অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

পত্নীয়েই হত্যা কৰিছিল নেকি মাধুৰ্য বৰুৱাক ? তিনি অভিযুক্তক পুনৰ জেৰা আৰক্ষীৰ - Chabua murder case

Sensational murder: যোৱা ১০ ছেপ্টেম্বৰৰ নিশা চোকা অস্ত্ৰৰে হত্যা কৰা হৈছিল জলসম্পদ বিভাগৰ এগৰাকী কৰ্মচাৰীক । পত্নীয়ে নিশা ঘৰৰ দুৱাৰ খুলি দিয়াত লোকজনক হত্য়া কৰি নিৰ্বিঘ্নে পলাই গৈছিল হত্য়াকাৰী ? পিছে ঘটনাৰ এদিন পিচতেই হত্য়াকাণ্ডই ল'লে নতুন মোৰ ।

chabua murder case
নৃশংস হত্যাকাণ্ডত অভিযুক্ত পত্নী (ETV Bharat Assam)

মৰাণ, ২৪ ছেপ্টেম্বৰ:ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাই গাঁৱত যোৱা ১০ ছেপ্টেম্বৰত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড । নিশা ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাক । শোৱা পাটীতে হত্যা কৰা হৈছিল অতি অমায়িক বুলি পৰিচিত জলসম্পদ বিভাগৰ কৰ্মচাৰীজনক । প্ৰথম অৱস্থাত এয়া এক ডকাইতিৰ ঘটনা বুলি ভবা হৈছিল যদিও এদিন পিচতেই ঘটনাই নাটকীয় ৰূপ লয় ।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল পত্নী প্ৰহেলিকা বৰুৱাই প্ৰেমিক আৰু আন এজন সহযোগীৰ সহায়ত চোকা অস্ত্ৰ আৰু মাটি সমান কৰা ধুমুচেৰে মূৰত আঘাত কৰি অতি নিৰ্মমভাৱে হত্যা কৰাৰ লোমহৰ্ষক ঘটনা । যোৱা ১৪ ছেপ্টেম্বত চাবুৱাৰ জেৰাই গাঁৱত স্বামী মাধুৰ্য বৰুৱাক হত্যা কৰাৰ অভিযোগত আটক হয় পত্নী প্ৰহেলিকা বৰুৱা, ময়ন্ত গগৈ আৰু ভাস্কৰ শইকীয়া । তিনিওকে আটক কৰা পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

মাধুৰ্য বৰুৱাৰ হত্যাত অভিযুক্তক আটক কৰা পাছতেই সেই দিনাই চাবুৱা আৰক্ষী থানা ঘেৰাও কৰি শ শ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল । আনকি দোষীক ফাঁচি দিয়াৰ দাবীত চাবুৱাৰ ৰাজপথ অবৰোধ কৰে ক্ষুব্ধ ৰাইজে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তিনি অভিযুক্তক ডিব্ৰুগড়‌ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল চাবুৱা আৰক্ষীয়ে ।

কিন্তু চাঞ্চল্যকৰ হত্যাৰ উচিত তদন্ত কৰাৰ বাবে অভিযুক্ত প্ৰহেলিকা বৰুৱা, ময়ন্ত গগৈ আৰু ভাস্কৰ শইকীয়াক সোমবাৰে সন্ধিয়া তিনিদিনৰ বাবে চাবুৱা আৰক্ষীয়ে নিজৰ জিম্মাত লয় । মাধুৰ্য বৰুৱাৰ হত্যাৰ লগত জড়িত পত্নী প্ৰহেলিকা বৰুৱা, ময়ন্ত গগৈ আৰু ভাস্কৰ শইকীয়াক অধিক সোধা-পোছাৰ বাবে চাবুৱা আৰক্ষীয়ে জিলা ন্যায়াধীশ আদালতৰ পৰা তিনিদিনৰ জিম্মাত লোৱা পাছতে নিশা চাবুৱাৰ মডেল হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰা হয় ।

তিনিদিনৰ জিম্মাত লোৱাৰ পিচত তিনি অভিযুক্তৰ পৰা বহু তথ্য আৰক্ষীয়ে লাভ কৰিব বুলি আশা কৰা হৈছে । কিয়নো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাছতে প্ৰেমিক ময়ন্ত গগৈ আৰু ভাস্কৰ শইকীয়াই সংবাদ মাধ্যমত কৈছিল, "আমি হত্যা কৰা নাছিলো, পত্নী প্ৰহেলিকাই হত্যা কৰিছিল । আমাক ব্লেকমেইল কৰি মাতি আনিছিল ।" আৰক্ষীৰ তদন্তৰ পাছতহে সমগ্ৰ ঘটনাত কোন কেনেকৈ জড়িত সেই কথা পোহৰলৈ আহিব ।

লগতে পঢ়ক:শোৱাপাটীতে দুৰ্বৃত্তই হত্যা কৰিলে জলসম্পদ বিভাগৰ কৰ্মচাৰীক - Sensational Murder

বোৱাৰীয়েকক মৰিয়াই মৰিয়াই মাৰি পেলালে আদিত্য চেতিয়াই - Murder in Dibrugarh

ABOUT THE AUTHOR

...view details