কলিয়াবৰ, 8 জুলাই :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়াও মাৰ যোৱা নাই বছৰৰ দ্বিতীয়টো বানৰ বিভীষিকা ৷ কাজিৰঙাৰ কেবাটাও অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলত আছে ৷ মানুহৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্য জীৱকুলৰ বাবেও অভাৱ হৈছে নিৰাপদ আশ্ৰয়স্থলৰ ৷ ফলত উদ্যানখনৰ বহু বন্য জীৱ-জন্তুৱে সেই স্থান এৰি ওখ আৰু নিৰাপদ স্থানলৈ ধাৱমান হৈছে ৷
আনকি উদ্যানৰ দক্ষিণ দিশৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতে বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত হৈছে বহু বন্যপ্ৰাণী জীৱ-জন্তু৷ সেয়ে বানাক্ৰান্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰিবহন বিভাগে হাতত লৈছে বিশেষ ব্যৱস্থা । পূৰ্বৰ দৰে টাইম কাৰ্ডৰ সলনি এইবাৰ আৰক্ষীয়ে এছকৰ্ট জৰিয়তে দুয়ো দিশৰ পৰা অহা-যোৱা কৰা সকলো যান-বাহন এক নিৰ্দিষ্ট গতিত পাৰ কৰাৰ ব্যৱস্থা কৰিছে ।
লগতে পঢ়ক :দিক-বিদিক হেৰুৱাইছে অবোধ জীৱ-জন্তুৱে : পানী বাঢ়িয়েই আছে কাজিৰঙাত - ASSAM FLOOD 2024
সোমবাৰে কলিয়াবৰৰ ৰাঙলু বন শিবিৰত উপস্থিত হৈ ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই যান-বাহনৰ গিতি-বিধি নিজেই তদাৰক কৰে । এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছিল যদিও জীৱকুলৰ ক্ষয়-ক্ষতি আৰু যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণ হোৱা নাছিল । কিন্তু এইবাৰ আৰক্ষীৰ এছকৰ্টৰ সহায়ত নিয়ন্ত্ৰিত গতিৰে যান-বাহনসমূহ পাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে ।’’