গুৱাহাটী,১৪ জুন:দেশৰ ৫১ খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে মা কামাখ্যা ধাম । মা কামাখ্যা ধামত প্ৰতিবছৰে আহাৰ মাহত অনুষ্ঠিত কৰা হয় মহা অম্বুবাচী মেলা । জনবিশ্বাস অনুসৰি এই সময়চোৱাত ৰজঃস্বলা হয় প্ৰকৃতি । যাৰ বাবে সেই নিৰ্দিষ্ট দিন কেইটাত বন্ধ থাকে মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ । এই বৰ্ষত ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচীমেলা ।
২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ চেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব । অম্বুবাচী প্ৰবৃত্তিৰ পাচত অৰ্থাৎ ২২ জুনৰ পৰা ২৬ জুনলৈ তিনিদিনৰ বাবে বন্ধ থাকিব মন্দিৰ মূল দুৱাৰ । ২৬ জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ । মহা অম্বুবাচী মেলা উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটিছে দেশ-বিদেশৰ অগণন সাধু-সন্তৰ । অম্বুবাচীমেলা আৰম্ভ হোৱাৰ প্ৰায় এমাহ পূৰ্বৰে পৰা নীলাচলৰ বুকুলৈ বহু সাধু-সন্তৰ আগমন ঘটা পৰিলক্ষিত হৈছে ।
সাধুসকলৰ বিশ্বাস অনুসৰি ১২ বছৰ নিৰ্দিষ্ট এক স্থানত বহি সাধনা, তপ-জপ কৰাৰ ফলত যি সিদ্ধি লাভ হয়, তেন্তে ক্ষেত্ৰত কামাখ্যালৈ আগমন ঘটা নগা বাবাসকলৰ বিশ্বাস অনুসৰি মা কামাখ্যাৰ ওচৰত অম্বুবাচী মেলাৰ সময়ত সাধনা কৰিলে মাৰ শক্তিৰ পৰা সেয়া ১ বছৰতে লাভ কৰিব পাৰি ।
সেয়ে এই সময়চোৱাত কামাখ্যা ধামলৈ বহু সাধু-সন্তৰ আগমন ঘটে । কামাখ্যালৈ প্ৰতিবছৰে অম্বুবাচী মেলা উপলক্ষে আগমন ঘটা সাধু-সন্তসকলৰ আপ্যায়নৰ দায়িত্বত থকা থানাপতি মহন্ত নিত্যানন্দগিৰী মহাৰাজে জনোৱা অনুসৰি বৰ্তমান সময়লৈ প্ৰায় ৮০০-৯০০ সাধুৰ নীলাচলৰ বুকুলৈ আগমন ঘটিছে । প্ৰতিবছৰে অম্বুবাচীলৈ প্ৰায় ৭-৮ হাজাৰ সাধুৰ আগমন ঘটে ।