অসম

assam

ETV Bharat / state

'ভিজন ২০৪৫' মাষ্টাৰ প্লেন মুকলি - UNION MINISTER SARBANANDA SONOWAL

ৰাজ্যৰ দ্বিতীয়খন মহানগৰ ঐতিহাসিক ডিব্ৰুগড়ক সজাই তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিলে মাষ্টাৰ প্লেন । 'ভিজন ২০৪৫' ৰ চূড়ান্ত মাষ্টাৰ প্লেন মুকলি কৰে সৰ্বানন্দ সোণোৱালে ।

Union Minister Sarbananda Sonowal launches 'Vision 2045' master plan
'ভিজন ২০৪৫' মাষ্টাৰ প্লেন মুকলি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 30, 2024, 10:07 PM IST

ডিব্ৰুগড়: গুৱাহাটী মহানগৰৰ পাছতে ৰাজ্যৰ আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড় চহৰখন । অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, মোহনবাৰী বিমানবন্দৰ আৰু শেহতীয়াকৈ গেছ ক্ৰেকাৰ প্ৰকল্প আৰম্ভ হোৱাত ডিব্ৰুগড় চহৰখন ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হৈ উঠিছে । উত্তৰ-পূৱৰ দুৱাৰমুখ হিচাপে বিবেচিত হোৱা ডিব্ৰুগড় চহৰত সৃষ্টি হোৱা কৃত্ৰিম বানপানী সমস্যাই দীৰ্ঘদিন ধৰি জলা-কলা খুৱাইছে ডিব্ৰুগড়ৰ ৰাইজৰ লগতে ডিব্ৰুগড়লৈ অহা ৰাইজকো ।

শেহতীয়াকৈ এজাক বৰষুণত মাহজোৰাকৈ কৃত্ৰিম বানৰ কবলত পৰা পৰিৱেশ সৃষ্টি হৈছে ডিব্ৰুগড় চহৰ । ইয়াৰ পাছতে সকলোৱে দাবী কৰিছিল ডিব্ৰুগড় চহৰখন পুনৰ নিৰ্মাণ কৰিব লাগে । অতি পুৰণি হোৱা ডিব্ৰুগড় চহৰৰ নলা-নিৰ্মাণ বিজ্ঞান ভিত্তিক নোহোৱা বাবেই এজাক বৰষুণতে কৃত্ৰিম বানৰ কৱলত পৰে ঐতিহাসিক চহৰখন । ডিব্ৰুগড়ৰ ভয়াৱহ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুৱাহাটীৰ আই আই টিৰ এটা দলে গৱেষণা কৰিব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ।

'ভিজন ২০৪৫' মাষ্টাৰ প্লেন মুকলি (ETV Bharat Assam)

ইয়াৰ মাজতে ৰাজ্যৰ দ্বিতীয়খন মহানগৰ ঐতিহাসিক ডিব্ৰুগড়ক সজাই তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিলে মাষ্টাৰ প্লেন । চহৰখনৰ জাগৃতি প্ৰেক্ষাগৃহত বুধবাৰে অনুষ্ঠিত এক অনুষ্ঠানত এই চূড়ান্ত মাষ্টাৰ প্লেন মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণোৱালে ডিব্ৰুগড়ক কৃত্ৰিম বানমুক্ত কৰিবলৈ মাষ্টাৰ প্লেনত গুৰুত্ব প্ৰদান কৰা লগতে এখন প্ৰদূষণমুক্ত চহৰ হিচাপে গঢ়াৰ চেষ্টা চলোৱা হ'ব বুলি জানিবলৈ দিয়ে ।

অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, মেয়ৰ ডাঃ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকনৰ লগতে বহুকেইটা বিভাগৰ বিষয়া-অভিযন্তাসকল উপস্থিত থাকে ।

ডিব্ৰুগড়ৰ কিমান ঠাই সামৰি প্ৰস্তুত হৈছে এই মাষ্টাৰ প্লেন:

ডিব্ৰুগড়, চৰাইদেউ উন্নয়নৰ বাবে আজি চূড়ান্ত মাষ্টাৰ প্লেন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰাৰ পাছতেই আজিৰ দিনটো ডিব্ৰুগড়ৰ ৰাইজৰ বাবে ঐতিহাসিক দিন হিচাপে বিবেচিত হৈছে বুলি কয় ডিব্ৰুগড়ৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই । ডিব্ৰুগড় চহৰ উন্নয়নৰ বাবে যি উন্নয়ন মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে তাক ৰাজ্য চৰকাৰে অনুমোদন দিছে ।

মাষ্টাৰ প্লেনৰ সীমা হৈছে উত্তৰে জকাই, পূবে ডিকম, পশ্চিমে বগীবিললৈ । ডিব্ৰুগড় চহৰত যাতে কৃত্ৰিম বানপানী পুনৰ নহয় তাৰ বাবেই এই মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে । ডিব্ৰুগড়ক কৃত্ৰিম বানৰ পৰা মুক্ত কৰিবলৈ মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে ।

সৰ্বানন্দ সোণোৱালে কয়,"ৰাজ্য চৰকাৰৰ উদ্যোগত ডিব্ৰুগড় চহৰৰ মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে । এই মাষ্টাৰ প্লেনৰ দ্বাৰা ডিব্ৰুগড় চহৰক অত্যাধুনিক কৰি গঢ় দিয়া হ'ব । ডিব্ৰুগড়ক কৃত্ৰিম বানৰ পৰা মুক্ত কৰিবলৈ মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে । প্ৰদূষণমুক্ত চহৰ হিচাপে গঢ়াৰ চেষ্টা চলোৱা হ'ব ।"

লগতে পঢ়ক:সন্ত্ৰাসবাদ নিপাত যাওঁক ! যোৰহাটত 501 গছি বন্তি প্ৰজ্বলনৰে আছুৰ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details