অসম

assam

ETV Bharat / state

আপোচবিহীন স্থিতি: পুনৰ ৯০০ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে - ASSAM GOVT RBI LOAN

দহ বছৰৰ বাবে ছিকিউৰিটি নিলামৰ জৰিয়তে ২৪ ডিচেম্বৰত ৯০০ কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে । তিনি ডিচেম্বৰত ৯০০ কোটি টকাৰ ঋণ লৈছিল চৰকাৰখনে ৷

ASSAM GOVT RBI LOAN
পুনৰ ৯০০ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 22, 2024, 3:22 PM IST

গুৱাহাটী: ঋণ লোৱাৰ ক্ষেত্রত অলপো কৃপণালি কৰা নাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । এক কথাত ঋণ লোৱাৰ ক্ষেত্ৰত আপোচবিহীন স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে । চলিত মাহৰ তিনি ডিচেম্বৰত ৯০০ কোটি টকা ঋণ লোৱা ৰাজ্য চৰকাৰখনে পুনৰ ৯০০ কোটি টকা ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । দহ বছৰৰ বাবে ছিকিউৰিটি নিলামৰ জৰিয়তে ২৪ ডিচেম্বৰত ৯০০ কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰখনে ।

ইতিমধ্যে এই সম্পৰ্কীয় প্ৰস্তাৱ ৰাজ্য চৰকাৰখনে ৰিজাৰ্ভ বেংকৰ ওচৰত দাখিল কৰিছে । পূৰ্বতে মাহত এবাৰ মান ঋণ লৈছিল যদিও এতিয়া মাহত দুই-তিনিবাৰ ঋণ লয় অসম চৰকাৰে । ইফালে মাহে মাহে চৰকাৰখনে লোৱা ঋণৰ ধন কোনো উৎপাদনশীল কামত ব্যয় কৰা হোৱা নাই বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰি আহিছে যদিও চৰকাৰখনৰ কোনো প্ৰতিক্ৰিয়া নাই । একমাত্র ভোটৰ অংকত চৰকাৰখনে ৰূপায়ণ কৰা হিতাধিকাৰী সৃষ্টিকাৰী আঁচনিৰ নামতে ঋণৰ ধন ব্যয় কৰি অহা বুলি ৰাজ্য চৰকাৰখনক সমালোচনা কৰি আহিছে বিৰোধী পক্ষই ।

লগতে পঢ়ক:৮ অক্টোবৰত ৰাজ্য চৰকাৰে পুনৰ ল'ব ৭৫০ কোটিৰ ঋণ - Assam Govt RBI Loan

লক্ষণীয় বিষয় যে স্বাধীনতাৰ পাছৰে পৰা তৰুণ গগৈ চৰকাৰৰ শেষলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল মুঠ ৪১,৯৬৪ কোটি টকা । আনহাতে ২০১৬ চনত শাসনভাৰ লোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত লোৱা হৈছিল ৪৭,৭৪৫ কোটি টকাৰ ঋণ । কিন্তু মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে ।

বিগত মাৰ্চলৈকে তিনি বছৰত ড° শৰ্মা চৰকাৰে লোৱা ঋণৰ মুঠ পৰিমাণ হৈছে ৬১,১৯১ কোটি টকা । ইয়াকে ধৰি যোৱা মাৰ্চলৈকে অসম চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ হৈছে ১,৫০,৯০০ কোটি টকা । ইয়াৰ ফলত এতিয়া প্ৰতি মাহেই ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে । কিন্তু এইবোৰ কথালৈ কোনো গুৰুত্ব নিদি ৰাজ্য চৰকাৰখনে ভোটৰ অংকত প্রতি মাহে ঋণ লৈ অৰুণোদয়, মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই, চাইকেল, স্কুটী দিয়া আদি বিভিন্ন আঁচনিৰ নামত ধন ব্যয় কৰি আহিছে ।

লগতে পঢ়ক:বছৰৰ পঞ্চমটো মাহত পুনৰ ঋণ ল'বলৈ আগবাঢ়িছে অসম চৰকাৰ - Assam Govt In Debt

ৰাজ্যৰ বিত্তীয় অৱস্থা যিয়েই নহওক কিয় ভোটৰ অংকত ঋণ ল'বলৈ অলপো কৃপণালি কৰা নাই চৰকাৰখনে । সন্মূখত পঞ্চায়ত নিৰ্বাচন আৰু তাৰ পাছত ২০২৬ত বিধানসভা নিৰ্বাচন । তেনেস্থলত হিতাধিকাৰীক সন্তুষ্ট কৰি আঁচনিৰ চমক দিয়াত ব্যস্ত চৰকাৰ ।

ABOUT THE AUTHOR

...view details