চিৰাং, 2 মে’:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা চিৰাং জিলাৰ বাসুগাঁও চহৰ ৷ জিলাখনৰ বাসুগাঁৱত বুধবাৰে নিশা গ্ৰেপ্তাৰ তিনিজনকৈ কে এল অ’ সদস্য ৷ সমাগত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অহা এই খবৰে স্বাভাৱিকতে চাঞ্চল্য সৃষ্টি কৰিছে জিলাখনত ৷
প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চহৰখনত চলাইছিল এক অভিযান ৷ এই অভিযান চলাই আটক কৰে তিনিজনকৈ কে এল অ’ সদস্য ৷ আটকাধীন তিনি সদস্য ক্ৰমে বাসুগাঁও চহৰৰ হেকইপাৰাৰ ৰবীন বৰ্মন ওৰফে লংকেশ্বৰ কোঁচ ওৰফে লম্বু, কোকৰাঝাৰৰ গোঁসাইগাঁৱৰ উৎপল ৰায় ওৰফে পংকজ কোঁচ আৰু বঙাইগাঁও জিলাৰ নয়টামাৰা প্ৰথম খণ্ডৰ ধনঞ্জয় বৰ্মন ৷
আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, সংগঠনটোৰ সদস্যসকলে কিছুদিনৰ পৰা বাসুগাঁও চহৰৰ বিভিন্ন ব্যক্তিক ধন দাবী কৰি আহিছিল ৷ চহৰখনৰ ষ্টেচনৰোডৰ এখন হোটেলত বাহৰ পাতি থকা অৱস্থাত আৰক্ষীয়ে এই কে এল অ’ সদস্য কেইজনক আটক কৰে ৷ আটকাধীন সদস্য কেইজনক লগত লৈ আৰক্ষীয়ে বুধবাৰে ওৰে নিশা চলায় অভিযান ৷