অসম

assam

ETV Bharat / state

তিনিচুকীয়াত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - International Yoga Day 2024 - INTERNATIONAL YOGA DAY 2024

Yoga Day 2024 : আজি দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ দিৱসটোৰ এইবাৰৰ বিষয়বস্তু হৈছে - নিজৰ বাবে আৰু সমাজৰ বাবে যোগাসন ৷ তিনিচুকীয়াত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

INTERNATIONAL YOGA DAY 2024
তিনিচুকীয়াত মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 10:53 AM IST

তিনিচুকীয়া, ২১ জুন: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতাত ৰাষ্ট্ৰসংঘৰ সিদ্ধান্তমৰ্মে ২০১৪ চনৰ পৰা ২১ জুনৰ দিনটো সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয় ৷

আজি দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (ETV Bharat Assam)

শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পুৱা তিনিচুকীয়াত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত মানৱ কল্যাণ ভৱনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যোগাসন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইবাৰৰ যোগ দিৱসৰ বিষয়বস্তু "যোগাসন নিজৰ আৰু সমাজৰ বাবে" বুলি অংশগ্ৰহণকাৰীসকলৰ আগত উল্লেখ কৰে ৷

লগতে পঢ়ক:বিশ্ব যোগ দিৱস 2024 : আত্মা আৰু সমাজৰ বাবে যোগ - International Yoga Day 2024

যোগাসনৰ জৰিয়তে নিজৰ লগতে সমাজখন সুস্থ কৰি ৰাখিব লাগিব বুলিও সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে এই কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে ৰাজ্য চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, জিলা আয়ুক্ত স্বপ্নীল পাল, জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী পৰিষদ অৰুণজ্যোতি মৰাণকে আদি কৰি কেইবাগৰাকীও বিশেষ ব্যক্তি ৷

লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : বিশ্বজুৰি যোগৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ - International Yoga Day 2024

আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে তেজপুৰৰ নেহৰু মৈদানত অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বৰ্তমান সময়ত যোগ অতি গুৰুত্বপূৰ্ণ আৰু ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়াকৈ যোগ-প্রাণায়ম কৰিবলৈ আহ্বান জনায় ৷

লগতে অভিভাৱকসকলক শিশুক যোগৰ অভ্যাস কৰাবলৈও আহ্বান জনায় মুখ্য়মন্ত্ৰীয়ে । বৰ্তমান সময়ত যোগ নিয়োগৰ এক সুবিধা হিচাপে আৰু এটা বৃত্তি হিচাপে স্বীকৃতি লাভ কৰাৰ কথা মুখ্য়মন্ত্ৰীয়ে উপস্থিত ৰাইজৰ আগত ব্যক্ত কৰে ৷

লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2024 : হৰিদ্বাৰত যোগ গুৰু ৰামদেৱৰ যোগ চৰ্চা - 10th International Yoga Day

ABOUT THE AUTHOR

...view details