয়ে লৈছে সংহাৰী ৰূপ ৷ এইবাৰ জাতিংগা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে এজন যুৱকক ৷ নাম আব্দুল অমৰ ৷

Etv Bharat
Etv Bharat (Etv Bharat)

By ETV Bharat Assamese Team

Published : May 29, 2024, 1:55 PM IST

হাফলং, 29 মে’ :প্ৰকৃতিয়ে ডিমা হাছাও জিলাত লৈছে সংহাৰী ৰূপ ৷ প্ৰচণ্ড বৰষুণৰ ফলত জিলাখন আকৌ এবাৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ ৰুদ্ৰ প্ৰকৃতিৰ বাবে বিপৰ্যস্ত হৈ পৰিছে জনজীৱন ৷ প্ৰাকৃতিক বিপৰ্যয়ৰ মাজতে জিলাখনত সংঘটিত হৈছে এক অঘটন ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, অসমৰ অন্যতম পাহাৰীয়া জিলাখনত ধাৰাসাৰ বৰষুণৰ ফলত জাতিংগা নৈৰ পানীয়ে উটুৱাই লৈ যায় এগৰাকী যুৱকক । হাৰেংগাজাও আৰক্ষী থানাৰ অন্তৰ্গত লাল গাঁৱৰ যুৱক আব্দুল অমৰে জাতিংগা নৈ পাৰ হোৱাৰ সময়তে সংঘটিত হয় এই অঘটনটো ৷

জানিব পৰা মতে, মঙলবাৰে আব্দুল অমৰ নামৰ যুৱকজনে কামৰ পৰা বিয়লি প্ৰায় 6 বজাত ঘৰলৈ বুলি উভতি আহে ৷ বৰষুণ দি আছিল যদিও জাতিংগা নৈৰ পানী সাধাৰণভাৱেই বৈ আছিল ৷ সেই হেতুকে তেওঁ খোজকাঢ়িয়েই নৈ পাৰ হ’বলৈ উদ্যত হ’ল ৷

প্ৰকৃতিয়ে ডিমা হাছাও জিলাত লৈছে সংহাৰী ৰূপ (ETV Bharat Assam)

কিন্তু কালে যে আব্দুল অমৰৰ বাবে জাতিংগা নৈৰ মাজত অপেক্ষা কৰি আছিল, সেই কথা তেওঁ অনুমানেই কৰিব পৰা নাছিল ৷ নৈখন পাৰ হ’বলৈ লওঁতেই হঠাতে পাহাৰৰ পৰা বাগৰি অহা পানীৰ ঢলে অমৰক উটুৱাই লৈ যায় ৷ ফলত মৃত্যু হয় আব্দুল অমৰ ৷

লগতে পঢ়ক :ৰেমলৰ পাচত এতিয়া কাৰ্বি লাংপী জলবিদ্যুৎ প্ৰকল্পই ভাবুকি কঢ়িয়াইছে ৰাজ্যলৈ - Karbi Langpi Hydro Electric Project

ইপিনে প্ৰকৃতিৰ এই ৰুদ্ৰ ৰূপৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ বন্ধ হৈ পৰিছে ডিমা হাছাও জিলাত ৷ ফলত বৰাক উপত্যকাৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা । যোৱা 24 ঘণ্টাৰো অধিক সময়ৰ পৰা বিদ্যুৎ পৰিসেৱা বিছিন্ন হৈ পৰিছে পাহাৰীয়া জিলাখনত ।

প্ৰকৃতিৰ তাণ্ডৱলীলাৰ বাবে বিকল হৈ পৰিছে ম’বাইল ইণ্টাৰনেট সেৱাও ৷ আনহাতে জিলা প্ৰশাসনেও ধাৰাসাৰ বৰষুণৰ বাবে জুৰুৰীকালীন কামৰ বাহিৰে বিনা কাৰণত ৰাইজক ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ পৰামৰ্শ দিছে ।

এঢলীয়া বা বিপদজনক এলাকাসমূহৰ পৰা আঁতৰি সুৰক্ষিত স্থানলৈ যোৱাৰ বাবে ৰাইজক আহ্বান জনাইছে লগতে লংকা উমৰাংচু পথত যানবাহন চলাচল নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ৷

লগতে পঢ়ক :তিনিখনকৈ ৰে‘লৰ যাত্ৰা বাতিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ - NF Railways Cancelled Trains

ABOUT THE AUTHOR

...view details