গুৱাহাটী,২ মাৰ্চ:নতুন পেন্সন নীতি বাতিল আৰু শ্ৰমিক-কৰ্মচাৰীৰ অৱসৰী জীৱনৰ লাখুটিস্বৰূপ পুৰণি পেন্সন নীতি ব্যৱস্থা পুনৰ প্ৰৱৰ্তন নোহোৱালৈকে আন্দোলন অব্যাহত ৰাখিব সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই ।
অহা ১২ মাৰ্চত অসমৰ প্ৰতিটো ৰাজহুৱা স্থানত শ্ৰমিক-শিক্ষক-কৰ্মচাৰীয়ে ২ ঘণ্টীয়া অৱস্থান কাৰ্যসূচী পালন কৰি অসমৰ ৰাজ্যপাললৈ এনপিএছ বাতিল কৰি পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰিব । তদুপৰি এনপিএছ যিহেতু দেশৰ সামাজিক-অৰ্থনৈতিক সমস্যা, সেয়েহে ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে ৰাইজৰ সহযোগৰ বাবে সেইদিনাৰ পৰাই অসমৰ সকলো ৰাজইক গোহাৰী পত্ৰ বিতৰণ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই এই কথা ঘোষণা কৰে । তেওঁ সংবাদমেলত কয় যে নতুন পেন্সন নীতিৰ পৰ্যালোচনা হ'ব বুলি বিভিন্ন মহলৰ পৰা পোৱা বাতৰিৰ পিচতে দুৰ্ভাগ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে ২৬ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ মজিয়াত পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবী নস্যাৎ কৰিছে । পুৰণি পেন্সন নীতি অব্যাহত ৰাখিলে ৰাজ্যৰ অৰ্থনীতি ভাঙি পৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে । ইয়াৰ লগতে এনপিএছ সম্পৰ্কত কিছুমান বিভ্ৰান্তিকৰ তথ্যও দাখিল কৰিছে ।
সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা আৰু জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নছ অসমে মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰে । পেন্সনৰ নামত এয়া এক প্ৰতাৰণা আৰু কৰ্মচাৰীসকলৰ ধনক বজাৰত বিনিয়োগ কৰি পুঁজিপতি গোষ্ঠীক অধিক ধনী কৰাৰ এক পৰিকল্পনাৰ নামান্তৰহে মাত্ৰ বুলি সংবাদমেলত অভিযোগ কৰে অচ্যুতানন্দ হাজৰিকাই । তেওঁ উল্লেখ কৰা মতে ২০৩৫ চনত প্ৰতিমাহে ৩০,০০০ টকাকৈ পাবলৈ হ'লে এনপিএছত মুঠ ধন হ'ব লাগিব ১,৫০,৯২,০০০ টকা । মহাবিদ্যালয়ৰ শিক্ষক বা প্ৰশাসনিক বিষয়া পৰ্যায়তহে এই ধন জমা হোৱা সম্ভৱ ।