নতুন দিল্লী: দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে আৰম্ভ কৰিছে ব্যাপক কুচকাৱাজ ৷ দলটোৰ নেতাসকলে নিজা নিজা সমষ্টিৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ সভা-সমিতি আদিত সঘনাই অংশ লোৱা দেখা গৈছে ৷ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালো পিছ পৰি ৰোৱা নাই এই অভিযানৰ পৰা ৷ নিৰ্বাচনী প্ৰচাৰ তথা আন দায়িত্বৰ মাজতে তেওঁ অলপতে দিল্লীৰ স্কুল অৱ স্পেছিয়েলাইজড এক্সিলেঞ্চৰ দ্বাৰা আয়োজন কৰা ‘লহৰ’ শীৰ্ষক কলা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা দেখি আনন্দিত হৈ পৰে কেজৰিৱাল ৷
কলা প্ৰদৰ্শনীত কেজৰিৱালে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাক প্ৰশংসা কৰি কয় যে শিশুৱে যেতিয়া উপযুক্ত পৰিবেশ আৰু সুবিধা লাভ কৰে, তেতিয়া তেওঁলোকৰ কলা আৰু আত্মবিশ্বাস উজলি উঠে ৷ তেওঁ দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থাৰ উন্নীতকৰণৰ কথা উল্লেখ কৰি কৰি কয়, "10 বছৰ পূৰ্বে এই বিদ্যালয়সমূহত বুনিয়াদী শিক্ষাৰ সুবিধা সামান্য আছিল ৷ কিন্তু এতিয়া শিশুসকলে গীত-নৃত্য আৰু আন আন কলাৰ ক্ষেত্ৰত নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হৈছে ৷"
এই কলা প্ৰদৰ্শনীত শিশুসকলে নিজা নিজা পাৰদৰ্শিতা প্ৰদৰ্শন কৰে ৷ কাৰ্যসূচীৰ মাজতে শিশুসকলে কেজৰিৱালক তেওঁলোকৰ সৈতে নৃত্য কৰিবলৈও অনুৰোধ জনায় ৷ শিশুসকলৰ অনুৰোধ পেলাব নোৱাৰি তেওঁলোকৰ সৈতেও প্ৰাণ খুলি নাচিলে কেজৰিৱালে ৷ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই এক মন্তব্যত কয়, ‘‘এয়া দিল্লীৰ বিদ্যালয়ৰ শিশু, যেতিয়া তেওঁলোকে কিবা এটা ভাবে, সেয়া কৰিহে এৰে ৷’’
़जब बच्चों को सही माहौल और सुविधाएँ मिलती हैं तो उनकी कला और आत्मविश्वास चमत्कार कर सकते हैं। 10 साल पहले सरकारी स्कूलों में बुनियादी सुविधाएं तक नहीं थीं। आज वहीं से बच्चे संगीत, नृत्य और कला के ज़रिए अपनी पहचान बना रहे हैं।
— Arvind Kejriwal (@ArvindKejriwal) December 22, 2024
दिल्ली सरकार के Schools of Specialised Excellence… pic.twitter.com/BZ7i3dI93K
এই কলা প্ৰদৰ্শনী ‘লহৰ’ৰ আয়োজন কৰিছিল দিল্লীৰ বিদ্যালয় শিক্ষা পৰিষদে ৷ এই প্ৰদৰ্শনীৰ মূল উদ্দেশ্য হৈছে কলাৰ ক্ষেত্ৰখনত উচ্চ শিক্ষা আৰু কেৰিয়াৰ গঢ়াৰ বাবে উপযুক্ত সুবিধা প্ৰদান কৰা ৷ ‘লহৰ 2024’ ৰ মূল বিষয়বস্তুৱে ইতিহাস, সমৃদ্ধি আৰু সময়ৰ প্ৰবাহৰ সংযোগ ঘটোৱাৰ প্ৰয়াসক প্ৰতিফলিত কৰিছে ৷ এই প্ৰদৰ্শনীত ছাত্ৰসকলক নিজৰ ৰচনাত্মক প্ৰতিভা বিকাশৰ বাবে প্ৰেৰণা যোগোৱা হয় ৷ সংগীত, হস্তকলা, ছবি নিৰ্মাণ, অভিনয় আৰু সংবাদ অধ্যয়ন আদি বিষয়সমূহ ইয়াত অন্তৰ্ভুক্ত ৷
এই শিল্প প্ৰদৰ্শনীত উপস্থিত ৰাইজে দিল্লীৰ শিক্ষা আৰ্হিৰ বৈপ্লৱিক পৰিৱৰ্তনক শলাগ লয় । তেওঁলোকে কয় যে এনে পদক্ষেপে শিশুসকলৰ প্ৰতিভা বৃদ্ধিৰ সুযোগ দিয়াই নহয়, তেওঁলোকৰ ভৱিষ্যতৰ বাবেও অনুপ্ৰাণিত কৰে । কেজৰিৱালে তেওঁৰ ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰি কয় যে এই শিশুসকল কাইলৈৰ ভাৰতৰ উজ্জ্বল ছবি আৰু তেওঁলোকৰ বিকাশ দেশৰ ভৱিষ্যতৰ বাবে অপৰিহাৰ্য ।
ছাত্ৰ-ছাত্ৰীসকলে এই কলাসমূহ প্ৰদৰ্শন কৰে -
দৃশ্য কলা প্ৰদৰ্শন: ভাৰতীয় পৰম্পৰাৰ পৰা অনুপ্ৰাণিত চিত্ৰকলা, ভাস্কৰ্য, ক্ষুদ্ৰ শিল্প আৰু ব্লক প্ৰিন্টিং প্ৰদৰ্শন কৰা এখন গেলেৰী ।
ইন্টাৰেক্টিভ ষ্টল আৰু লাইভ আৰ্ট: পৰম্পৰাগত ভাৰতীয় কলা-কৌশলৰ লগতে আধুনিক ডিজিটেল সৃষ্টিৰ প্ৰদৰ্শন ।
পৰিবেশন: ভাৰতীয় শাস্ত্ৰীয় আৰু পশ্চিমীয়া সংগীতৰ লাইভ পৰিবেশন ।
মিডিয়া আৰু ফিল্ম ষ্টল: ছাত্ৰ-ছাত্ৰীসকলে নিৰ্মাণ কৰা ফটোগ্ৰাফী, চিনেমাট’গ্ৰাফী আৰু চুটি ছবিয়ে তেওঁলোকৰ গল্প কোৱা আৰু কাৰিকৰী দক্ষতা প্ৰদৰ্শন কৰে ৷
আকৰ্ষণীয় কৰ্মশালা: দৰ্শকে কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইবাৰৰ বিষয়বস্তুৰ বিষয়ে গভীৰ জ্ঞান লাভ কৰে ।
লগতে পঢ়ক: কেজৰিৱালৰ বিৰুদ্ধে গোচৰ চলাবলৈ ইডিক অনুমতি লেফটেনেণ্ট গভৰ্ণৰৰ !