অসম

assam

ETV Bharat / state

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ দেহাৱসান

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা শিশু সাহিত্যিক বিকাশ শৰ্মা আৰু নাই । ৫৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক শৰ্মাই ।

Senior journalist Bikash Sharma passes away in Golaghat
গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ দেহাৱসান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

গোলাঘাট: গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা শিশু সাহিত্যিক বিকাশ শৰ্মা আজি নগৰৰ মুক্তা দুৱৰা পথস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । কেৱল সাংবাদ ক্ষেত্ৰৰ লগতে গোলাঘাট জিলাৰ বৌদ্ধিক মহলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিকাশ শৰ্মা আছিল এগৰাকী নিষ্ঠাবান আৰু সাহসী সাংবাদিক । অসমৰ এটা আগশাৰীৰ সংবাদ গোষ্ঠীৰ সাংবাদিক হিচাপে নিয়োজিত থকাৰ উপৰিও শিশু সাহিত্যিক হিচাপে পৰিচিত আছিল বিকাশ শৰ্মা ।

দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল সাংবাদিকগৰাকী আৰু অৱশেষত মঙলবাৰে নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । তেখেতৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিচতে বাসগৃহত ভিৰ কৰে গুণমুগ্ধই । সাংবাদিকগৰাকীৰ নশ্বৰ দেহ তেখেতৰ বাসগৃহৰ পৰা পোনে পোনে গোলাঘাট জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়লৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে লৈ অনা হয় । এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰোহিত গগৈ, সম্পাদক গিৰিণ বৰাই সন্থাৰ পতাকা অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পাছতে প্ৰায় শতাধিক দল-সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ দেহাৱসান (ETV Bharat Assam)

তেখেতৰ মৃত্যুত শোকত ভাগি পৰিছে গোলাঘাট জিলাৰ সাংবাদিক মহল । এই গৰাকী সাংস্কৃতিক কৰ্মীক হেৰুৱাই গোলাঘাটৰ লগতে অসমে এক ডাঙৰ সম্পদ হেৰুৱাইছে বুলি বিভিন্ন জনে মত পোষণ কৰে । গোলাঘাটৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰথম চিপাহী বিদ্ৰোহৰ সূচনা হোৱা নুগোৰা অঞ্চলত জন্ম গ্ৰহণ কৰা বিকাশ শৰ্মাই ৮০ দশকত সাংবাদিক জীৱনত ভৰি দিয়ে আৰু তাৰ পাছৰে পৰা কোনোদিন থমকি ৰোৱা নাই তেখেতৰ কলম । বিশেষকৈ অনুসন্ধানমূলক বাতৰি পৰিৱেশন কৰি আহিছিল শৰ্মাই ।

তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই কয়, "গোলাঘাটবাসীৰ মৰমৰ বিকাশ শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰিলে ৷ বহুত দিনৰ পৰা তেখেত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছিল । সাংবাদিক বুলি ক'লে গোলাঘাটত বিকাশ শৰ্মাক চিনি পাইছিল বলিষ্ঠ আৰু সাহসী সাংবাদিক হিচাপে ৷ তেখেত বহু বঁটা পাবলৈ সক্ষম হৈছিল আৰু মোৰ লগত অতি ঘনিষ্ঠ সম্পৰ্ক আছিল ৷ কিন্তু হঠাৎ আজি তেখেতে শেষ নিশ্বাস ত্যাগ কৰিলে যাৰ বাবে মনত বহুত দুখ অনুভৱ কৰিছোঁ । তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ ।"

আনহাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰোহিত গগৈয়ে কয়, "অসমৰ লগতে গোলাঘাট জিলাবাসীৰ বাবে এক দুখৰ খবৰ । আমাৰ সতীৰ্থ সাংবাদিক বিকাশ শৰ্মা আজি পৰলোকপ্ৰাপ্তি হৈছে । সাংবাদিকৰ লগতে তেওঁ এজন সমাজ সচেতন ব্যক্তি আছিল । শিশু সাহিত্যিক হিচাপে পৰিচিত আছিল বিকাশ শৰ্মা আৰু তেওঁৰ শেষ গ্ৰন্থখন এতিয়া ছপাশালত আছে । দীৰ্ঘদিনৰ পৰা তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল কিন্তু তেওঁৰ লিখনি স্তব্ধ হোৱা নাছিল । তেনে এজন ব্যক্তিক হেৰুৱাই মৰ্মাহত হৈছোঁ আৰু যাৰবাবে গোলাঘাট জিলা সাংবাদিক সন্থাই তিনিদিনীয়া শোক প্ৰকাশ পালন কৰিব । ইফালে গোলাঘাট প্ৰেছ ক্লাৱে তেখেতৰ মৃত্যুত ক্লাৱৰ পতাকা অৰ্ধনমিত কৰি ৭ দিনীয়া শোক প্ৰকাশ কৰে ।

উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতে তেখেতৰ নশ্বৰদেহ পোনে পোনে জন্ম স্থান নুগোৰা অঞ্চললৈ লৈ যোৱা হয় আৰু তাতে তেখেতৰ শেষকৃত সমাপন কৰা হয় । জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ মৃত্যুত বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা আদিকে ধৰি শতাধিক দল-সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

লগতে পঢ়ক:গুইজানত নৃশংস হত্যাকাণ্ড, আটক মহিলা

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত উপলব্ধ 'ক্ৰিপিডিয়া' গোত্ৰৰ কপৌফুললৈ আন্তৰ্জাতিক স্বীকৃতি

ABOUT THE AUTHOR

...view details