নগাঁও, 6 ছেপ্টেম্বৰ:সমগ্ৰ ৰাজ্য কঁপাই যোৱা ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তৰ অৱশেষত আত্মসমৰ্পণ ৷ নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ দুই অভিযুক্তৰ । যোৱা 22 আগষ্টৰ সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ গৈ থকা সময়তে ধৰ্ষণৰ বলি হৈছিল ধিঙৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী । ছাত্ৰীগৰাকীক তিনি যুৱকে ধৰ্ষণ কৰি অচেতন অৱস্থাত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছিল ।
ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো সাব্যস্ত হৈছিল উত্তাল প্ৰতিবাদ । ঘটনা সংঘটিত হোৱাৰ এটা দিন পাছতেই ঘটনাত জড়িত তফাজ্জুল নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ সেই নিশাই অনুসন্ধানৰ বাবে ঘটনাস্থলীলৈ লৈ যোৱাৰ সময়তেই পলায়নৰ চেষ্টা চলাই পুখুৰীত পৰি মৃত্যু হৈছিল অভিযুক্ত তফাজ্জুলৰ ।
কিন্তু ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰিছিল ধিঙৰ আন দুই যুৱক ফৰিদুল আৰু গোলাপ উদ্দিনৰ । ঘটনাৰ পাছৰ পৰাই পলায়ন কৰি থকা দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিনক বিচাৰি নগাঁও আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছিল যদিও আটক কৰিব পৰা নাছিল দুয়োকে । দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিনক কৰায়ত্ব কৰিব নোৱৰাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
লগতে পঢ়ক:আৰক্ষীৰ হাতৰ পৰা পলাবলৈ পুখুৰীত জাঁপ; ধিং-কাণ্ডৰ মূল অভিযুক্তৰ সলিল সমাধি - Dhing rape case