তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলটো গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত যেন আৰু এখোঁজ আগবাঢ়িছে ! কিয়নো দীৰ্ঘদিনৰ পৰা হলৌ বান্দৰ সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অবিৰতভাৱে কাম কৰি যোৱা বাৰেকুৰিৰ দিপ্লৱ চুতীয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এখন বিশেষ পত্ৰ আহিছে ৷
সেই পত্ৰখনৰ জৰিয়তে দিল্লীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ দিপ্লৱ চুতীয়াক নিমন্ত্ৰণ জনোৱা হৈছে । ইতিমধ্যে দিপ্লৱ আৰু তেওঁৰ পত্নীলৈ বিমানৰ অহা-যোৱাৰ টিকট প্ৰেৰণ কৰিছে বিভাগীয় বিষয়াই । ২৫ জানুৱাৰীত দিল্লীলৈ বুলি ৰাওনা হোৱাৰ লগতে ২৯ জানুৱাৰীত তাৰ পৰা তেওঁলোকে উভতনি যাত্ৰা কৰিব ৷
এই সন্দৰ্ভত দিপ্লৱ চুতীয়াই কয়, ‘‘গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী উপভোগ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আমালৈ এখন বিশেষ পত্ৰ আহিছে ৷ আমি ২৯ জানুৱাৰীৰ দিনা ঘূৰি আহিম ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আমাক জনোৱা মতে, গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও এক মত বিনিময়ৰ অনুষ্ঠান অনুষ্ঠিত হ’ব ৷’’
ইফালে, দিল্লীত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ পোৱাৰ পাছতে দিপ্লৱ চুতীয়াৰ লগতে আনন্দিত হৈ পৰিছে বাৰেকুৰিবাসী । লগতে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে সাক্ষাৎ হ’লে বাৰেকুৰিক পৰ্যটনৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ বাবে কিছু পৰিকল্পনা সন্দৰ্ভত অৱগত কৰিব বুলি সংবাদ মাধ্যমৰ আগত কয় ২০০২ চনৰ পৰা অৰ্থাৎ স্কুলীয়া দিনৰ পৰা অঞ্চলটোত মানুহৰ সৈতে সহবাস কৰি থকা হলৌৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সংগ্ৰাম কৰি অহা দিপ্লৱ চুতীয়াই ।
উল্লেখ্য যে ২১ খন গাঁৱৰে বৃহত্তৰ বাৰেকুৰি অঞ্চলটোৰ মাজত হলৌ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰাৰ লগতে ৰাইজে হলৌ দিৱসৰ দৰে অনুষ্ঠান ৰাইজৰ সহযোগত কৰি আহিছে । ইয়াৰ উপৰিও বাৰেকুৰিত গ্ৰাম্য পৰ্যটনৰ ভেঁটি গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছে দিপ্লৱ চেতিয়াই । দিপ্লৱ চেতিয়াৰ লগতে বাৰেকুৰিৰ সচেতন ৰাইজৰ সংগ্ৰামৰ বাবেই দেশ-বিদেশৰ বহু পৰ্যটকৰ আগমন ঘটিছে বাৰেকুৰিৰ হলৌ বান্দৰ চাবলৈ ।
শেহতীয়াকৈ হলৌ বান্দৰৰ বাবেই বিশ্বৰ ভিতৰতে বাৰেকুৰিৰ নাম বিখ্যাত হৈ পৰিছে । বিগত বৰ্ষৰ ২৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘‘মন কী বাত’’ অনুষ্ঠানত বাৰেকুৰিৰ হলৌ বান্দৰ আৰু বাৰেকুৰিবাসীৰ বিষয়ে সুন্দৰকৈ উল্লেখ কৰিছিল ।