জোনাই, ৬ অক্টোবৰ :চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ ভূমি বিবাদ দীৰ্ঘদিনীয়া । বিগত দিনত এই সমস্যা সমাধানৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ তথা সিদ্ধান্ত গ্ৰহণ কৰিছে । অসমৰ মুখ্যমন্ত্ৰীয়ে চুবুৰীয়া ৰাজ্যৰ প্ৰতিগৰাকী মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈ দীৰ্ঘদিনীয়া এই সমস্যা মীমাংসা কৰাও দেখা গৈছে । কিন্তু এতিয়াও সীমান্ত অঞ্চলত উত্তেজনা অব্যাহত আছে । প্ৰায় প্ৰতিদিনে বিভিন্ন স্থানৰ পৰা নগা, অৰুণাচলী আৰু মেঘালয়ৰ লোকৰ আগ্ৰাসনৰ খবৰ পোহৰলৈ আহি আছে ।
তেনে সময়ত ধেমাজি জিলাৰ জোনাইৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ ঘটনা । অৰুণাচলী দুৰ্বৃত্তই অঞ্চলটোত তাণ্ডৱ চলাইছে । ১৫০ৰ পৰা ২০০ জনীয়া অৰুণাচলী দুৰ্বৃত্তৰ এটা দলে অসমৰ ভূমিত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ উপদ্ৰৱ চলাইছে । অসমৰ ভূমিত থকা প্ৰায় শতাধিক সৰু-বৰ গছ কাটি থৈ গ'ল অৰুণাচলী দুৰ্বৃত্তই । কেৱল এয়াই নহয় দৰিদ্ৰ কৃষকৰ খেতিও নষ্ট কৰি থৈ গ'ল দুৰ্বৃত্তৰ দলটোৱে । এই অভিযোগ অঞ্চলটোৰ স্থানীয় লোক তথা কৃষকৰ ।
অৰুণাচলী দুৰ্বৃত্তৰ উপদ্ৰৱ
স্থানীয় লোকসকলে অভিযোগ কৰা মতে শনিবাৰে অৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে হাতে হাতে বন্দুক, চোকা অস্ত্ৰ, গছ কটা সঁজুলি আদি লৈ অসমৰ ভূমিত প্ৰৱেশ কৰিছিল । তাৰ পিচত এফালৰ পৰা কাটি গ'ল শিমলু, বগৰী, নিমগছকে ধৰি বহু মূল্যৱান গছ-গছনি । কেৱল এয়াই নহয় অভিযোগ অনুসৰি ৩০ বিঘাৰো অধিক ভূমিত কৰা তিল খেতিও নষ্টি কৰি থৈ যায় দুৰ্বৃত্তৰ দলটোৱে । এনে পৰিস্থিতিত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে সীমান্ত অঞ্চলটোৰ লোকসকল । ঘটনাৰ পিছতে স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়াত জোনাই ৰাজহ চক্ৰ বিষয়াকে ধৰি এটা আৰক্ষীৰ দলে আহি পৰিস্থিতিৰ বুজ লয় । জানিব পৰা মতে ঘটনা সন্দৰ্ভত অঞ্চলটোৰ ভুক্তভোগী লোকসকলে এজাহাৰো দাখিল কৰিছে ।