তেজপুৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ সন্মুখেৰে পাৰ হৈ যোৱা পৰুৱা চাৰিআলি আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটিৰ সীমা সম্প্ৰসাৰণৰ বাবে গ্ৰহণ কৰা এক প্ৰস্তাৱে সম্প্ৰতি তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালক উদ্বিগ্ন কৰি তুলিছে । এই বিষয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে তেজপুৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে ঘটনা সন্দৰ্ভত তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ সভাপতি অধ্যাপক কুসুম কুমাৰ বণিয়া, উপ-সভাপতি পল্লৱী ঝা, তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থাৰ সভাপতি যাদৱ নাথ, সম্পাদক ৰতন বৰুৱা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰাজ্ঞদ্বীপ বৰাৰে গঠিত এটা প্ৰতিনিধি দলে শোণিতপুৰ জিলা আয়ুক্ত অংকুৰ ভৰালীক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।
স্মাৰকপত্ৰখনত বিশ্ববিদ্যালয়ৰ সন্মুখত থকা লোক নিৰ্মাণ বিভাগৰ পথটোৰ সম্প্ৰসাৰণে সৃষ্টি কৰিব পৰা সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে । বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা উল্লেখ কৰে, "প্ৰকল্পৰ প্ৰতিবেদনত দেখুওৱাৰ দৰে পথটোৰ সম্প্ৰসাৰণ কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ এক বৃহৎ অংশ ক্ষতিগ্ৰস্ত হ’ব ।"
মূল তোৰণৰ প্ৰতি ভাবুকি (ETV Bharat Assam) প্ৰতিনিধি দলটোৱে বিশ্ববিদ্যালয়ৰ সীমাৰ ফালে পথটোৰ অযুক্তিকৰ সম্প্ৰসাৰণৰ কথা আঙুলিয়াই দি এই প্ৰকল্পৰ কাৰ্যকৰীকৰণে প্ৰতিষ্ঠানটোৰ সুৰক্ষা আৰু আন্তঃগাঁথনিক কৰিব পৰা ক্ষতিৰ বিষয়ে আয়ুক্তক যুক্তিসহকাৰে অৱগত কৰে । বিষয় সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীকো এখন স্মাৰকপত্ৰৰ যোগেদি (letter D.O. TU/VC(I)/2024 তাৰিখ ২৭/৯/২০২৪) অৱগত কৰোৱাৰ কথা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক শম্ভু নাথ সিঙে জানিবলৈ দিয়ে ।
বিশ্ববিদ্যালয় চৌহদত পথ সম্প্ৰসাৰণ (ETV Bharat Assam) তদুপৰি, লোক নিৰ্মাণ বিভাগৰ (পথ) তেজপুৰ মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তাকো বিশ্ববিদ্যালয়ৰ দিশে কৰা পথ সম্প্ৰসাৰণে আনিব পৰা সমস্যাৰ বিষয়ে জনোৱা হৈছে (letter No.F.13-101/04 (EC)/4060 dated 27.11.2024) । প্ৰস্তাৱিত পথটো সম্পূৰ্ণ হ’লে বিশ্ববিদ্যালয়ৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা সৃষ্টি হোৱাৰ লগতে সীমাৰ দেৱালৰ ফলত সমীপৱৰ্তী পশুগৃহকে ধৰি পৰীক্ষাগাৰৰ স্পৰ্শকাতৰ সঁজুলিসমূহ ক্ষতিগ্ৰস্ত হ’ব বুলি উল্লেখ কৰা হয় ।
বিশ্ববিদ্যালয় চৌহদত পথ সম্প্ৰসাৰণ (ETV Bharat Assam) এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জনায়, "ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্থাপত্যৰ আৰ্হিৰে নিৰ্মাণ কৰা বিশ্ববিদ্যালয়ৰ ঐতিহাসিক মুখ্য প্ৰৱেশদ্বাৰখনো বন্ধ কৰিব লাগিব ।" আনহাতে, বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজে অভিযোগ কৰে যে ন্যস্ত স্বাৰ্থৰ বাবে পথ সম্প্ৰসাৰণৰ কাম বিশ্ববিদ্যালয়ৰ বিপৰীত দিশে হোৱা নাই, যিটো ফালে পৰ্যাপ্ত মাটি উপলব্ধ আছে । এই সমস্যাটোৰ এক সুপৰিকল্পিত আৰু তৎকালীন সমাধান হ’ব বুলি বিশ্ববিদ্যালয় পৰিয়ালে আশা প্ৰকাশ কৰিছে ।