নগাঁও, ১৫ আগষ্ট :বৃহস্পতিবাৰে দেশজুৰি ৭৮ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয় । কিন্তু স্বাধীনতা দিৱসৰ উৎসাহ-উদ্দীপনাৰ মাজতে ৰাজ্যৰ আন কেইবাটাও প্ৰান্তৰ লগতে নগাঁৱতো সৃষ্টি হয় বোমা আতংকৰ ।
স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পাছতেই বিদ্ৰোহী সংগঠন আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ৰাজ্যৰ মুঠ ১৯ টা প্ৰান্তৰ লগতে নগাঁৱৰ দুটাকৈ স্থানত বোমা সংস্থাপন কৰা বুলি উল্লেখ কৰাৰ লগে লগেই সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ । নগাঁৱৰ ম'হখুলিৰ সমীপৰ আদিত্য হাস্পতালৰ কাষৰ পথৰ দাঁতিত এটা বোমা পুতি থোৱা বুলি আলফা স্বাধীনৰ বিবৃতিটোত উল্লেখ কৰা হয় । ইয়াৰ পাছতেই উক্ত স্থানত উচ্চপদস্থ আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ অভিযান আৰম্ভ কৰে ।
অৱশ্যে এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে উক্ত স্থানৰ পৰা কোনো বোমা উদ্ধাৰ হোৱা নাই যদিও বোমাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীৰ দলটোৱে । ইয়াকে লৈ এতিয়াও অঞ্চলটোত আতংকময় পৰিৱেশ বিৰাজমান হৈ আছে । আনহাতে, নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ সমীপৰ পথৰ দাঁতিত আন এটা বোমা সংস্থাপন কৰা বুলিও বিবৃতিটোত উল্লেখ কৰাৰ পাছত উক্ত স্থানতো নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত আৰক্ষীৰ আন এটা দলে বোমা বিচাৰি অভিযান আৰম্ভ কৰে ।