নগাঁও, 17 জুলাই: এসময়ত সুৰীয়া সংস্কৃতিৰ সৌৰভেৰে উপচি থকা কলঙৰ পাৰ আজি যেন পৰ্যবসিত হৈছে নিষিদ্ধ কাৰবাৰৰ ৰম্যভূমিত ৷ ড্ৰাগছ, মাৰণাস্ত্ৰ আদিৰ বেহা অপতৃণৰ দৰেই গজি উঠিল কলঙৰ পাৰত ৷ এতিয়া ইয়াত যেন বতাহো হৈ পৰিছে বিষাক্ত ৷ মাত্ৰ এসপ্তাহৰ ভিতৰত দুটাকৈ মাৰণাস্ত্ৰ উদ্ধাৰৰ ঘটনাই ভাবিবলৈ বাধ্য কৰিছে কলংপৰীয়া ৰাইজক, কোন দিশে নগাঁৱৰ ভৱিষ্যৎ ?
যোৱা শুকুৰবাৰে নগাঁও জিলাৰ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ পৰা বটদ্ৰৱা আৰক্ষীয়ে এটা মাৰণাস্ত্ৰৰ লগতে কেইবাজাঁই সজীৱ গুলীসহ এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাচত নগাঁৱত পুনৰ মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ অভিযুক্ত । জানিব পৰা মতে মঙলবাৰে নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই পিষ্টলসহ তিনিজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক:হাতত AK-47 আৰু পিষ্টল লৈ গৈ আছিল তিনি যুৱক, বাটতে পালে আৰক্ষীয়ে
নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ মেধিৰ নেতৃত্বত আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ ভকতগাঁৱত অভিযান চলাই এই সফলতা লাভ কৰে ৷ অভিযানত আৰক্ষীৰ দলটোৱে এটা 7.65 এম এম পিষ্টলৰ লগতে চাৰি জাঁই সজীৱ গুলীসহ তিনিজন যুৱকক আটক কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ।
ধৃত যুৱক কেইটা আবু বক্কৰ ছিদ্দিক, ছিদ্দিক আলি আৰু আবু ছাহিদ বুলি জানিব পৰা গৈছে । সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত যুৱক তিনিজনক । এই তিনি যুৱকৰ বিৰুদ্ধে পূৰ্বৰ অপৰাধৰ তথ্যও বিচাৰিছে নগাঁও আৰক্ষীয়ে । ধৃত যুৱক তিনিজন দীৰ্ঘদিন ধৰি মাৰণাস্ত্ৰ সৰবৰাহৰ লগত জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । অস্ত্ৰ সৰবৰাহৰ উপৰিও বিভিন্ন অপৰাধৰ সৈতেও এই যুৱক তিনিজন জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক:বটদ্ৰৱাত ডিমাপুৰৰ পৰা ক্ৰয় কৰা পিষ্টলসহ গ্ৰেপ্তাৰ যুৱক - Youth arrested with Pistol
লগতে পঢ়ক:লখিমপুৰত পিষ্টলসহ দুই অৰুণাচলী যুৱক আটক - Detained Arunachalee youth