ৰঙিয়া/জোনাই, ১১ জুন:ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সূতাৰকুছিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এখন দ্ৰুতবেগী বাইকে খুন্দিওৱাত থিতাতে নিহত হয় ৰাণী বেগম (৪৫) নামৰ এগৰাকী মহিলা । ইয়াৰ পিচতেই ৰাইজে অৱৰোধ কৰে ঘাইপথটো ।
ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়াৰ কেন্দুকোনা বামুণগাঁও নিবাসী ৰাণী বেগমে ঘাইপথ অতিক্ৰম কৰিবলৈ লওতেই গুৱাহাটী অভিমুখী AS 01 FA 4058 নম্বৰৰ বাইকখনে প্ৰচণ্ড জোৰে খুন্দিওৱাত বহু দূৰৈত চিটিকি পৰে মহিলাগৰাকী । থিতাতে নিহত হয় ৰাণী বেগম ৷
আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন । স্থানীয় ৰাইজে ততাতৈয়াকৈ গুৰুতৰভাৱে আহত বাইক আৰোহীজনক ৰঙিয়াৰ এখন চিকিৎসালয়ত ভৰ্তি কৰায় । পিছত তাৰপৰা সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আধাঘণ্টাৰ পিছতো ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় লোক । শতাধিক লোকে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।