লখিমপুৰ:কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰে নিতৌ উন্নয়নমূলক আঁচনিৰ জয়গান গায় অহাৰ সমান্তৰালকৈ সংবাদ মাধ্যমতো সঘনে প্ৰচাৰিত হৈ আহিছে চৰকাৰৰ উন্নয়নমূলক আঁচনি সম্পৰ্কে । পিছে বহু বাস্তৱ চিত্ৰই চৰকাৰৰ এনে উন্নয়নী শ্ল’গানক ভেঙুচালিহে কৰিছে ৷ লখিমপুৰ জিলাৰ এনে কেতবোৰ অঞ্চল আছে, য'ত চৰকাৰৰ কোনো আঁচনিয়ে আজিও স্পৰ্শ কৰিব পৰা নাই ।
লখিমপুৰ নগৰৰ পৰা কিছু নিলগৰ অসম-অৰুণাচল সীমান্তৱৰ্তী তেনে এক অঞ্চল হ’ল এক নং ধেমাগড় । ধেমাগড়ৰ দুৰ্দশাই চৰকাৰৰ উন্নয়নমূলক শ্ল’গানক যেন ভেঙুচালিহে কৰিছে ৷ কিয়নো সেই অঞ্চলত লোকসকলে পিতৃ-পিতামহৰ দিনৰ পৰা বসবাস কৰি আহিছে যদিও ভূমিৰ গৰাকী হ’বলৈ আজিও সক্ষম হোৱা নাই । ৰাস্তা বুলিবলৈ হাবি বননিৰে ভৰা লুংলুঙীয়া বাট । চাৰিচকীয়া দূৰৰ কথা দুচকীয়া বাহনো নচলে বহু ঠাইত ৷