তেজপুৰ :কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত নতুনকৈ নিৰ্মাণ কৰা পুথিভঁৰাল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰে ৷ তেওঁৰ লগতে এই উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে ৷ নাড্ডাই এই ভ্ৰমণৰ সময়ত তেজপুৰৰ এল জি বি আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ব'ৰ্ড অৱ গৱৰ্ণৰৰ সৈতে এখন বৈঠকত মিলিত হয় । এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে । কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই এই সময়ছোৱাত নতুনকৈ নিৰ্মাণ কৰা মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ মূল তোৰণও উদ্বোধন কৰে ।
বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, "লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখনৰ যিসমূহ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল এই সকলোবোৰ কেন্দ্ৰীয় চৰকাৰে সন্মতি প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিষ্ঠানখনৰ সকলো কাম সুচাৰুভাৱে পৰিচালনা কৰিব ।"
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান
মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখনত মানসিক চিকিৎসা শিক্ষাৰ লগতে আনুষংগিক প্ৰশিক্ষণ দিয়া হয় । বৰ্তমান প্ৰায় ৭০তকৈ অধিক নতুন প্ৰশিক্ষাৰ্থীয়ে ইয়াত শিক্ষাগ্ৰহণ কৰি আছে । নতুনকৈ মুকলি কৰা পুথিভঁৰাল আৰু তথ্য বিজ্ঞান কেন্দ্ৰটোত বৈজ্ঞানিক পদ্ধতিৰ অধ্যয়ন কৌশল আৰু চিকিৎসা বিজ্ঞানৰ সুবিধা আছে বুলি জানিব পৰা গৈছে । বৰ্তমান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (এলজিবিআৰআইএমএইচ) নামেৰে পৰিচিত তেজপুৰ মানসিক চিকিৎসালয়খন ইতিহাসত অন্তৰ্ভুক্ত হৈ আছে ।