অসম

assam

ETV Bharat / state

দেশৰ ভিতৰতে ক্ৰীড়াৰ ক্ষেত্ৰত অন্যতম কেন্দ্ৰবিন্দু গুৱাহাটী : সৰ্বানন্দ সোণোৱাল - Olympic Day 2024 - OLYMPIC DAY 2024

Olympic Day 2024 : নগাঁৱত অলিম্পিক দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । দেশৰ ভিতৰতে ক্ৰীড়াৰ ক্ষেত্ৰত অন্যতম কেন্দ্ৰবিন্দু গুৱাহাটী । ক্ৰীড়াৰ ক্ষেত্ৰতো দেশৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি থকা হৈছে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

Union Minister Sarbananda Sonowal attends Olympic Day function in Nagaon
নগাঁৱত অলিম্পিক দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণো (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 2:29 PM IST

নগাঁও, ২৩ জুন : সমগ্ৰ দেশৰ লগতে দেওবাৰে নগাঁৱতো অনুষ্ঠিত হোৱা অলিম্পিক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বন্দৰ, জলপৰিবহন বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দেওবাৰে নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত অলিম্পিক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমৰ ক্ৰীড়া জগতখনত বহুতো সম্পদৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

নগাঁৱত অলিম্পিক দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণো (ETV Bharat Assam)

গাঁৱে-ভূঞে, চাহ বাগিচা, চহৰ অঞ্চলত থকা প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ যোগ্যতা উজ্জীৱিত কৰিবলৈ ক্ৰীড়া ক্ষেত্ৰক গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেল' ইণ্ডিয়াৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষতেই ক্ৰীড়া আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনোৱাৰ কথা উল্লেখ কৰে ।

লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ কথাও উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ক্ৰীড়া ক্ষেত্ৰত অসম ভাৰতবর্ষৰ বুকুত অন্যতম কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি উঠা বুলিও অলিম্পিক দিৱসত মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ।

আনকি দেশৰ ভিতৰতেই ক্ৰীড়াৰ ক্ষেত্ৰত অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ কথাও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত আন্তৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ আয়োজন কৰাৰ বাবে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

দেওবাৰে নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত অলিম্পিক দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা, বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁৱৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:মোদীৰ মন্ত্ৰীসভাত স্থান লাভৰ পিচত প্ৰথবাৰৰ বাবে নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - Union Minister Sarbananda Sonowal

ABOUT THE AUTHOR

...view details