ETV Bharat / state

চকুৰ পচাৰতে বিদায় মাগিলে ৰেপিড' চালকসহ অধিবক্তাই - GUWAHATI ROAD ACCIDENT

গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত ভয়ংকৰ পথ দুৰ্ঘটনা । দ্ৰুতবেগী বাহনে মহটিয়াই লৈ গ'ল এখন মটৰ চাইকেলক ।

Guwahati Road Accident
ৰাজপথত মৃত্যু কিৰিলি;অকালতে প্ৰাণ হেৰুৱালে অধিবক্তাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী : সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰাজপথত পুনৰ কঠোৰ হৈছে গুৱাহাটী আৰক্ষী । ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত মহানগৰীৰ বিভিন্ন প্ৰান্তত যান-বাহন আৰক্ষীয়ে তালাচী আৰম্ভ কৰিছে । তাৰ মাজতে প্ৰায় প্ৰতিনিশাই গুৱাহাটীৰ ৰাজপথত দুৰ্ঘটনা সংঘটিত হৈছে । দেওবাৰে নিশাও গুৱাহাটীৰ দিছপুৰ ছুপাৰ মাৰ্কেটৰ উৰণসেতুৰ ওপৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । উৰণসেতুৰ ওপৰত দ্ৰুতবেগী বাহনে মহটিয়াই লৈ গ'ল এখন মটৰ চাইকেলক । দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন যুৱক । ইফালে হাস্পতাললৈ লৈ যোৱাৰ সময়তে বাইকখনৰ আৰোহী যুৱতীগৰাকীৰো মৃত্যু হয় ।

ৰেপিড' চালক আৰু অধিবক্তাৰ মৃত্যু

ৰাজপথত মৃত্যু কিৰিলি;অকালতে প্ৰাণ হেৰুৱালে অধিবক্তাই (ETV Bharat Assam)

জানিব পৰা মতে নিহত যুৱকজন ৰেপিড' চালক আছিল । নিশা প্ৰায় ১০ বজাত এগৰাকী যুৱতীক লৈ গণেশগুৰিৰ পৰা ছয়মাইলৰ দিশে গৈ আছিল ৰেপিড' চালকজন । তেনে সময়তে পিছফালৰ পৰা কোনো অচিনাক্ত বাহনে তীব্ৰবেগেৰে মটৰ চাইকেলখনত খুন্দা মাৰি পলায়ন কৰে । দুৰ্ঘটনাটোত ৰেপিড' চালকজনৰ মৃত্যু হোৱাৰ লগতে আৰোহী যুৱতগৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ পথত মৃত্যু হয় । মৃত যুৱকজন নলবাৰীৰ ৰঞ্জিত ৰাজবংশী বুলি জানিব পৰা গৈছে । ইফালে যুৱতীগৰাকীক লামডিঙৰ প্ৰিয়া সোণাৰ বুলি চিনাক্ত কৰা হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল ২৫ বছৰীয়া প্ৰিয়া সোণাৰ ।

দুৰ্ঘটনাত পতিত মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS-01-BU-7601 । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে উক্ত স্থানত আৰক্ষীৰ লোকসকল উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । কিন্তু কি বাহনে মহটিয়াই থৈ গ'ল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :নৰখাদক বাঘৰ পৰা ৰাইজক দিব সুৰক্ষা ! কেশৱ মহন্তৰ নতুন প্ৰতিশ্ৰুতি - KALIABOR TIGER ATTACK

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.