যোৰহাট : গুৰুজনাই বিলাই থৈ যোৱা হৰিনামৰ ধ্বনিৰে মুখৰিত যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । ইমূৰৰ পৰা সিমূৰলৈ ভাঁহি আহিছে গুৰুজনাৰ অমিয়া বাণী, সুৰ, সকলোতে এক ভক্তি ৰসৰ বন্যা । হাজাৰ হাজাৰ ভক্তৰ সমাৱেশেৰে লোকাৰণ্য এৰালতলি পথাৰ ।
আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন । ভক্তি ৰসত বুৰ গৈছে এৰালতলি পথাৰ । ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱসকলে বাহৰ পতা শিৱিৰসমূহত শুনিবলৈ পোৱা গৈছে গুৰুজনাৰ নাম কীৰ্তন । বয়োজেষ্ঠ পৰা আই মাতৃসকলৰ মুখে মুখে হৰিনামৰ প্ৰসংগ । সকলো বিলীন হৈ পৰিছে গুৰুজনাৰ নাম-কীৰ্তনত ।
এৰালতলি পথাৰত স্থাপন কৰা ২০০ টা শিবিৰৰ এটা শিবিৰত হৰিনাম পৰিৱেশন কৰি এগৰাকী জ্যেষ্ঠ মহিলাই কয়, "গুৰুজনাৰ নাম-কীৰ্তন, চৰ্চাই আমাৰ মন শুদ্ধ কৰে । সেয়েহে হৰিনাম বিনে কোনো উপায় নাই আৰু গুৰুজনা কীৰ্তন চৰ্চা কৰোতে বহু অপৰাধ হ'ব পাৰে । সেই অপৰাধসমূহ যাতে খণ্ডন কৰে সেয়া মোৰ প্ৰাৰ্থনা ।"
উল্লেখ্য যে, উত্তৰ-পূবৰ সৰ্ববৃহৎ ধৰ্মীয় আধ্যাত্মিক অনুষ্ঠান হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে বৃহৎ আকাৰ ২০০টা শিবিৰ । নিৰ্মাণ কৰা হৈছে একেলগে এটা সাজত প্ৰায় ১০ হাজৰো অধিক ভক্তই আহাৰ গ্ৰহণ কৰিব পৰা সুবিশাল ভোজানালয় । একেলগে জ্বলিছে ২০০ টা চৌকা । প্ৰতিদিনে লক্ষাধিক ভক্তৰ বাবে প্ৰস্তুত হৈছে খাদ্য ।
যাতে অধিৱেশনলৈ অহা সকলো ভকত-বৈষ্ণৱে সূচাৰুৰূপে আহাৰ গ্ৰহণ কৰিব পাৰে । মাজনিশাৰ পৰাই তৈয়াৰ কৰা হৈছে ৰন্ধনশালত সিদ্ধ । নিশা ২ বজাৰ পৰা অস্থায়ীভাৱে নিৰ্মাণ কৰা বৃহৎ ৰান্ধনীশালত লক্ষ্যাধিক ভকত-বৈষ্ণৱৰ বাবে প্ৰস্তুত কৰা হৈছে খাদ্য । পাচলি কটাই কাটিছে, ৰন্ধাই ৰান্ধিছে, বিলনীয়াই বিলাইছে ।
অধিৱেশনলৈ অহা ভকত-বৈষ্ণৱৰ বাবে দৈনিক এসাঁজ খাদ্যৰ বাবে প্ৰয়োজন ৭ হাজাৰ কিলোগ্ৰাম চাউল, এক হাজাৰ কিলোগ্ৰাম দাইল আৰু প্ৰায় ৩৫০০ কেজি পাচলি । ৰান্ধনী শালত একেলগে ৯০ কেজি দাইল ৰান্ধিবৰ বাবে ব্যৱহাৰ কৰা হৈছে বিশেষ কেৰাহী । অস্থায়ীভাৱে নিৰ্মাণ কৰা ভোজনালয়ত একেলগে দহ হাজাৰ লোকে খাদ্য গ্ৰহণ কৰিছে । নামঘৰ আৰু শিৱিৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ।
১২ বিঘা ভূমিৰ বিশাল ক্ষেত্ৰত ভকত বৈষ্ণৱক সেৱা ধৰিছে ১০ হাজাৰ সেৱক-সেৱিকাই । চাৰিদিনীয়া কাৰ্যসূচীৰে দেওবাৰলৈকে অনুষ্ঠিত হ’ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ সমগ্ৰ যোৰহাটত বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশ ।