অসম

assam

শ্ৰীশ্ৰী মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন - Sri Sri Mathuradas Burha Ata

By ETV Bharat Assamese Team

Published : 6 hours ago

Death anniversary of Sri Sri Mathuradas Burha Ata : বৰপেটা সত্ৰত বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি পালন । পাঁচ দিনীয়াকৈ আয়োজন কৰা হৈছে এই উপলক্ষে কীৰ্তন মহোৎসৱ । উক্ত কীৰ্তন মহোৎসৱত অংশগ্ৰহণ কৰে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ।

Death anniversary of Sri Sri Mathuradas Burha Ata festival observed in Barpeta
মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ (ETV Bharat Assam)

বৰপেটা, ২১ ছেপ্টেম্বৰ :আজি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি । এই উপলক্ষে সত্ৰখনিত পালন কৰা হৈছে কীৰ্তন মহোৎসৱ । শ্ৰীমন্ত শংকৰ-মাধৱ দুজনা গুৰুৰ পিচতেই বৰপেটাৰ সত্ৰীয়া ব্যৱস্থাত অধিক মান্যতা প্ৰদান কৰা হয় মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য, শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাক ।

মাধৱদেৱ মহাপুৰুষে স্থাপন কৰা বৰপেটা সত্ৰক পূৰ্ণতা প্ৰদানেৰে আধুনিক সমাজ ব্যৱস্থা গঢ় দিওতা মথুৰাদাস বুঢ়া আতাৰ নিজস্ব চিন্তাৰে বৰপেটা সত্ৰ ব্যৱস্থাত হাটীয়াৰ পুঁজিৰে বেংক ব্যৱস্থাৰ আৰম্ভণি, চৰু ভঁৰাল স্থাপন আদিৰ জৰিয়তে সত্ৰবাসী লোকসকলে যাতে প্ৰয়োজনত ঋণ লাভ কৰে আৰু ভকত বৈষ্ণৱে খাদ্যৰ সমস্যাত পৰিব নালাগে তেনে ব্যৱস্থা গঢ়ি তুলিছিল ।

মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ (ETV Bharat Assam)

তদুপৰি সত্ৰৰ সত্ৰাধিকাৰজনা পুৰুষাণুক্ৰমিক নহৈ সত্ৰবাসীৰ দ্বাৰা নিৰ্বাচন কৰাৰ পৰম্পৰা সৃষ্টিৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰো জন্ম দিয়া মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ বৰপেটা সত্ৰত পাঁচ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় ।

মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত কৰা হয় । বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱৰ মূল সবাহ উপলক্ষে ভকত-বৈষ্ণৱ আৰু আইসকলৰ পুৱাৰ প্ৰসংগৰ সামৰণিৰ পিচত সত্ৰৰ বংশৰা আৰু গায়ন-বায়নে সত্ৰৰ গুৰু আসনৰ সন্মুখত গুৰুঘাট বজাই খোল-প্ৰসংগ কৰাৰ লগতে ভোজন বেহাৰ নাটৰ অংক পৰিৱেশন কৰে ।

এই কীৰ্তন মহোৎসৱত অংশগ্ৰহণ কৰা মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে কয়, "বৰপেটা সকলোৰে বাবে বন্দনীয় থান । এই থানৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতা হ'ল ১২ জনা আতাপুৰুষৰ ভিতৰত অন্যতম । সেয়েহে আজি মই আতাপুৰুষজনাৰ তিৰোভাব তিথিৰ কীৰ্তন মহোৎসৱত ভাগ ল'বলৈ বৰপেটা সত্ৰত উপস্থিত হৈছো ।"

তেওঁ লগতে কয়, "আতা পুৰুষসকলৰ আদৰ্শ, তেওঁলোকে দি যোৱা অৱদান যুৱপ্ৰজন্মৰ ওচৰলৈ লৈ যোৱাত সত্ৰাধিকাৰগৰাকীয়ে গুৰুত্ব আৰোপ কৰে ।’’ আনহাতে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে কয়, "সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰৰ কীৰ্তন মহোৎসৱ পৰম্পৰাগত ৰীতি-নীতিৰে পাচদিনীয়াকৈ উদযাপন কৰা হৈছে । এই ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা নিত্যন্তই প্ৰয়োজনীয় ।"

লগতে পঢ়ক:V Bharat / Videos বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰৰ ৫৩৪ সংখ্যক জন্মজ‌য়ন্তী পালন - MATHURA DAS BURHA ATA

Bhaona Samaroh: প্ৰথমবাৰৰ বাবে সত্ৰ নগৰী বৰপেটাত ভাওনা সমাৰোহৰ আয়োজন

ABOUT THE AUTHOR

...view details