ETV Bharat / state

কেৱল সন্দেহতেই... ! গুৰুলা-গুৰুলকৈ প্ৰহাৰ দুজনক - MOB ATTACKS IN SILCHAR

বাংলাদেশী সন্দেহত মণিপুৰ আৰক্ষীৰ এগৰাকী জোৱানক আৰু সোপাধৰাৰ সন্দেহত মানসিকভাৱে বিকাৰগ্ৰস্ত এজন লোকক নিৰ্মমভাৱে অত্যাচাৰ ।

Two Shocking Mob Attacks in Silchar
মৰেল পুলিচিঙৰ ঘটনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 4 hours ago

শিলচৰ : কাছাৰত চাঞ্চল্য ৷ দেওবাৰে দিনৰ পোহৰতে শিলচৰ চহৰত সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা । জানিব পৰা মতে, এই দুয়োটা ঘটনাই সংঘটিত হৈছে শিলচৰ চহৰৰ চদৰঘাট অঞ্চলত ।

প্ৰথম ঘটনা : ব্যস্ততাময় ৰাজপথত হঠাৎ লাগি হ’ল হুলস্থূল ৷ এদল উন্মত্ত লোকে আক্ৰমণ কৰে এগৰাকী লোকক ৷ ঘটনাটো সংঘটিত হৈছে চদৰঘাটৰ স্বামী বিবেকানন্দৰ মূৰ্তিৰ সম্মুখত । লগে লগে ঘটনাস্থলীত উপস্থিত হয় এগৰাকী যান-বাহন আৰক্ষীৰ লোক ৷ কিন্তু উন্মত্ত লোকে যেন কাৰোলৈ কেৰেপেই নকৰে ৷ অবৈধ বাংলাদেশী বুলি অভিযোগ উত্থাপন কৰি আৰক্ষীৰ সন্মুখতে উপৰ্যুপৰি প্ৰহাৰ কৰে লোকজনক ৷

জানিব পৰা মতে, ভুক্তভোগী লোকজন হৈছে ইম্ফলৰ বাসিন্দা তথা মণিপুৰ আৰক্ষীত কৰ্মৰত কাইয়ুম আহমেদ খান ৷ কোনো কাৰণবশতঃ মণিপুৰৰ পৰা তেওঁ শিলচৰলৈ আহিছিল ৷ কিন্তু অবৈধ বাংলাদেশী বুলি সন্দেহত শিলচৰ চহৰৰ চদৰঘাট অঞ্চলৰ পৰা তেওঁক আটক কৰি ৭/৮ জনীয়া এটা দলে বেয়াকৈ মাৰপিট কৰে । পৰৱৰ্তী সময়ত এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত শিলচৰ সদৰ আৰক্ষী উপস্থিত হৈ ভুক্তভোগী লোকজনক উদ্ধাৰ কৰি থানালৈ লৈ যায় ।

দ্বিতীয় ঘটনা : দেওবাৰে কাছাৰত দ্বিতীয়টো ঘটনা সংঘটিত হৈছে বৰাক নৈৰ ওপৰত থকা চদৰঘাট দলঙত । এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক সোপাধৰাৰ সন্দেহত এদল লোকে আটক কৰে । কেৱল আটক কৰাই নহয়, লোকজনক দলঙৰ ওপৰতে থকা এটা বিদ্যুতৰ খুঁটাত বান্ধি এদল লোকে বেয়াকৈ প্ৰহাৰ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মানসিকভাৱে বিকাৰগ্ৰস্ত লোকজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, একেটা দিনতে শিলচৰ চহৰত সংঘটিত এই দুই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’ দুয়োটাতে দুই ভুক্তভোগীক প্ৰহাৰ কৰা লোককেইজনৰ মুখ স্পষ্ট হৈ আছে ৷ এই দুটা ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷ অৱশ্যে বাতৰি লিখা পৰলৈকে লাভ কৰা তথ্য অনুসৰি দুটা ঘটনাৰ লগত জড়িত এজন লোককো আৰক্ষীয়ে আটক কৰা নাই ।

লগতে পঢ়ক : গাখীৰ চোৰ ! মাৰি মাৰি আধা মৰা কৰি কিশোৰক বান্ধি থ’লে খুঁটাত

লগতে পঢ়ক : কোন সঁচা-কোন মিছা ? টকা চুৰিৰ সন্দেহত অষ্টম শ্ৰেণীৰ ছাত্ৰক মাৰপিট কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.